--°C
Loading...
Listen to Article
2 min read
80%

ডিডিটেল ডেস্ক : পুৱাই হওক বা দুপৰীয়া হওক, স্বাস্থ্য সচেতন লোকসকলে দৈনন্দিন খাদ্যৰ তালিকাত প্ৰায়ে অমিতা অ্ন্তৰ্ভুক্ত কৰা দেখা যায়। কাৰণ অমিতাত আছে বহুতো গুণগত উপাদান। কিন্তু আমি সাধাৰণতে অমিতাহে খাওঁ আৰু ইয়াৰ গুটিবোৰ পেলাই দিওঁ। কাৰণ অমিতা গুটিত থকা স্বাস্থ্যজনিত উপকাৰিতাৰ বিষয়ে বহুতেই নাজানো।

 স্মৰ্তব্য যে, অমিতাৰ গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন যেনে-ফছফৰাছ, মেগনেছিয়াম, কেলচিয়াম আদি প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে। ইয়াত ফ্লেভন’ইড প্ৰচুৰ পৰিমাণে থাকে, যিবোৰ হজম শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 অমিতা বীজবোৰ খোৱাটো কিয় স্বাস্থ্যকৰ?

১)অমিতাৰ গুটিত প্ৰটিঅ’লাইটিক এনজাইম থাকে, যিয়ে শৰীৰত থকা বিভিন্ন ক্ষতিকাৰক বীজাণু ধ্বংস কৰে। তদুপৰি এই গুটিবোৰে শৰীৰক বেক্টেৰিয়াৰ আক্ৰমণৰ পৰাও ৰক্ষা কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ এই বীজ যথেষ্ট উপযোগী।

২)বিশেষজ্ঞসকলৰ মতে লিভাৰ চিৰ’ছিছ ৰোগীৰ ক্ষেত্ৰতো অমিতাৰ বীজ অতি উপযোগী।

৩) বাৰিষা মানে ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। ডেংগু জ্বৰ হোৱাৰ লগে লগে শৰীৰত মাইক্ৰ’বায়’টা কমিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত অমিতাৰ গুটি আৰু পাত নিয়মীয়াকৈ খালে মাইক্ৰ’বায়’টা স্বাভাৱিক অৱস্থালৈ আহে আৰু ৰোগীজন সোনকালে সুস্থ হৈ উঠে।

৪) ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষ হয় নেকি? এনে সময়ত অমিতা গুটিৰ লগত মৌ মিহলাই খালে বিষৰ পৰা উপশম পোৱা যায়।

৫) অমিতা গুটিৰ লগত মৌ মিহলাই খালে হজম শক্তিশালী হয় আৰু পাচনতন্ত্ৰৰ সমস্যা থাকিলে এই ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণো সম্ভৱ হৈ পৰে।

৬) সাধাৰণতে অমিতা গুটি প্ৰদাহ কমোৱাত ফলপ্ৰসূ। অমিতা গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন-চি, এলকেলয়ড আৰু ফ্লেভনয়ড থাকে। এই সকলোবোৰ উপাদানে বাতবিষ বা প্ৰদাহৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে।

 কেনেকৈ খাব?

অমিতা খোৱাৰ আগতে এটা পাত্ৰত বীজবোৰ সংগ্ৰহ কৰি পেলাই নিদিয়াকৈ ৰ’দত শুকুৱাই ল’ব লাগে। পাছত এই গুটিখিনি পিহি এটা কাঁচৰ পাত্ৰত থৈ দিব পাৰে। এই গুটিবোৰৰ সোৱাদ তিতা হয়। যিকোনো চালাড বা স্মুদি বনাওঁতে এই পাউদাৰ ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত আপুনি পুষ্টিকৰ উপাদানখিনি সহজে পোৱাৰ লগেত তিতাও কম হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ