--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জবা ফুল অসমৰ এবিধ থলুৱা ফুল। অসমীয়া মানুহৰ ফুলৰ বাগিচাত এইবিধ ফুলে শুৱনি কৰি ৰাখে। জবা ফুল খুব সহজতে গজা এবিধ গছ। জবা ফুলক আছে বহু উপকাৰী গুণ। জবা ফুল বহু প্ৰকাৰৰ বা ৰঙৰ আছে তাৰে ভিতৰত ৰঙা জবা ৰক্ত জবা বেছিকৈ উপকাৰী। ৰঙা জবা এবিধ প্ৰসিদ্ধ ফুল। ইয়াক সকলোৱে চিনি পায়।

জানো আহক জবা ফুলেৰে কিদৰে উপকাৰ সাধন কৰিব পাৰি।   

১) যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে জবা ফুল পিছি ৰস উলিয়াই খালি পেটত খালে ১৫ পৰা এমাহলে ব্যৱহাৰ কৰিলে সম্পূৰ্ণ ৰূপে ফলাফল লাভ কৰিব।

২) মহিলাৰ মাহেকীয়া হলে যদি বিষ অনুভৱ হয় তেন্তে ৰাতিপুৱা খালি পেটত ৪/৫ পাহ মান জবা ফুল পিছি ৰস উলিয়াই নিয়মিতভাৱে খালে ভাল পাব। যথেষ্ট আৰাম অনুভৱ কৰিব ।

৩) শৰীৰৰ বাবে অনুপযোগী কলেষ্টৰল বঢ়িলে ৰাতিপুৱা খালী পেটত জবা ফুলৰ পাহ চোৱাই খাব পাৰে বা ৰস গাখীৰৰ লগত মিহলাই খালে ফলাফল লাভ কৰিব

৪) জবা ফুল পিছি নাৰিকল তেলৰ লগত মিহলাই সানিলে চুলি উজ্জল আৰু ক’লা হয় ।

৫) যদি আপোনাৰ চুলি সোনকালে পকিছে বা সৰে তেনেহলে এমাহ জবা ফুলৰ ৰস আৰু আমলখিৰ ৰস সানিলে খুব সোনকালেই ফলাফল লাভ কৰিব ।

৬) ই উষ্ণবীৰ্য, কফ, বায়ুনাশক, ইন্দ্ৰলুপ্ত (টাক পৰা) ৰোগত হিতাকাৰক। 

৭) কৃমি নাশক আৰু বমনকাৰক। 

৮) জবাফুলৰ পাতে প্ৰস্ৰাৱৰ সমস্যা ঠিক কৰে।

৯) জৰায়ুৰ ক্ৰিয়া জবা ফুলে ভাল কৰে। 

১০) বহুদিন মাহেকীয়া নহ’লেও ইয়াক খালে ভাল ফল পোৱা যায়।

১১)জাবাফুল এক প্ৰাকৃতিক স্ক্ৰাবাৰ৷ এই ফুলে ছালৰ মৃত কোষবোৰ উজ্জ্বল কৰি তোলে৷ বয়সৰ দাগ আঁতৰাই ছালখন উজ্জ্বল জীৱন্ত ৰূপ কৰে৷ ।

গতিকে ৰঙা জবাৰ উপকাৰিতা গ্ৰহণ কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ