--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডেল্টা ভাইৰাছতকৈ তিনিগুণে ক্ষতিকাৰক ক'ভিডৰ নতুন প্ৰজাতি অ'মিক্ৰন৷ দেশত অ'মিক্ৰনত আক্ৰান্তৰ সংখ্যা ২০০ ৰ ঘৰ অতিক্ৰম কৰাৰ পাছতে চিন্তিত হৈ পৰিছে দেশৰ স্বাস্থ্য মন্ত্ৰালয়। সংক্ৰমণ বৃদ্ধিৰ পাছতে কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহক অধিক সতৰ্কতাৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে, অ'মিক্ৰনৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইপিনে বৰদিনৰ তথা নতুন বছৰৰ প্ৰাকক্ষণত অনুষ্ঠিত হোৱা উৎসৱমুখৰ পৰিবেশক লৈ সতৰ্ক হ'বলৈ আহ্বান জনাইছে। এনে পৰিস্থিতিত অ'মিক্ৰন অধিক সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। প্ৰয়োজন সাপেক্ষে নৈশ কাৰ্ফিউৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে। ইয়াৰোপৰি, এই সন্দৰ্ভত কেন্দ্ৰই ৰাজ্যসমূহলৈ এক পত্ৰ যোগে স্থানীয় আৰু জিলা পৰ্যায়ত ভাইৰাছ সংক্ৰমনৰ প্ৰতিৰোধ সম্পৰ্কীয় নিয়মবোৰ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে। ভাইৰাছৰ প্ৰৱণতা আৰু সংক্ৰমণৰ অৱস্থানৰ তথ্য পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

আনহাতে, কৰ্ণাটকত সংক্ৰমণ বৃদ্ধিৰ প্ৰতিলক্ষ্য ৰাখি ৩০ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ৰাজ্যখনত কোনো সমদল বাহিৰ কৰা বা অনুষ্ঠানৰ অনুমতি প্ৰদান নকৰে। চেন্নাইৰ স্থানীয় সংস্থাসমূহক সমুদ্ৰ তীৰত নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰতো সাৱধানতামূলক ব্যৱস্থা ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।মুম্বাইতো হোটেল, ৰেষ্টুৰেণ্ট, মল, বাৰ আৰু অন্যান্য ৰাজহুৱা স্থানবোৰক ভিৰ নিয়ন্ত্ৰণ কৰি ক'ভিড প্ৰটোকল কঠোৰভাৱে অনুসৰণ কৰিবলৈ কোৱা হৈছে।

ইতিমধ্যে সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো পৰিস্থিতিতে মোকামিলা কৰিবলৈ জৰুৰীকালিন বিচনা, আইচিইউ, প্ৰয়োজনীয় ঔষধকে ধৰি সকলো সা-সামগ্ৰী সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক