--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত এটা ‘ৰহস্যময় জন্তু’ও অতিথি আছিল নেকি? নেটিজেনৰ মাজত হোৱা জল্পনা-কল্পনাৰ মাজতে দিল্লী পুলিচে ইয়াৰ উত্তৰ দিছে। সোমবাৰে নিশা দিল্লী আৰক্ষীয়ে তেওঁলোকৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত কয় যে এই ‘ৰহস্যময় জন্তু’টো ঘৰৰ আশে-পাশে থকা এটা সাধাৰণ মেকুৰীৰ বাহিৰে আন একো নহয়।

দিল্লী আৰক্ষীয়ে তেওঁলোকৰ এক্স-মেইলযোগে লিখিছে, ‘এটা জন্তুৰ ছবিৰ সৈতে একাংশ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াই কৈছে, ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণৰ সময়ত এটা হিংস্ৰ জন্তু দেখা গ’ল। কিন্তু এই তথ্য শুদ্ধ নহয়। ওলোৱা ছবিখন মেকুৰীৰ।” 

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত থকা দিল্লী আৰক্ষীয়েও এনে উৰাবাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।

দেওবাৰে নিশাৰ পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মোডীৰ শপতগ্ৰহণৰ কেইবাটাও ভিডিঅ’। সেই ভিডিঅ’বোৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ‘ৰহস্যময়’ জন্তুটোৱে! নেটিজেনৰ মাজত আৰম্ভ হ’ল জন্তুটো নাহৰফুটুকী নে মেকুৰী, সেই লৈ তীব্ৰ আলোচনা। মাত্ৰ কেইছেকেণ্ডমানৰ ভিডিঅ'টোত ধৰা পৰিছিল ‘অচিনাকি’ অতিথিজন। অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে এই বিষয়ে কোনো নিজা মন্তব্য দিয়া নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু