--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি সমগ্ৰ ভাৰততে গৰমৰ মাত্ৰা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত নিজকে হাইড্ৰেট কৰি ৰখাৰ আটাইতকৈ উত্তম আৰু সহজ উপায় হ’ল আমি নিয়মীয়াকৈ পানী খাই থকাটো। আধাৰ পৰা এক লিটাৰ পানীয়েই পিয়াহ নিবাৰণৰ বাবে যথেষ্ট। কেতিয়াবা পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ পাছতো পিয়াহ নপলায়। দেহত কিছুমান সমস্যা থাকিলে এনে হয়।

কিছুমান মানুহৰ কিয় বেছি পিয়াহ লাগে?

আপুনি নিশ্চয় দেখিছে যে বহুতে পিয়াহ নিবাৰণৰ বাবে বহু গিলাচ পানী খায়, বা ঠাণ্ডা ৰস আৰু শীতল পানীয় সেৱন কৰে, তাৰপাছতো ডিঙিটো সকলো সময়তে শুকান অনুভৱ হয়, এনে পৰিস্থিতিক সহজভাৱে ল’ব নালাগে। সহজভাৱে ল’লে হ’ব পাৰে বিপদ। ইয়াৰ আঁৰৰ কাৰণ কি হ’ব পাৰে জানো আহক

১) ডিহাইড্ৰেছনঃ যদি ইতিমধ্যে শৰীৰত পানীৰ যথেষ্ট অভাৱ হৈছে, তেন্তে এগিলাচ বা দুগিলাচ পানী খালে পিয়াহ নপলায়। ডিহাইড্ৰেছন হ’লে শৰীৰৰ বহু সমস্যা হয়। সেয়েহে ডিঙিটো অলপ অলপকৈ তিয়াই থাকিব লাগে।

২) শুকান মুখঃ বহুতৰ মুখত উপযুক্ত পৰিমাণৰ লেলাউটি তৈয়াৰ নহয় যাৰ বাবে মুখ শুকান অনুভৱ হয় আৰু বাৰে বাৰে পানী খোৱাৰ পাছতো পিয়াহ নপলায়।

৩) ডায়েবেটিছঃ এইটো এনেকুৱা এটা ৰোগ যিটোক বহু ৰোগৰ মূল বুলি কোৱা হয়। ডায়েবেটিছ ৰোগীৰ এটা প্ৰধান সমস্যা হ’ল তেওঁলোকে অত্যধিক পিয়াহ অনুভৱ কৰে।

৪) খাদ্যাভ্যাসঃ যদি আপুনি জাংক ফুড খাই থাকে বা বেছিকৈ জ্বলা আৰু টেঙা খাদ্য খাই থাকে তেন্তে বাৰে বাৰে পিয়াহ অনুভৱ কৰাটো নিশ্চিত।

৫) ৰক্তহীনতা বা এনিমিয়াঃ শৰীৰত তেজৰ অভাৱ হোৱাটোক ৰক্তহীনতা বোলে। এই অৱস্থাত শৰীৰত ৰক্তকণিকাৰ অভাৱ হয়, যাৰ বাবে বাৰে বাৰে পানী খোৱাৰ পিছতো পিয়াহ বন্ধ নহয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক