--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঁঠাল বহুতৰে প্ৰিয় ফল। বতৰৰ ফল কঁঠাল পুষ্টিগুণেৰে সমৃদ্ধ। কঁঠালত আছে কৰ্কট ৰোগ প্ৰতিৰোধী নানান উপাদান। কঁঠাল হৈছে এনে এবিধ ফল যিবিধ ফল বিশ্বৰ প্ৰায়ভাগ দেশতে উৎপাদন হয়। বিশেষকৈ গ্ৰীষ্মপ্ৰধান দেশত কঁঠাল বেছি পৰিমাণে উৎপাদন হয়। বিশ্বৰ কোটি কোটি মানুহৰ প্ৰিয় ফলৰ ভিতৰত কঁঠাল অন্যতম। 

কেৱল ফল বিধেই নহয়, কঁঠালৰ গুটিও বহুতৰে বাবে প্ৰিয় খাদ্য। ফল-মূলৰ নামত আমি বেছি সময়তেই বাচি লওঁ বাণিজ্যিকভাৱে উৎপাদিত আপেল, আঙুৰ আদি। কঁঠালকে ধৰি স্থানীয়ভাবে পোৱা ফল-মূলক আমাৰ মাজৰে বহুতেই গুৰুত্ব নিদিয়াও পৰিলক্ষিত হয়। কিন্তু বাহিৰৰ পৰা অহা ফলত কৈ কঁঠালত থকা পুষ্টিগুণ বহু বেছি।

কঁঠালগুটি বহুতৰে বাবে অৱহেলিত  যদিও কঁঠালগুটিৰ আছে বহু গুণ।এক কথা  কঁঠালগুটিক ভাৰতীয় চুপাৰফুদ (বিভিন্ন পুষ্টি উপাদানৰ অধিক পৰিমাণে থকা)বুলিও ক'ব পাৰি । স্থানীয় খাদ্য এনেয়ো সেই ঠাইৰ জলবায়ুত বাস কৰা জীৱ-অনুকূল হয়।

গৱেষণাই প্ৰমাণ কৰিছে যে কঁঠাল গুটিয়ে শৰীৰৰ বৃদ্ধিৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এমিন’ এচিদৰ যোগান অব্যাহত ৰাখে।

তাৰোপৰি, অতি প্ৰয়োজনীয় ভিটামিনবোৰ, ফাইবাৰ (আঁহ) আৰু মিনাৰেলসমূহ (খনিজ পদাৰ্থ)ৰ যোগান পূৰামাত্ৰাই ধৰিব পাৰে কঁঠালগুটিয়ে।

কঁঠালগুটিত পলিফেনল থাকে, যি আপোনাক দিব পাৰে বয়সৰ চাপহীন ছাল আৰু শালমইনাৰ দৰে ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ। তাত মেংগানিজ আৰু মেগনেছিয়াম থাকে যি আন বহুটো দিশত উপকাৰী হোৱাৰ লগতে হাঁড় মজবুত কৰাত সহায় কৰে। 

ইয়াত জিংক আৰু আন মাইক্ৰ’ মিনাৰেলো থাকে যি উৰ্বৰতা বৃদ্ধি কৰে আৰু হৰম’নজনিত সমতা ৰক্ষাত ৰক্ষাত সহায় কৰে। ফাইবাৰ, ৰাইব’ফ্লেবিন আৰু  ভিটামিন বি প্ৰফাইল (ভিটামিন বিৰ পৃথক গোটবোৰ) সমৃদ্ধ  কঁঠালগুটিয়ে  ৰক্তচাপ আৰু তেজৰ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণ ৰখাৰ লগতে পেটৰ প্ৰদাহ (ইনফ্লেমে’চন) কমোৱাত সহায় কৰে। হৃদযন্ত্ৰ স্বাস্থ্য ৰক্ষাটো ই সহায় কৰে, কাৰণ ই  কলেষ্টেৰল কমোৱাত সহায় কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ