--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি সমগ্ৰ ভাৰততে গৰমৰ মাত্ৰা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত নিজকে হাইড্ৰেট কৰি ৰখাৰ আটাইতকৈ উত্তম আৰু সহজ উপায় হ’ল আমি নিয়মীয়াকৈ পানী খাই থকাটো। আধাৰ পৰা এক লিটাৰ পানীয়েই পিয়াহ নিবাৰণৰ বাবে যথেষ্ট। কেতিয়াবা পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ পাছতো পিয়াহ নপলায়। দেহত কিছুমান সমস্যা থাকিলে এনে হয়।

কিছুমান মানুহৰ কিয় বেছি পিয়াহ লাগে?

আপুনি নিশ্চয় দেখিছে যে বহুতে পিয়াহ নিবাৰণৰ বাবে বহু গিলাচ পানী খায়, বা ঠাণ্ডা ৰস আৰু শীতল পানীয় সেৱন কৰে, তাৰপাছতো ডিঙিটো সকলো সময়তে শুকান অনুভৱ হয়, এনে পৰিস্থিতিক সহজভাৱে ল’ব নালাগে। সহজভাৱে ল’লে হ’ব পাৰে বিপদ। ইয়াৰ আঁৰৰ কাৰণ কি হ’ব পাৰে জানো আহক

১) ডিহাইড্ৰেছনঃ যদি ইতিমধ্যে শৰীৰত পানীৰ যথেষ্ট অভাৱ হৈছে, তেন্তে এগিলাচ বা দুগিলাচ পানী খালে পিয়াহ নপলায়। ডিহাইড্ৰেছন হ’লে শৰীৰৰ বহু সমস্যা হয়। সেয়েহে ডিঙিটো অলপ অলপকৈ তিয়াই থাকিব লাগে।

২) শুকান মুখঃ বহুতৰ মুখত উপযুক্ত পৰিমাণৰ লেলাউটি তৈয়াৰ নহয় যাৰ বাবে মুখ শুকান অনুভৱ হয় আৰু বাৰে বাৰে পানী খোৱাৰ পাছতো পিয়াহ নপলায়।

৩) ডায়েবেটিছঃ এইটো এনেকুৱা এটা ৰোগ যিটোক বহু ৰোগৰ মূল বুলি কোৱা হয়। ডায়েবেটিছ ৰোগীৰ এটা প্ৰধান সমস্যা হ’ল তেওঁলোকে অত্যধিক পিয়াহ অনুভৱ কৰে।

৪) খাদ্যাভ্যাসঃ যদি আপুনি জাংক ফুড খাই থাকে বা বেছিকৈ জ্বলা আৰু টেঙা খাদ্য খাই থাকে তেন্তে বাৰে বাৰে পিয়াহ অনুভৱ কৰাটো নিশ্চিত।

৫) ৰক্তহীনতা বা এনিমিয়াঃ শৰীৰত তেজৰ অভাৱ হোৱাটোক ৰক্তহীনতা বোলে। এই অৱস্থাত শৰীৰত ৰক্তকণিকাৰ অভাৱ হয়, যাৰ বাবে বাৰে বাৰে পানী খোৱাৰ পিছতো পিয়াহ বন্ধ নহয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু