--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ব্ৰাহ্মণ সমাজক কৰা অপমানক লৈ গৰজি উঠিছে এজন বিজেপি নেতা। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জীতন ৰাম মাঞ্জিয়ে ব্ৰাহ্মণ সম্পৰ্কে অপমানসূচক মন্তব্য আগবঢ়োৱা বাবে ৰাজ্যখনৰ বিজেপি নেতা গজেন্দ্ৰ ঝায়ে নেতাগৰাকীৰ জিভা কটাৰ বিনিময়ত ১১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে। ইয়াকে লৈ এতিয়া গৰম হৈ উঠিছে বিহাৰৰ ৰাজনৈতিক বাতাবৰণ।

২০১৪-২০১৫ত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা হিন্দুস্তানী আৱাম মৰ্চাৰ নেতা জীতন ৰাম মাঞ্জিয়ে ব্ৰাহ্মণ সম্পৰ্কে অপমানসূচক মন্তব্য আগবঢ়োৱা বাবে ইতিমধ্যে ক্ষমা বিচাৰিছে। কিন্তু ইমানতে ক্ষান্ত নাথাকি গজেন্দ্ৰ ঝায়ে নেতাগৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি লোৱা পৰিলক্ষিত হৈছে। ব্ৰাহ্মণক লৈ বিতৰ্কিত মন্তব্য কৰা জীতন ৰাম মাঞ্জিৰ বিৰুদ্ধে বিহাৰৰ ন্যায়ালয় আৰু আৰক্ষী চকীত অভিযোগ দাখিল কৰা হয়। তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰৱল দাবী উত্থাপিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি বিহাৰৰ বিজেপি নেতা গজেন্দ্ৰ ঝাই এক বিতৰ্কিত মন্তব্য আগবঢ়ায়। মাঞ্জিক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে, যিজন ব্ৰাহ্মণ ল'ৰাই মাঞ্জিৰ জিভা কাটিব পাৰিব তেওঁক ১১ লাখ টকাৰ পুৰষ্কাৰ প্ৰদান কৰা হ'ব। ঝাৰ এনে মন্তব্যৰ পাছতেই হিন্দুস্তানী আৱাম মৰ্চাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

গজেন্দ্ৰ ঝাৰ মন্তব্যৰ পাছতেই এতিয়া বিহাৰত হিন্দুস্তানী আৱাম মৰ্চা আৰু বিজেপি নেতাৰ মাজত তুমুল বাক্যবাণ চলিছে। হিন্দুস্তানী আৱাম মৰ্চাৰ নেতাই সকীয়নিও দিয়ে গজেন্দ্ৰ ঝাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক