--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০০০ কোটি টকীয়া ক্লাবত কেইবাখনো ভাৰতীয় ছবি আছে। হিন্দী ছবিৰ উপৰিও এই তালিকাত দক্ষিণৰ চলচ্চিত্ৰ জগতৰ ছবিও আছে।

২০১৬ চনত নিতেশ তিৱাৰীৰ পৰিচালনাত ‘দংগল’ ছবিখন ছবিগৃহত মুক্তি লাভ কৰে। এই ছবিখনত অভিনয় কৰাৰ বাবে আমিৰ খানে প্ৰশংসা লাভ কৰিছিল। এই ছবিখন ফাতিমা সনা শ্বেইখ আৰু ছানিয়া মালহোত্ৰাৰ কেৰিয়াৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছিল। ‘দংগল’ই ৭০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। ছবিখন মুক্তি পোৱাৰ এবছৰৰ পাছত চীনৰ ছবিগৃহতো মুক্তি পাইছিল ‘দংগল’। এই ছবিখনে বিশ্বব্যাপী বক্স অফিচৰ পৰা মুঠ ১৯৬৮ কোটি টকা উপাৰ্জন কৰে।

২০১৫ চনত মুক্তি পোৱাৰ পিছত ‘বাহুবলী’ ছবিখনৰ প্ৰথম খণ্ড ভাৰতত হিট হৈছিল। তাৰ দুবছৰৰ পাছত এই তেলেগু ছবি ‘বাহুবলী: দ্য কনক্লুচন’ৰ দ্বিতীয় খণ্ড মুক্তি পালে। এই ছবিখনেও ১০০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰে। এছ এছ ৰাজামৌলিৰ পৰিচালিত ‘বাহুবলী’ৰ দ্বিতীয় কিস্তিত অভিনয় কৰিছিল প্ৰভাস, ৰাণা ডাগ্গুবাটি, অনুষ্কা শেট্টী আৰু তমন্নাই। এই ছবিখনে বিশ্বব্যাপী বক্স অফিচৰ পৰা ১৮০০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

২০২২ চনত ২৪ মাৰ্চত একচন ড্ৰামা ধাৰাৰ তেলেগু ছবি ‘আৰ আৰ আৰ’ ছবিগৃহত মুক্তি লাভ কৰে। এই ছবিখনৰ ‘নতু নাতু’ গীতটিয়ে শেহতীয়াকৈ অস্কাৰ বঁটা লাভ কৰিছে। এই গীতৰ ছন্দত পৃথিৱীয়ে নাচিছে। ‘আৰ আৰ আৰ’ ছবিখনে প্ৰৱেশ কৰিছে ১০০০ কোটি টকাৰ ক্লাবত। এই ছবিখনে বিশ্বব্যাপী বক্স অফিচৰ পৰা ১২৫০ কোটি টকা উপাৰ্জন কৰে। আৰ আৰ আৰ পৰিচালনা কৰিছিল এছ এছ ৰাজামৌলিয়ে।

২০১৮ চনত ‘কে জি এফ’ ছবিখনৰ প্ৰথম খণ্ড মুক্তি পোৱাৰ পিছত দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছিল পৰৱৰ্তী খণ্ডৰ মুক্তিৰ বাবে। তিনি বছৰৰ পাছত ২০২২ চনৰ ১৪ এপ্ৰিলত মুক্তি পালে ‘কে জি এফ: অধ্যায় ২’। এই ছবিখনো ১০০০ কোটি ক্লাবত প্ৰৱেশ কৰে। কানাড়া ছবি ‘কে জি এফ’ৰ দ্বিতীয় খণ্ডই বিশ্ব বক্স অফিচৰ পৰা ১২০০ কোটি টকাৰ ব্যৱসায় কৰিছে। অভিনেতা যশৰ লগতে ছবিখনত হিন্দী চলচ্চিত্ৰ তাৰকা সঞ্জয় দত্ত আৰু ৰবীনা টণ্ডনেও অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ