--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ব্ৰাহ্মণ সমাজক কৰা অপমানক লৈ গৰজি উঠিছে এজন বিজেপি নেতা। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জীতন ৰাম মাঞ্জিয়ে ব্ৰাহ্মণ সম্পৰ্কে অপমানসূচক মন্তব্য আগবঢ়োৱা বাবে ৰাজ্যখনৰ বিজেপি নেতা গজেন্দ্ৰ ঝায়ে নেতাগৰাকীৰ জিভা কটাৰ বিনিময়ত ১১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে। ইয়াকে লৈ এতিয়া গৰম হৈ উঠিছে বিহাৰৰ ৰাজনৈতিক বাতাবৰণ।

২০১৪-২০১৫ত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা হিন্দুস্তানী আৱাম মৰ্চাৰ নেতা জীতন ৰাম মাঞ্জিয়ে ব্ৰাহ্মণ সম্পৰ্কে অপমানসূচক মন্তব্য আগবঢ়োৱা বাবে ইতিমধ্যে ক্ষমা বিচাৰিছে। কিন্তু ইমানতে ক্ষান্ত নাথাকি গজেন্দ্ৰ ঝায়ে নেতাগৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি লোৱা পৰিলক্ষিত হৈছে। ব্ৰাহ্মণক লৈ বিতৰ্কিত মন্তব্য কৰা জীতন ৰাম মাঞ্জিৰ বিৰুদ্ধে বিহাৰৰ ন্যায়ালয় আৰু আৰক্ষী চকীত অভিযোগ দাখিল কৰা হয়। তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰৱল দাবী উত্থাপিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি বিহাৰৰ বিজেপি নেতা গজেন্দ্ৰ ঝাই এক বিতৰ্কিত মন্তব্য আগবঢ়ায়। মাঞ্জিক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে, যিজন ব্ৰাহ্মণ ল'ৰাই মাঞ্জিৰ জিভা কাটিব পাৰিব তেওঁক ১১ লাখ টকাৰ পুৰষ্কাৰ প্ৰদান কৰা হ'ব। ঝাৰ এনে মন্তব্যৰ পাছতেই হিন্দুস্তানী আৱাম মৰ্চাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

গজেন্দ্ৰ ঝাৰ মন্তব্যৰ পাছতেই এতিয়া বিহাৰত হিন্দুস্তানী আৱাম মৰ্চা আৰু বিজেপি নেতাৰ মাজত তুমুল বাক্যবাণ চলিছে। হিন্দুস্তানী আৱাম মৰ্চাৰ নেতাই সকীয়নিও দিয়ে গজেন্দ্ৰ ঝাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement