--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডেল্টা ভাইৰাছতকৈ তিনিগুণে ক্ষতিকাৰক ক'ভিডৰ নতুন প্ৰজাতি অ'মিক্ৰন৷ দেশত অ'মিক্ৰনত আক্ৰান্তৰ সংখ্যা ২০০ ৰ ঘৰ অতিক্ৰম কৰাৰ পাছতে চিন্তিত হৈ পৰিছে দেশৰ স্বাস্থ্য মন্ত্ৰালয়। সংক্ৰমণ বৃদ্ধিৰ পাছতে কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহক অধিক সতৰ্কতাৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে, অ'মিক্ৰনৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইপিনে বৰদিনৰ তথা নতুন বছৰৰ প্ৰাকক্ষণত অনুষ্ঠিত হোৱা উৎসৱমুখৰ পৰিবেশক লৈ সতৰ্ক হ'বলৈ আহ্বান জনাইছে। এনে পৰিস্থিতিত অ'মিক্ৰন অধিক সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। প্ৰয়োজন সাপেক্ষে নৈশ কাৰ্ফিউৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে। ইয়াৰোপৰি, এই সন্দৰ্ভত কেন্দ্ৰই ৰাজ্যসমূহলৈ এক পত্ৰ যোগে স্থানীয় আৰু জিলা পৰ্যায়ত ভাইৰাছ সংক্ৰমনৰ প্ৰতিৰোধ সম্পৰ্কীয় নিয়মবোৰ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে। ভাইৰাছৰ প্ৰৱণতা আৰু সংক্ৰমণৰ অৱস্থানৰ তথ্য পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

আনহাতে, কৰ্ণাটকত সংক্ৰমণ বৃদ্ধিৰ প্ৰতিলক্ষ্য ৰাখি ৩০ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ৰাজ্যখনত কোনো সমদল বাহিৰ কৰা বা অনুষ্ঠানৰ অনুমতি প্ৰদান নকৰে। চেন্নাইৰ স্থানীয় সংস্থাসমূহক সমুদ্ৰ তীৰত নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰতো সাৱধানতামূলক ব্যৱস্থা ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।মুম্বাইতো হোটেল, ৰেষ্টুৰেণ্ট, মল, বাৰ আৰু অন্যান্য ৰাজহুৱা স্থানবোৰক ভিৰ নিয়ন্ত্ৰণ কৰি ক'ভিড প্ৰটোকল কঠোৰভাৱে অনুসৰণ কৰিবলৈ কোৱা হৈছে।

ইতিমধ্যে সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো পৰিস্থিতিতে মোকামিলা কৰিবলৈ জৰুৰীকালিন বিচনা, আইচিইউ, প্ৰয়োজনীয় ঔষধকে ধৰি সকলো সা-সামগ্ৰী সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ