--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ভিড-১৯ৰ দীঘলীয়া আগ্ৰাসনে দেশৰ স্বাস্থ্য, অৰ্থনীতি আদি বিভিন্ন ক্ষেত্ৰলৈ ব্যাপক প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল। এই সময়ছোৱাত ক’ভিডৰ সৈতে মোকাবিলা কৰাৰ যুঁজখনত দেশৰ একশ্ৰেণীৰ লোকে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি জঁপিয়াই পৰিছিল। চিকিৎসক, চিকিৎসা কৰ্মী, আৰক্ষীৰ লোকৰ পৰা সাংবাদিকলৈ ক’ভিড যুঁজৰ ফ্ৰণ্টলাইন যোদ্ধাসকলে দিন-ৰাতি একাকাৰ কৰি এই সময়ছোৱাত মানুহৰ সেৱা আগবঢ়াইছিল। কেৱল এয়াই নহয়, এই সময়ছোৱাত এইসকল লোকৰ বহুতেই প্ৰাণো হেৰুৱাইছিল ক’ভিডত। চিকিৎসক-চিকিৎসাকৰ্মীৰ লগতে ক’ভিডত প্ৰাণ হেৰুৱাইছিল ভালেসংখ্যক সাংবাদিকেও। এই সকল সাংবাদিকৰ পৰিয়ালৰ লোকক আৰ্থিক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ সংসদত এই বিষয়ে প্ৰকাশ কৰিছে চৰকাৰে। কোভিড-১৯ত প্ৰাণ হেৰুওৱা দেশৰ ১২৩গৰাকী সাংবাদিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যসভাত এই সম্পৰ্কীয় তথ্য দাঙি ধৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে। তেওঁ সদৰি কৰে যে, ১২৩গৰাকী সাংবাদিকৰ পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে কেন্দ্ৰই ৬.১৫কোটি টকাৰ অনুমোদন জনাইছে। কালি সংসদত এই তথ্য প্ৰকাশ কৰাৰ লগতে মুৰুগানে লগতে কয় যে, মহিলা সাংবাদিকক অনলাইনত হাৰাশাস্তি কৰাৰ দৰে কাৰ্যৰ বিৰুদ্ধে সঠিক ব্যৱস্থা গ্ৰহণ কৰাটো ৰাজ্য চৰকাৰসমূহৰ দায়িত্ব। মন্ত্ৰীগৰাকীয়ে সংসদত কয় যে, আমি সাংবাদিকসকলৰ কল্যাণৰ দিশটোক লৈ চিন্তা কৰিছোঁ। মহামাৰীৰ আগ্ৰাসনৰ সময়ত সাংবাদিকসকলৰ বাবে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। যিসকলে এই সময়ত প্ৰাণ হেৰুৱাইছিল তেওঁলোকৰ পৰিয়ালক আমি সহায় কৰাৰ ব্যৱস্থা কৰিছোঁ। আমি ১২৩গৰাকী সাংবাদিকৰ পৰিয়ালৰ আবেদন লাভ কৰিছিলোঁ আৰু সকলোৰে আবেদন গ্ৰহণ কৰি ৬.১৫কোটি টকা মোকলাই দিছোঁ। ইফালে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰেও ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত কোভিডত প্ৰাণ হেৰুওৱা সাংবাদিকৰ পৰিয়াললৈ ৫লাখকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ কথা উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু