--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ভিড-১৯ৰ দীঘলীয়া আগ্ৰাসনে দেশৰ স্বাস্থ্য, অৰ্থনীতি আদি বিভিন্ন ক্ষেত্ৰলৈ ব্যাপক প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল। এই সময়ছোৱাত ক’ভিডৰ সৈতে মোকাবিলা কৰাৰ যুঁজখনত দেশৰ একশ্ৰেণীৰ লোকে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি জঁপিয়াই পৰিছিল। চিকিৎসক, চিকিৎসা কৰ্মী, আৰক্ষীৰ লোকৰ পৰা সাংবাদিকলৈ ক’ভিড যুঁজৰ ফ্ৰণ্টলাইন যোদ্ধাসকলে দিন-ৰাতি একাকাৰ কৰি এই সময়ছোৱাত মানুহৰ সেৱা আগবঢ়াইছিল। কেৱল এয়াই নহয়, এই সময়ছোৱাত এইসকল লোকৰ বহুতেই প্ৰাণো হেৰুৱাইছিল ক’ভিডত। চিকিৎসক-চিকিৎসাকৰ্মীৰ লগতে ক’ভিডত প্ৰাণ হেৰুৱাইছিল ভালেসংখ্যক সাংবাদিকেও। এই সকল সাংবাদিকৰ পৰিয়ালৰ লোকক আৰ্থিক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ সংসদত এই বিষয়ে প্ৰকাশ কৰিছে চৰকাৰে। কোভিড-১৯ত প্ৰাণ হেৰুওৱা দেশৰ ১২৩গৰাকী সাংবাদিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যসভাত এই সম্পৰ্কীয় তথ্য দাঙি ধৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে। তেওঁ সদৰি কৰে যে, ১২৩গৰাকী সাংবাদিকৰ পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে কেন্দ্ৰই ৬.১৫কোটি টকাৰ অনুমোদন জনাইছে। কালি সংসদত এই তথ্য প্ৰকাশ কৰাৰ লগতে মুৰুগানে লগতে কয় যে, মহিলা সাংবাদিকক অনলাইনত হাৰাশাস্তি কৰাৰ দৰে কাৰ্যৰ বিৰুদ্ধে সঠিক ব্যৱস্থা গ্ৰহণ কৰাটো ৰাজ্য চৰকাৰসমূহৰ দায়িত্ব। মন্ত্ৰীগৰাকীয়ে সংসদত কয় যে, আমি সাংবাদিকসকলৰ কল্যাণৰ দিশটোক লৈ চিন্তা কৰিছোঁ। মহামাৰীৰ আগ্ৰাসনৰ সময়ত সাংবাদিকসকলৰ বাবে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। যিসকলে এই সময়ত প্ৰাণ হেৰুৱাইছিল তেওঁলোকৰ পৰিয়ালক আমি সহায় কৰাৰ ব্যৱস্থা কৰিছোঁ। আমি ১২৩গৰাকী সাংবাদিকৰ পৰিয়ালৰ আবেদন লাভ কৰিছিলোঁ আৰু সকলোৰে আবেদন গ্ৰহণ কৰি ৬.১৫কোটি টকা মোকলাই দিছোঁ। ইফালে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰেও ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত কোভিডত প্ৰাণ হেৰুওৱা সাংবাদিকৰ পৰিয়াললৈ ৫লাখকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ কথা উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ