--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ, পংকজ ত্ৰিপাঠী অভিনীত ছবি ‘OMG 2’ অহা ১১ আগষ্টত মুক্তি পোৱাৰ কথা আছিল। সেইদিনাই মুক্তি পাব ছানী দেউলৰ ছবি ‘গাদৰ ২’। বহুতে ভাবিছিল যে এইবাৰ স্বাধীনতা দিৱসৰ দিনা দুই মেগাষ্টাৰক মুখামুখি হোৱা দেখা যাব। কিন্তু শুনা গৈছে যে ‘OMG 2’ মুক্তি পোৱাত পলম হ’ব। অক্ষয়ৰ এই ছবিখন চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যন এণ্ড চেঞ্চৰ ব’ৰ্ডে কাঢ়া নজৰত ৰাখিছে।

২০১২ চনত অক্ষয় কুমাৰৰ ছবি ‘OMG- Oh My God’ মুক্তি লাভ কৰে। ছবিখনৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল বিশ্বাস আৰু অবিশ্বাসৰ মাজৰ দোলন। ইয়াৰ উপৰিও ছবিখনে অন্ধবিশ্বাস, ধৰ্মৰ নামত অসাধু ব্যৱসায়িক মহলৰ বিৰুদ্ধেও কথা কৈছিল। বক্স অফিচত সফল হৈছিল ছবিখন। এইবাৰ আহি আছে সেই ছবিখনৰ দ্বিতীয় খণ্ড। কিন্তু চেঞ্চৰ ব’ৰ্ডে কিছু দৃশ্যত আপত্তি কৰে। তেওঁলোকে দাবী কৰে যে ছবিখনৰ পৰা প্ৰায় ২০টা দৃশ্য আঁতৰাই পেলাব লাগে। কেৱল সেয়াই নহয়, এই ছবিখনক ‘উ/এ’ৰ সলনি ‘এ’ প্ৰমাণপত্ৰ দিয়া হ’ব।

কেৱল সেয়াই নহয়, কিছুদিন পূৰ্বে এটা খবৰ বিয়পি পৰিছিল যে ছবিখনত ‘এলজিবিটিকিউ’ গোটৰ লোকৰ আধিপত্য থাকিব। ইয়াৰ পিছতে চেঞ্চৰ ব’ৰ্ড কঠোৰ হয়। অৱশ্যে মেকাৰসকলে এনে খবৰক সম্পূৰ্ণ উৰাবাতৰি বুলি উলাই কৰে।

'OMG- Oh My God'ত কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত অক্ষয়ক দেখা যাব 'OMG 2'ত মহাদেৱৰ চৰিত্ৰত। সেই লুকটো ইতিমধ্যে ছ’চিয়েল মিডিয়া পেজত প্ৰকাশ পাইছে। মহাদেৱৰ লুকত অভিনেতাজনক দেখি তেওঁৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু