--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি অৰ্থাৎ ১৯ মাৰ্চত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ দিল্লীস্থিত বাসভৱনত দিল্লী আৰক্ষীৰ এটা সঁজাতি দল উপস্থিত হয়৷ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অনুষ্ঠিত ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে যৌৱন উৎপীড়িত মহিলাৰ ওপৰত দিয়া মন্তব্য সন্দৰ্ভত সোধ-পোছ কৰিবৰ বাবে দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত সাগৰ প্ৰীত হুড্ডাৰ নেতৃত্বত এটা আৰক্ষীৰ দল ৰাহুল গান্ধীৰ দিল্লীৰ বাসগৃহত উপস্থিত হয়৷

 অৱশ্যে ৰাহুল গান্ধীয়ে আৰক্ষীক এই সন্দৰ্ভত যিকোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ সেইবাবে দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীক এখন জাননীহে প্ৰদান কৰে। ইয়াৰ পূৰ্বে এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ১৬ মাৰ্চত ৰাহুল গান্ধীক এখন জাননী প্ৰেৰণ কৰিছিল৷

 বিশেষ আৰক্ষী আয়ুক্ত সাগৰ প্ৰীত হুড্ডাৰ মতে ৰাহুল গান্ধীয়ে আজি আৰক্ষীক কয় যে বহুকেইগৰাকী মহিলাই যৌন উৎপীড়ন সন্দৰ্ভত ৰাহুল গান্ধীক অৱগত কৰোৱাইছিল, সকলোৰে নাম আৰু তথ্য সংগঠিত ৰূপত ৰাহুলৰ ওচৰত নাই সেয়েহে সোধ-পোছৰ মুহূৰ্তত ৰাহুল গান্ধীয়ে কোনো তথ্য দিল্লী আৰক্ষীক দিয়াত ব্যৰ্থ হ’ল৷ দৰাচলতে ভাৰত জোড়ো যাত্ৰাৰ সময়ত শ্ৰীনগৰত শেষৰ দিনা ৰাহুল গান্ধীয়ে কৈছিল যে আজিও মহিলাৰ ওপৰত যৌন উৎপীড়ন চলিয়েই আছে৷ইয়াকে লৈ দিল্লী আৰক্ষীয়ে ১৬ মাৰ্চত ৰাহুল গান্ধীক দিল্লী আৰক্ষীয়ে কোনসকল মহিলা আজিও যৌন উৎপীড়নৰ বলি হৈ আছে সেই সন্দৰ্ভত প্ৰশ্ন কৰি এখন জাননী প্ৰেৰণ কৰে৷

 এই ঘটনা সন্দৰ্ভত আজি দিল্লী আৰক্ষীয়ে কয় যে ‘আমি ইয়াত ৰাহুল গান্ধীৰ সৈতে কথা পাতিবলৈ আহিছো, ৰাহুল গান্ধীয়ে যোৱা ৩০ জানুৱাৰীত শ্ৰীনগৰত এক মন্তব্য কৰে যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে এনে বহু মহিলাক লগ পাইছে যি গান্ধীক জনাইছে যে তেওঁলোকক ধৰ্ষণ কৰিছে৷ সেই মহিলাসকলে যাতে ন্যায় লাভ কৰিব পাৰে, সেই উদ্দেশ্যে দিল্লী আৰক্ষীয়ে মহিলাসকলক ন্যায় প্ৰদান কৰিবলৈ ৰাহুল গান্ধীক সোধ-পোছ কৰিছে৷

 দিল্লী আৰক্ষীয়ে জনাইছে যে উৎপীড়িত মহিলাসকলক অতিশীঘ্ৰে ন্যায় প্ৰদান কৰিবৰ বাবে দিল্লী আৰক্ষী বদ্ধপৰিকৰ৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে এই বিষয়ত নিজৰ তদন্ত আৰম্ভ কৰিছে আৰু দোষীক অতিশীঘ্ৰেই কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ চেষ্টা অব্যাহত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু