--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ বস্তাৰ জিলাত এটা চূণশিলৰ মূধচ খহি সাত জন শ্ৰমিকৰ মৃত্যু ঘটিছে। এতিয়াও বহু কেইকেজন শ্ৰমিক খনিটোৰ ভিতৰত আবদ্ধ হৈ থকা বুলি ধাৰণা কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বস্তাৰৰ জিলাৰ সদৰ জগদলপুৰৰ পৰা ১২ কিলোমিটাৰ দূৰত নাগাৰ্নাৰ আৰক্ষী থানাৰ মালগাওঁৰ ওচৰতচূণসইলৰ  খনিটোত এই দুৰ্ঘটনা ঘটিছে।

এতিয়ালৈকে  সাতজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে। নিহত সকলৰ ভিতৰত ছয়গৰাকী মহিলা শ্ৰমিকো  আছে। স্থানীয় সূত্ৰই  প্ৰকাশ কৰা মতে  আন কেইবাজনো শ্ৰমিক ভিতৰত আৱদ্ধ হৈ আছে।তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে। 

ঘটনাটোৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীত  উপস্থিত হয়। ছত্তীশগড়তচূণশিলৰ খনিত এনে দুৰ্ঘটনা প্ৰায়ে ঘটি আহিছে। শ্ৰমিকসকলে সম্পূৰ্ণ অসুৰক্ষিত পৰিবেশত এনে খনি সমূহত কাম কৰি থাকিবলগীয়া হৈছে। 

আৰক্ষী আৰু উদ্ধাৰকাৰী দলে আৰ্থ মুভাৰ , জেচিবি  ব্যৱহাৰ কৰি  ধ্বংসাৱশেষ আঁতৰৰোৱাৰ কাম আৰম্ভ কৰিছে।

বস্তাৰ জিলা আৰক্ষীয়ে জনোৱা অনুসৰি খননকাৰ্যৰ সময়তে হঠাতে খনিটোৰ এটা অংশ খহি পৰে। ফলত  পাঁচজন লোকক খনিৰ খহি পৰা অংশই  হেঁচা মাৰি ধৰে আৰু তেওঁলোকৰ ঠাইতে মৃত্যু হয়। স্থানীয় লোকে দুজন শ্ৰমিকক  উদ্ধাৰ কৰি  চিকিৎসালয়লৈ নিয়ে যদিও  বাটতে তেওঁলোকৰ মৃত্যু হয়। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু