--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ, পংকজ ত্ৰিপাঠী অভিনীত ছবি ‘OMG 2’ অহা ১১ আগষ্টত মুক্তি পোৱাৰ কথা আছিল। সেইদিনাই মুক্তি পাব ছানী দেউলৰ ছবি ‘গাদৰ ২’। বহুতে ভাবিছিল যে এইবাৰ স্বাধীনতা দিৱসৰ দিনা দুই মেগাষ্টাৰক মুখামুখি হোৱা দেখা যাব। কিন্তু শুনা গৈছে যে ‘OMG 2’ মুক্তি পোৱাত পলম হ’ব। অক্ষয়ৰ এই ছবিখন চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যন এণ্ড চেঞ্চৰ ব’ৰ্ডে কাঢ়া নজৰত ৰাখিছে।

২০১২ চনত অক্ষয় কুমাৰৰ ছবি ‘OMG- Oh My God’ মুক্তি লাভ কৰে। ছবিখনৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল বিশ্বাস আৰু অবিশ্বাসৰ মাজৰ দোলন। ইয়াৰ উপৰিও ছবিখনে অন্ধবিশ্বাস, ধৰ্মৰ নামত অসাধু ব্যৱসায়িক মহলৰ বিৰুদ্ধেও কথা কৈছিল। বক্স অফিচত সফল হৈছিল ছবিখন। এইবাৰ আহি আছে সেই ছবিখনৰ দ্বিতীয় খণ্ড। কিন্তু চেঞ্চৰ ব’ৰ্ডে কিছু দৃশ্যত আপত্তি কৰে। তেওঁলোকে দাবী কৰে যে ছবিখনৰ পৰা প্ৰায় ২০টা দৃশ্য আঁতৰাই পেলাব লাগে। কেৱল সেয়াই নহয়, এই ছবিখনক ‘উ/এ’ৰ সলনি ‘এ’ প্ৰমাণপত্ৰ দিয়া হ’ব।

কেৱল সেয়াই নহয়, কিছুদিন পূৰ্বে এটা খবৰ বিয়পি পৰিছিল যে ছবিখনত ‘এলজিবিটিকিউ’ গোটৰ লোকৰ আধিপত্য থাকিব। ইয়াৰ পিছতে চেঞ্চৰ ব’ৰ্ড কঠোৰ হয়। অৱশ্যে মেকাৰসকলে এনে খবৰক সম্পূৰ্ণ উৰাবাতৰি বুলি উলাই কৰে।

'OMG- Oh My God'ত কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত অক্ষয়ক দেখা যাব 'OMG 2'ত মহাদেৱৰ চৰিত্ৰত। সেই লুকটো ইতিমধ্যে ছ’চিয়েল মিডিয়া পেজত প্ৰকাশ পাইছে। মহাদেৱৰ লুকত অভিনেতাজনক দেখি তেওঁৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ