--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চণ্ডীগড়ৰ বিমানবন্দৰত হিমাচল প্ৰদেশৰ মাণ্ডীৰ সমষ্টিৰ পৰা  নৱনিৰ্বাচিত সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱটক  চৰ মাৰি চৰ্চালৈ অহা  চিআইএছএফৰ মহিলা জোৱান কুলৱিন্দৰ কৌৰৰ সমৰ্থনত এতিয়া বহু লোক ওলাই আহিছে।ইতিমধ্যে কুলৱিন্দৰ কৌৰক গ্ৰেপ্তাৰ কৰা হৈছে। কুলৱিন্দৰ কৌৰৰ  এই কাণ্ডক বহুতে সমালোচনা কৰিছে, আনহাতে কুলৱিন্দৰক আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক মুক্তিৰ বাবে বহুতে সমদলো কৰা হৈছে। এতিয়া থানথাই পেৰিয়াৰ দ্ৰাবিদাৰ কাঝাগম (টিপিডিকে) দলে কুলৱিন্দৰ কৌৰৰ বাবে এটা সোণৰ আঙঠি পঠোৱাৰ সিদ্ধান্ত লৈছে। পেৰিয়াৰৰ ফটোও এই আঙঠিটোৰ লগত সংলগ্ন কৰা হ’ব।

শনিবাৰে টিপিডিকেৰ সাধাৰণ সম্পাদক কে ইউ ৰামকৃষ্ণনে কয় - আমি ৮ গ্ৰাম ওজনৰ সোণৰ আঙঠি এটা প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছো। আমি বিচাৰো কৃষকৰ বাবে সাহসেৰে থিয় দিয়া মহিলাগৰাকীক সন্মান জনোৱা হওক। উল্লেখ্য কংগনাই প্ৰতিবাদী  কৃষকসকলক উদ্দেশ্যি অপমানজনক শব্দ ব্যৱহাৰ কৰিছিল বাবেই  কুলৱিন্দৰে তেওঁক সুবিধা পাই চৰ মাৰিছিল। কুলৱিন্দৰ কৌৰৰ মাতৃয়েও কৃষকৰ  ধৰ্মঘটত বহিছিল।

ৰামকৃষ্ণনে ক'লে, আমি আঙঠিটো কুলৱিন্দৰ কৌৰৰ ঘৰৰ ঠিকনালৈ পঠাম। যদি তেওঁ  কুৰিয়ৰ গ্ৰহণ নকৰে তেন্তে আমি আমাৰ এজন সদস্যক তেওঁৰ  ঘৰলৈ পঠিয়াম। আমাৰ এজন সদস্যই  তেওঁৰ ঘৰলৈ যাব আৰু পেৰিয়াৰৰ কিতাপ কেইখনমানো উপহাৰ দিব। ইপিনে চৰ কাণ্ডৰ তদন্ত কৰিবলৈ মোহলী আৰক্ষীয়ে গঠন কৰিছে তিনিজনীয়া এছ আই টি। এই দলটোৱে এছ পি চিটি হৰবীৰ সিং আটৱালৰ নেতৃত্বত তদন্ত কৰিব।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সোমবাৰে কৈছিল যে চিআইএছএফৰ জোৱান কুলৱিন্দৰ কৌৰে হয়তো খঙত কংগনাক চৰ মাৰিছিল। কিন্তু এয়া সমৰ্থনযোগ্য কথা নহয় বুলিও তেওঁ মন্তব্য কৰিছিল।  বহুতেই আকৌ  কুলৱিন্দৰ কৌৰক সাহসী আৰু বীৰাংগনা বুলি কৈছে। পঞ্জাৱৰ কোনো কোনো ঠাইত কুলৱিন্দৰ কৌৰৰ সপক্ষে লাড়ুও বিতৰণ কৰা হৈছে। কৃষক সংগঠনসমূহেও কুলৱিন্দৰ কৌৰক সন্মান জনোৱাৰ কথা ঘোষণা কৰিছে।  ৭ জুনত কংগনা ৰানাৱটে দিল্লীলৈ যাবলৈ চণ্ডীগড় বিমানবন্দৰত উপস্থিত  হোৱাৰ পিছতে বিমান বন্দৰ  নিৰাপত্তাৰ বাবে নিয়োজিত চিআইএছএফৰ কনিষ্টবল কুলৱিন্দৰ কৌৰে তেওঁক  চৰ মাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু