--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নমতা বিয়ালৈ গৈ উদৰ পূৰাই খোৱা লোকৰ সংখ্যা কম নহয়। নমতা বিয়ালৈ গৈ উদৰ পূৰাই খাই ধৰা নপৰাকৈ আহিব পাৰিলোেতো ভালেই কথা। কিন্তু কিবা কাৰণত ধৰা পৰিলে মান-সন্মান যোৱাৰো ভয় থাকে। তেনে এক ঘটনাই ঘটিছে মধ্য প্ৰদেশত। বিয়ালৈ কোনো আমন্ত্ৰণ নোপোৱাকৈয়ে  এজন এমবিএ শিক্ষাৰ্থীয়ে  মধ্য প্ৰদেশৰ এখন বিয়ালৈ গৈছিল আৰু উদৰ পূৰাই  খাইছিল।

জবলপুৰৰ বাসিন্দা ছাত্ৰজনে এমবিএ পঢ়িবলৈ ভূপাললৈ গৈছিল। হঠাতে বিয়া চলি থকা দেখি তেওঁ বিয়া ঘৰলৈ সোমাই যায় আৰু আন অতিথিৰ সৈতে আহাৰ গ্ৰহণ কৰিবলৈ ধৰে। কিন্তু কিবা কথাত বিয়া ঘৰৰ মানুহৰ যুৱ জনৰ ওপৰত সন্দেহ ওপজে আৰু তেওঁ কোন, কিয় আহিছে আদি প্ৰশ্ন কৰিবলৈ ধৰে।যুৱক জনে এম বি এ পঢ়ি থকাৰ কথা কোৱাৰ লগতে বিয়ালৈ তেওঁ নমতাকৈয়ে আহিছে বুলিও কয়।   

এই কথা শুনি বিয়াঘৰৰ মানুহে কয় , "তুমি  এমবিএ পঢ়ি  আছা। তোমাক তোমাৰ পিতৃ-মাতৃয়ে টকা প্ৰেৰণ কৰা নাই নেকি? তুমি জবলপুৰৰ নাম নষ্ট কৰিলা । একে সময়তে তেওঁক এবিয়া ঘৰৰ মানুহে নমতা বিয়ালৈ আহি খোৱাৰ বাবে বাচন-বৰ্তনৰ ধুবলৈ দিয়ে। ছাত্ৰ জনে বাধ্য হৈ বাচন ধুবলৈ আৰম্ভ কৰে। এই দৃশ্য কোনোৱাই মোবাইল ফোনৰ কেমেৰাত বন্দী কৰি ছ’চিয়েল মিডিয়াত ভৈাইৰেল কৰি দিয়ে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে নেটিজেনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

ভিডিঅ'টোকলৈ  বিতৰ্ক আৰম্ভ হৈছে। বহুতে বিয়া ঘৰৰ মানুহৰ  এনে আচৰণ অমানৱীয় বুলি মন্তব্য কৰিছে। বহুলোকে প্ৰশ্ন কৰিছে যে কাৰোবাক এনেদৰে অপমানিত কৰা উচিৎ নে?   তেওঁ নিমন্ত্ৰণ অবিহনে খাদ্য খাইছে যদিও এনে শাস্তি দিয়া উচিৎ নাছিল বুলি বহুতে মন্তব্য কৰিছে। আকৌ বহুতে কৈছে  "হোষ্টেলৰ শিক্ষাৰ্থীসকলৰ বহুতে প্ৰায়ে এনে কাম কৰে। কিন্তু সেইবাবেই  কাকো এনেদৰে অপমান কৰিব নোৱাৰি।" 

এজন নেটিজেনে কয় যে ছাত্ৰ জনক  বাচন ধুবলৈ দিয়া হৈছিল। গোটেই ঘটনাটো চিত্ৰগ্ৰহণ কৰা হৈছিল, তেওঁক  উপহাস কৰা হৈছিল। এনে কৰা উচিৎ নাছিল। ভাইৰেল ভিডিঅ'টোত, শিক্ষাৰ্থীজনক বিষণ্ণ মনেৰে বাচন ধোৱা দেখা যায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক