--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি অৰ্থাৎ ১৯ মাৰ্চত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ দিল্লীস্থিত বাসভৱনত দিল্লী আৰক্ষীৰ এটা সঁজাতি দল উপস্থিত হয়৷ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অনুষ্ঠিত ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে যৌৱন উৎপীড়িত মহিলাৰ ওপৰত দিয়া মন্তব্য সন্দৰ্ভত সোধ-পোছ কৰিবৰ বাবে দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত সাগৰ প্ৰীত হুড্ডাৰ নেতৃত্বত এটা আৰক্ষীৰ দল ৰাহুল গান্ধীৰ দিল্লীৰ বাসগৃহত উপস্থিত হয়৷

 অৱশ্যে ৰাহুল গান্ধীয়ে আৰক্ষীক এই সন্দৰ্ভত যিকোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ সেইবাবে দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীক এখন জাননীহে প্ৰদান কৰে। ইয়াৰ পূৰ্বে এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ১৬ মাৰ্চত ৰাহুল গান্ধীক এখন জাননী প্ৰেৰণ কৰিছিল৷

 বিশেষ আৰক্ষী আয়ুক্ত সাগৰ প্ৰীত হুড্ডাৰ মতে ৰাহুল গান্ধীয়ে আজি আৰক্ষীক কয় যে বহুকেইগৰাকী মহিলাই যৌন উৎপীড়ন সন্দৰ্ভত ৰাহুল গান্ধীক অৱগত কৰোৱাইছিল, সকলোৰে নাম আৰু তথ্য সংগঠিত ৰূপত ৰাহুলৰ ওচৰত নাই সেয়েহে সোধ-পোছৰ মুহূৰ্তত ৰাহুল গান্ধীয়ে কোনো তথ্য দিল্লী আৰক্ষীক দিয়াত ব্যৰ্থ হ’ল৷ দৰাচলতে ভাৰত জোড়ো যাত্ৰাৰ সময়ত শ্ৰীনগৰত শেষৰ দিনা ৰাহুল গান্ধীয়ে কৈছিল যে আজিও মহিলাৰ ওপৰত যৌন উৎপীড়ন চলিয়েই আছে৷ইয়াকে লৈ দিল্লী আৰক্ষীয়ে ১৬ মাৰ্চত ৰাহুল গান্ধীক দিল্লী আৰক্ষীয়ে কোনসকল মহিলা আজিও যৌন উৎপীড়নৰ বলি হৈ আছে সেই সন্দৰ্ভত প্ৰশ্ন কৰি এখন জাননী প্ৰেৰণ কৰে৷

 এই ঘটনা সন্দৰ্ভত আজি দিল্লী আৰক্ষীয়ে কয় যে ‘আমি ইয়াত ৰাহুল গান্ধীৰ সৈতে কথা পাতিবলৈ আহিছো, ৰাহুল গান্ধীয়ে যোৱা ৩০ জানুৱাৰীত শ্ৰীনগৰত এক মন্তব্য কৰে যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে এনে বহু মহিলাক লগ পাইছে যি গান্ধীক জনাইছে যে তেওঁলোকক ধৰ্ষণ কৰিছে৷ সেই মহিলাসকলে যাতে ন্যায় লাভ কৰিব পাৰে, সেই উদ্দেশ্যে দিল্লী আৰক্ষীয়ে মহিলাসকলক ন্যায় প্ৰদান কৰিবলৈ ৰাহুল গান্ধীক সোধ-পোছ কৰিছে৷

 দিল্লী আৰক্ষীয়ে জনাইছে যে উৎপীড়িত মহিলাসকলক অতিশীঘ্ৰে ন্যায় প্ৰদান কৰিবৰ বাবে দিল্লী আৰক্ষী বদ্ধপৰিকৰ৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে এই বিষয়ত নিজৰ তদন্ত আৰম্ভ কৰিছে আৰু দোষীক অতিশীঘ্ৰেই কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ চেষ্টা অব্যাহত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক