--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নমতা বিয়ালৈ গৈ উদৰ পূৰাই খোৱা লোকৰ সংখ্যা কম নহয়। নমতা বিয়ালৈ গৈ উদৰ পূৰাই খাই ধৰা নপৰাকৈ আহিব পাৰিলোেতো ভালেই কথা। কিন্তু কিবা কাৰণত ধৰা পৰিলে মান-সন্মান যোৱাৰো ভয় থাকে। তেনে এক ঘটনাই ঘটিছে মধ্য প্ৰদেশত। বিয়ালৈ কোনো আমন্ত্ৰণ নোপোৱাকৈয়ে  এজন এমবিএ শিক্ষাৰ্থীয়ে  মধ্য প্ৰদেশৰ এখন বিয়ালৈ গৈছিল আৰু উদৰ পূৰাই  খাইছিল।

জবলপুৰৰ বাসিন্দা ছাত্ৰজনে এমবিএ পঢ়িবলৈ ভূপাললৈ গৈছিল। হঠাতে বিয়া চলি থকা দেখি তেওঁ বিয়া ঘৰলৈ সোমাই যায় আৰু আন অতিথিৰ সৈতে আহাৰ গ্ৰহণ কৰিবলৈ ধৰে। কিন্তু কিবা কথাত বিয়া ঘৰৰ মানুহৰ যুৱ জনৰ ওপৰত সন্দেহ ওপজে আৰু তেওঁ কোন, কিয় আহিছে আদি প্ৰশ্ন কৰিবলৈ ধৰে।যুৱক জনে এম বি এ পঢ়ি থকাৰ কথা কোৱাৰ লগতে বিয়ালৈ তেওঁ নমতাকৈয়ে আহিছে বুলিও কয়।   

এই কথা শুনি বিয়াঘৰৰ মানুহে কয় , "তুমি  এমবিএ পঢ়ি  আছা। তোমাক তোমাৰ পিতৃ-মাতৃয়ে টকা প্ৰেৰণ কৰা নাই নেকি? তুমি জবলপুৰৰ নাম নষ্ট কৰিলা । একে সময়তে তেওঁক এবিয়া ঘৰৰ মানুহে নমতা বিয়ালৈ আহি খোৱাৰ বাবে বাচন-বৰ্তনৰ ধুবলৈ দিয়ে। ছাত্ৰ জনে বাধ্য হৈ বাচন ধুবলৈ আৰম্ভ কৰে। এই দৃশ্য কোনোৱাই মোবাইল ফোনৰ কেমেৰাত বন্দী কৰি ছ’চিয়েল মিডিয়াত ভৈাইৰেল কৰি দিয়ে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে নেটিজেনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

ভিডিঅ'টোকলৈ  বিতৰ্ক আৰম্ভ হৈছে। বহুতে বিয়া ঘৰৰ মানুহৰ  এনে আচৰণ অমানৱীয় বুলি মন্তব্য কৰিছে। বহুলোকে প্ৰশ্ন কৰিছে যে কাৰোবাক এনেদৰে অপমানিত কৰা উচিৎ নে?   তেওঁ নিমন্ত্ৰণ অবিহনে খাদ্য খাইছে যদিও এনে শাস্তি দিয়া উচিৎ নাছিল বুলি বহুতে মন্তব্য কৰিছে। আকৌ বহুতে কৈছে  "হোষ্টেলৰ শিক্ষাৰ্থীসকলৰ বহুতে প্ৰায়ে এনে কাম কৰে। কিন্তু সেইবাবেই  কাকো এনেদৰে অপমান কৰিব নোৱাৰি।" 

এজন নেটিজেনে কয় যে ছাত্ৰ জনক  বাচন ধুবলৈ দিয়া হৈছিল। গোটেই ঘটনাটো চিত্ৰগ্ৰহণ কৰা হৈছিল, তেওঁক  উপহাস কৰা হৈছিল। এনে কৰা উচিৎ নাছিল। ভাইৰেল ভিডিঅ'টোত, শিক্ষাৰ্থীজনক বিষণ্ণ মনেৰে বাচন ধোৱা দেখা যায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু