--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চণ্ডীগড়ৰ বিমানবন্দৰত হিমাচল প্ৰদেশৰ মাণ্ডীৰ সমষ্টিৰ পৰা  নৱনিৰ্বাচিত সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱটক  চৰ মাৰি চৰ্চালৈ অহা  চিআইএছএফৰ মহিলা জোৱান কুলৱিন্দৰ কৌৰৰ সমৰ্থনত এতিয়া বহু লোক ওলাই আহিছে।ইতিমধ্যে কুলৱিন্দৰ কৌৰক গ্ৰেপ্তাৰ কৰা হৈছে। কুলৱিন্দৰ কৌৰৰ  এই কাণ্ডক বহুতে সমালোচনা কৰিছে, আনহাতে কুলৱিন্দৰক আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক মুক্তিৰ বাবে বহুতে সমদলো কৰা হৈছে। এতিয়া থানথাই পেৰিয়াৰ দ্ৰাবিদাৰ কাঝাগম (টিপিডিকে) দলে কুলৱিন্দৰ কৌৰৰ বাবে এটা সোণৰ আঙঠি পঠোৱাৰ সিদ্ধান্ত লৈছে। পেৰিয়াৰৰ ফটোও এই আঙঠিটোৰ লগত সংলগ্ন কৰা হ’ব।

শনিবাৰে টিপিডিকেৰ সাধাৰণ সম্পাদক কে ইউ ৰামকৃষ্ণনে কয় - আমি ৮ গ্ৰাম ওজনৰ সোণৰ আঙঠি এটা প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছো। আমি বিচাৰো কৃষকৰ বাবে সাহসেৰে থিয় দিয়া মহিলাগৰাকীক সন্মান জনোৱা হওক। উল্লেখ্য কংগনাই প্ৰতিবাদী  কৃষকসকলক উদ্দেশ্যি অপমানজনক শব্দ ব্যৱহাৰ কৰিছিল বাবেই  কুলৱিন্দৰে তেওঁক সুবিধা পাই চৰ মাৰিছিল। কুলৱিন্দৰ কৌৰৰ মাতৃয়েও কৃষকৰ  ধৰ্মঘটত বহিছিল।

ৰামকৃষ্ণনে ক'লে, আমি আঙঠিটো কুলৱিন্দৰ কৌৰৰ ঘৰৰ ঠিকনালৈ পঠাম। যদি তেওঁ  কুৰিয়ৰ গ্ৰহণ নকৰে তেন্তে আমি আমাৰ এজন সদস্যক তেওঁৰ  ঘৰলৈ পঠিয়াম। আমাৰ এজন সদস্যই  তেওঁৰ ঘৰলৈ যাব আৰু পেৰিয়াৰৰ কিতাপ কেইখনমানো উপহাৰ দিব। ইপিনে চৰ কাণ্ডৰ তদন্ত কৰিবলৈ মোহলী আৰক্ষীয়ে গঠন কৰিছে তিনিজনীয়া এছ আই টি। এই দলটোৱে এছ পি চিটি হৰবীৰ সিং আটৱালৰ নেতৃত্বত তদন্ত কৰিব।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সোমবাৰে কৈছিল যে চিআইএছএফৰ জোৱান কুলৱিন্দৰ কৌৰে হয়তো খঙত কংগনাক চৰ মাৰিছিল। কিন্তু এয়া সমৰ্থনযোগ্য কথা নহয় বুলিও তেওঁ মন্তব্য কৰিছিল।  বহুতেই আকৌ  কুলৱিন্দৰ কৌৰক সাহসী আৰু বীৰাংগনা বুলি কৈছে। পঞ্জাৱৰ কোনো কোনো ঠাইত কুলৱিন্দৰ কৌৰৰ সপক্ষে লাড়ুও বিতৰণ কৰা হৈছে। কৃষক সংগঠনসমূহেও কুলৱিন্দৰ কৌৰক সন্মান জনোৱাৰ কথা ঘোষণা কৰিছে।  ৭ জুনত কংগনা ৰানাৱটে দিল্লীলৈ যাবলৈ চণ্ডীগড় বিমানবন্দৰত উপস্থিত  হোৱাৰ পিছতে বিমান বন্দৰ  নিৰাপত্তাৰ বাবে নিয়োজিত চিআইএছএফৰ কনিষ্টবল কুলৱিন্দৰ কৌৰে তেওঁক  চৰ মাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement