--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০০০ কোটি টকীয়া ক্লাবত কেইবাখনো ভাৰতীয় ছবি আছে। হিন্দী ছবিৰ উপৰিও এই তালিকাত দক্ষিণৰ চলচ্চিত্ৰ জগতৰ ছবিও আছে।

২০১৬ চনত নিতেশ তিৱাৰীৰ পৰিচালনাত ‘দংগল’ ছবিখন ছবিগৃহত মুক্তি লাভ কৰে। এই ছবিখনত অভিনয় কৰাৰ বাবে আমিৰ খানে প্ৰশংসা লাভ কৰিছিল। এই ছবিখন ফাতিমা সনা শ্বেইখ আৰু ছানিয়া মালহোত্ৰাৰ কেৰিয়াৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছিল। ‘দংগল’ই ৭০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। ছবিখন মুক্তি পোৱাৰ এবছৰৰ পাছত চীনৰ ছবিগৃহতো মুক্তি পাইছিল ‘দংগল’। এই ছবিখনে বিশ্বব্যাপী বক্স অফিচৰ পৰা মুঠ ১৯৬৮ কোটি টকা উপাৰ্জন কৰে।

২০১৫ চনত মুক্তি পোৱাৰ পিছত ‘বাহুবলী’ ছবিখনৰ প্ৰথম খণ্ড ভাৰতত হিট হৈছিল। তাৰ দুবছৰৰ পাছত এই তেলেগু ছবি ‘বাহুবলী: দ্য কনক্লুচন’ৰ দ্বিতীয় খণ্ড মুক্তি পালে। এই ছবিখনেও ১০০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰে। এছ এছ ৰাজামৌলিৰ পৰিচালিত ‘বাহুবলী’ৰ দ্বিতীয় কিস্তিত অভিনয় কৰিছিল প্ৰভাস, ৰাণা ডাগ্গুবাটি, অনুষ্কা শেট্টী আৰু তমন্নাই। এই ছবিখনে বিশ্বব্যাপী বক্স অফিচৰ পৰা ১৮০০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

২০২২ চনত ২৪ মাৰ্চত একচন ড্ৰামা ধাৰাৰ তেলেগু ছবি ‘আৰ আৰ আৰ’ ছবিগৃহত মুক্তি লাভ কৰে। এই ছবিখনৰ ‘নতু নাতু’ গীতটিয়ে শেহতীয়াকৈ অস্কাৰ বঁটা লাভ কৰিছে। এই গীতৰ ছন্দত পৃথিৱীয়ে নাচিছে। ‘আৰ আৰ আৰ’ ছবিখনে প্ৰৱেশ কৰিছে ১০০০ কোটি টকাৰ ক্লাবত। এই ছবিখনে বিশ্বব্যাপী বক্স অফিচৰ পৰা ১২৫০ কোটি টকা উপাৰ্জন কৰে। আৰ আৰ আৰ পৰিচালনা কৰিছিল এছ এছ ৰাজামৌলিয়ে।

২০১৮ চনত ‘কে জি এফ’ ছবিখনৰ প্ৰথম খণ্ড মুক্তি পোৱাৰ পিছত দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছিল পৰৱৰ্তী খণ্ডৰ মুক্তিৰ বাবে। তিনি বছৰৰ পাছত ২০২২ চনৰ ১৪ এপ্ৰিলত মুক্তি পালে ‘কে জি এফ: অধ্যায় ২’। এই ছবিখনো ১০০০ কোটি ক্লাবত প্ৰৱেশ কৰে। কানাড়া ছবি ‘কে জি এফ’ৰ দ্বিতীয় খণ্ডই বিশ্ব বক্স অফিচৰ পৰা ১২০০ কোটি টকাৰ ব্যৱসায় কৰিছে। অভিনেতা যশৰ লগতে ছবিখনত হিন্দী চলচ্চিত্ৰ তাৰকা সঞ্জয় দত্ত আৰু ৰবীনা টণ্ডনেও অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু