--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হেমা মালিনী আৰু ধৰ্মেন্দ্ৰ নিঃসন্দেহে উদ্যোগটোৰ অন্যতম আইকনিক দম্পতী আৰু তেওঁলোকৰ প্ৰেম কাহিনীয়ে সকলোতে চৰ্চা লাভ কৰে। কিন্তু, জানেনে, হেমাৰ পিতৃ-মাতৃয়ে এই সম্পৰ্কক অসন্মতি প্ৰদান কৰিছিল। কাৰণটো হ’ল, ধৰ্মেন্দ্ৰ আছিল বিবাহিত লোক।

১৯৮০ চনত বিবাহপাশত আবদ্ধ হোৱা হেমা মালিনী আৰু ধৰ্মেন্দ্ৰ ৪৩ বছৰৰ পাছতো যথেষ্ট সুখী, অৱশ্যে অভিনেতাগৰাকী বৰ্তমান প্ৰথম পত্নী প্ৰকাশ আৰু সন্তানৰ সৈতে থাকে। শেহতীয়া এক সাক্ষাৎকাৰত বলীউডৰ ড্ৰিম গাৰ্লে স্বামীৰ সৈতে থকা সমীকৰণৰ বিষয়ে মুকলিকৈ কৈছে আৰু কিয় পৃথকে থাকে সেই কথা প্ৰকাশ কৰিছে।

“কোনোৱেই তেনেকুৱা হোৱাটো নিবিচাৰে বা কোনোৱে এনেদৰে জীয়াই থাকিব নিবিচাৰে, কিন্তু হৈ যায়। স্বয়ংক্ৰিয়ভাৱে যি হয়, সেয়া আমি মানি ল’ব লাগিব। কোনোৱে নিজৰ জীৱনটো এনেকৈ কটাব নিবিচাৰে। প্ৰতিগৰাকী মহিলাই স্বাভাৱিক পৰিয়ালৰ দৰে স্বামী, সন্তান জন্ম দিব বিচাৰে। কিন্তু ক’ৰবাত নহয় ক’ৰবাত মোৰ ৰাস্তাৰ পৰা কথাবোৰ আঁতৰি গ’ল।’’

লগতে তেওঁ কয় যে কথা কিছুমানত বেয়া লাগিলেও তেওঁৰ দুটা সন্তান থকাৰ বাবে তেওঁ সুখী।

হেমাই পুনৰ কয় “মই ইয়াৰ বাবে বেয়া অনুভৱ কৰা নাই বা এই বিষয়ে হুমুনিয়াহ কাঢ়ি থকা নাই। মই নিজকলৈ সুখী। মোৰ সন্তান দুটা আছে, আৰু মই সিহঁতক বহুত ভালকৈ ডাঙৰ-দীঘল কৰিছো। অৱশ্যে তেওঁ (ধৰ্মেন্দ্ৰ) আছিল, সদায়, সকলোতে। তেওঁ আমাৰ ছোৱালী দুজনীৰ বিয়াকলৈ চিন্তিত আছিল। তেওঁ কৈছিল বিয়া সোনকালে হব লাগে।  মই কৈছিলোঁ হ’ব। সঠিক সময়ত উপযুক্ত মানুহ আহিব। ভগৱান আৰু গুৰু মাৰ আশীৰ্বাদত সকলো সময়তে হল।

তেওঁৰ আত্মজীৱনী হেমা মালিনী: বিয়ণ্ড দ্য ড্ৰিম গাৰ্লত এই কথা বিশদভাৱে উল্লেখ কৰা হৈছে আৰু তাতে প্ৰকাশ পাইছিল যে অভিনেত্ৰীগৰাকীৰ মাতৃ জয়া চক্ৰৱতীয়ে তেওঁক জীতেন্দ্ৰলৈ বিয়া দিবলৈ চেষ্টা কৰিছিল।

অৱশ্যে পৃথকে পৃথকে থকাৰ পিছতো ধৰ্মেন্দ্ৰ-হেমাৰ ইজনে সিজনৰ প্ৰতি থকা প্ৰেম সীমাহীন।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ