--°C
Loading...
Listen to Article
2 min read
80%

ডিডিটেল ডেস্ক : পুৱাই হওক বা দুপৰীয়া হওক, স্বাস্থ্য সচেতন লোকসকলে দৈনন্দিন খাদ্যৰ তালিকাত প্ৰায়ে অমিতা অ্ন্তৰ্ভুক্ত কৰা দেখা যায়। কাৰণ অমিতাত আছে বহুতো গুণগত উপাদান। কিন্তু আমি সাধাৰণতে অমিতাহে খাওঁ আৰু ইয়াৰ গুটিবোৰ পেলাই দিওঁ। কাৰণ অমিতা গুটিত থকা স্বাস্থ্যজনিত উপকাৰিতাৰ বিষয়ে বহুতেই নাজানো।

 স্মৰ্তব্য যে, অমিতাৰ গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন যেনে-ফছফৰাছ, মেগনেছিয়াম, কেলচিয়াম আদি প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে। ইয়াত ফ্লেভনইড প্ৰচুৰ পৰিমাণে থাকে, যিবোৰ হজম শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 অমিতা বীজবোৰ খোৱাটো কিয় স্বাস্থ্যকৰ?

১)অমিতাৰ গুটিত প্ৰটিঅলাইটিক এনজাইম থাকে, যিয়ে শৰীৰত থকা বিভিন্ন ক্ষতিকাৰক বীজাণু ধ্বংস কৰে। তদুপৰি এই গুটিবোৰে শৰীৰক বেক্টেৰিয়াৰ আক্ৰমণৰ পৰাও ৰক্ষা কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ এই বীজ যথেষ্ট উপযোগী।

২)বিশেষজ্ঞসকলৰ মতে লিভাৰ চিৰছিছ ৰোগীৰ ক্ষেত্ৰতো অমিতাৰ বীজ অতি উপযোগী।

৩) বাৰিষা মানে ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। ডেংগু জ্বৰ হোৱাৰ লগে লগে শৰীৰত মাইক্ৰবায়টা কমিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত অমিতাৰ গুটি আৰু পাত নিয়মীয়াকৈ খালে মাইক্ৰবায়টা স্বাভাৱিক অৱস্থালৈ আহে আৰু ৰোগীজন সোনকালে সুস্থ হৈ উঠে।

৪) ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষ হয় নেকি? এনে সময়ত অমিতা গুটিৰ লগত মৌ মিহলাই খালে বিষৰ পৰা উপশম পোৱা যায়।

৫) অমিতা গুটিৰ লগত মৌ মিহলাই খালে হজম শক্তিশালী হয় আৰু পাচনতন্ত্ৰৰ সমস্যা থাকিলে এই ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণো সম্ভৱ হৈ পৰে।

৬) সাধাৰণতে অমিতা গুটি প্ৰদাহ কমোৱাত ফলপ্ৰসূ। অমিতা গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন-চি, এলকেলয়ড আৰু ফ্লেভনয়ড থাকে। এই সকলোবোৰ উপাদানে বাতবিষ বা প্ৰদাহৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে।

 কেনেকৈ খাব?

অমিতা খোৱাৰ আগতে এটা পাত্ৰত বীজবোৰ সংগ্ৰহ কৰি পেলাই নিদিয়াকৈ ৰদত শুকুৱাই লব লাগে। পাছত এই গুটিখিনি পিহি এটা কাঁচৰ পাত্ৰত থৈ দিব পাৰে। এই গুটিবোৰৰ সোৱাদ তিতা হয়। যিকোনো চালাড বা স্মুদি বনাওঁতে এই পাউদাৰ ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত আপুনি পুষ্টিকৰ উপাদানখিনি সহজে পোৱাৰ লগেত তিতাও কম হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক