--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ বস্তাৰ জিলাত এটা চূণশিলৰ মূধচ খহি সাত জন শ্ৰমিকৰ মৃত্যু ঘটিছে। এতিয়াও বহু কেইকেজন শ্ৰমিক খনিটোৰ ভিতৰত আবদ্ধ হৈ থকা বুলি ধাৰণা কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বস্তাৰৰ জিলাৰ সদৰ জগদলপুৰৰ পৰা ১২ কিলোমিটাৰ দূৰত নাগাৰ্নাৰ আৰক্ষী থানাৰ মালগাওঁৰ ওচৰতচূণসইলৰ  খনিটোত এই দুৰ্ঘটনা ঘটিছে।

এতিয়ালৈকে  সাতজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে। নিহত সকলৰ ভিতৰত ছয়গৰাকী মহিলা শ্ৰমিকো  আছে। স্থানীয় সূত্ৰই  প্ৰকাশ কৰা মতে  আন কেইবাজনো শ্ৰমিক ভিতৰত আৱদ্ধ হৈ আছে।তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে। 

ঘটনাটোৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীত  উপস্থিত হয়। ছত্তীশগড়তচূণশিলৰ খনিত এনে দুৰ্ঘটনা প্ৰায়ে ঘটি আহিছে। শ্ৰমিকসকলে সম্পূৰ্ণ অসুৰক্ষিত পৰিবেশত এনে খনি সমূহত কাম কৰি থাকিবলগীয়া হৈছে। 

আৰক্ষী আৰু উদ্ধাৰকাৰী দলে আৰ্থ মুভাৰ , জেচিবি  ব্যৱহাৰ কৰি  ধ্বংসাৱশেষ আঁতৰৰোৱাৰ কাম আৰম্ভ কৰিছে।

বস্তাৰ জিলা আৰক্ষীয়ে জনোৱা অনুসৰি খননকাৰ্যৰ সময়তে হঠাতে খনিটোৰ এটা অংশ খহি পৰে। ফলত  পাঁচজন লোকক খনিৰ খহি পৰা অংশই  হেঁচা মাৰি ধৰে আৰু তেওঁলোকৰ ঠাইতে মৃত্যু হয়। স্থানীয় লোকে দুজন শ্ৰমিকক  উদ্ধাৰ কৰি  চিকিৎসালয়লৈ নিয়ে যদিও  বাটতে তেওঁলোকৰ মৃত্যু হয়। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক