--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুট(Gram) হৈছে উচ্চ প্ৰ'টিন সমৃদ্ধ খাদ্য। বুট আমাৰ সকলোৰে পৰিচিত এক খাদ্য সামগ্ৰী। মাংগলিক কাৰ্যতো বুটৰ গুৰুত্ব সৰ্বাধিক। বুট কেঁচাই, ভাজি, বইল কৰি, চাটনি বনাই খোৱা হয়। বুটৰ ঘুগুণী খাবলৈও বৰ ভাল। কেঁচা বুট তিয়াই কেঁচা আদাৰ সৈতে খোৱাৰ ফলত শৰীৰত এণ্টিবায়টিক সৃষ্টি হয় আৰু এই এণ্টিবায়টিকে যিকোনো ৰোগৰ সৈতে যুঁজ দিয়ে। বুটৰ পানীও বহুতো মানুহে খায়। ইয়াৰো বহুত লাভালাভ আছে। বুট হৈছে এক পুষ্টিকৰ খাদ্য। বুট মলিবেডনেম আৰু মেঙ্গানিজৰ এক আশ্চৰ্যকৰ উৎস। বুটমাহত যথেষ্ট পৰিমাণৰ ফ'লেট আৰু খাদ্য আঁহৰ লগতে ট্ৰিপ্টিওফান, কপাৰ, ফছফৰাছ আৰু আইৰণ থাকে।


বুটৰ উপকাৰিতাৰ বিষয়ে জানো আহক 

১) বুটে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰত শক্তি বৃদ্ধি কৰে।

২)বুটে বদ হজম প্ৰতিৰোধ কৰে।

৩)পায়খানা পৰিষ্কাৰ নহ’লে বুট বটি তাত লোণ দি খালে উপকাৰ হয়।

৪)বুটে ৰক্তপিত্ত ৰোগ নাশ কৰে।

৫)তেজ বমি বা নাকে মুখে তেজ যোৱা ৰোগত বুট বইল কৰি খাওক।

৬)শ্বাস-প্ৰশ্বাসৰ সমস্যা দূৰ কৰে।

৭)দাঁতৰ পাৰি ফুলিলে বুট সিজাই সেই পানীৰে মুখ কুলি কুলি কৰিলে বিষ কমিব।

৮)বুট পানীত তিয়াই ৰাখি পিছদিনা খালে শৰীৰৰ দুৰ্বলতাৰ ভাৱ দূৰ হয় লগতে খোজ কঢ়াৰ শক্তি অধিক বৃদ্ধি হয় ।

৯)বুটে খাদ্য নলীত থকা ক্ষতিকাৰক জীবাণু নাশ কৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

১০)যৌনশক্তি বৃদ্ধি কৰাত বুটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১১)হাত-ভৰি জ্বলাপুৰা কমোৱাত বুটে সহায় কৰে ।

১২)গোটেই ৰাতি বুট তিয়াই ৰাখি ৰাতিপুৱা খালি পেটত খালে কৃমি মৰি যায় ।

১৩)ৰাতি তিয়াই ৰখা বুট সদায় ৰাতিপুৱা খালী পেটত গুড়ৰ লগত খালে ক্ষীণ শৰীৰ শকত হয় আৰু সৰু লৰা ছোৱালীৰ শৰীৰৰ উচ্চতা বাঢ়ে। 

১৪)জুইয়ে পুৰিলে বুট পিহি দৈৰ লগত মিহলাই মলমৰ দৰে লগাব লাগে। 

১৫)তেজৰ দোষ, খৰ খজুৱতি আদি হৈ থাকিলে, ২মাহ মান সদায় বুটৰ আটাৰ ৰুটি নিমখ নোহোৱাকৈ খাব লাগে। 

১৬)মূৰৰ বিষ হলে কেচাঁ বুটৰ ৰস খাব লাগে। 

১৭)চৰ্দিত গৰম বুট ৰুমালত বান্ধি শুঙিলে আৰাম পোৱা যায়। 

১৮)বহুত আৰু সঘনে ভোক লাগি থকা ৰোগত বুট এৰাতি তিয়াই পুৱা পানীখিনি খাব লাগে। 

১৯)বুট তিয়োৱা পানী খালে বমি বন্ধ হয়।

২০)বুটমাহৰ পৰা শৰীৰত অপ্ৰয়োজনীয় কলেষ্টেৰল হ্ৰাস হয়। 

গতিকে আহক সহজতে উপলব্ধ বুট খাই আমি নিজৰ স্বাস্থ্যক উন্নত আৰু শক্তিশালী কৰি ৰাখো।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement