--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসম এখন মাছৰেই ৰাজ্য। থলুৱা মাছেৰে উপচি আছে আমাৰ ৰাজ্যৰ খাল, বিল , পুখুৰী, নৈ আদি। মাছৰ ভিতৰত ৰৌ মাছ বহুতৰে বাবে প্ৰিয় মাছ। ৰৌ মাছৰ সোৱাদো অপূৰ্ব। কেৱল মুখৰ জুতিৰ বাবেই নহয়, ৰৌ মাছে আমাৰ শৰীৰৰ অন্যতম অংগ হৃদযন্ত্ৰক নানান বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। হৃদযন্ত্ৰটোক সুস্থ-সৱল কৰি ৰাখিবলৈ যি ধৰণৰ প্ৰাকৃতিক উপাদানৰ প্ৰয়োজন সেয়া ৰৌ মাছত প্ৰচুৰ পৰিমাণে পোৱা যায়।

সেয়ে মাছৰ ভিতৰত অন্যতম উপকাৰী মাছ হৈছে এই ৰৌ মাছ। ৰৌ মাছে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে।

ৰৌ মাছত আন বহু মাছৰ তুলনাত কেল’ৰিৰ পৰিমাণ কম থাকে বাবে মেদবহুল লোকসকলেও নিয়মিত এই মাছ খাব পাৰে।

ৰৌ মাছৰ তেলত থকা থকা ওমেগা-৩ নামৰ ফেটি এচিডে তেজৰ বাবে ক্ষতিকাৰক কলেষ্ট’ৰেল এলডিএল তথা ভিএলডিএল হ্ৰাস কৰাৰ লগতে উপকাৰী কলেষ্ট’ৰেল এইচডিএলৰ পৰিমাণ বৃদ্ধি কৰে।

ফলত হৃদযন্ত্ৰত চৰ্বি জমা হোৱাত বাধাৰ সৃষ্টি হয়।


ৰৌ মাছত অমেগা ৩ ফেটি এচিড থাকে। অমেগা ৩ ফেটি এচিড হৈছে অত্যাৱশ্যকীয় ফেটি এচিড, যি বিধ এচিড শৰীৰে নিজে সৃষ্টি কৰিব নোৱাৰে। আমি সেইবোৰ খাদ্যৰ পৰা লাভ কৰিব লাগিব। অমেগা ৩ ফেটি এচিডৰ বহুতো লাভালাভ আছে। এইবোৰে বেয়া কলেষ্টেৰল হ্ৰাস কৰে, ই আনকি ৰক্তচাপ হ্ৰাস কৰিব পাৰে।

আমেৰিকাৰ স্কুল অফ নিউট্ৰিশ্যনৰ জাৰ্ণেলত প্ৰকাশ পোৱা অনুসৰি ৰৌ মাছে উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিপদ হ্ৰাস কৰে । কাৰণ ৰৌ মাছত থকা অমেগা ৩ ফেটি এচিডে উচ্চ ৰক্তচাপ থাকিলে সেয়া হ্ৰাস কৰাত অনুঘটকৰ ভূমিকা পালন কৰে।

নেশ্যনেল চেন্টাৰ ফৰ বায়’লজিকেল ইনফৰ্মেশ্যনৰ তথ্য অনুসৰি,অমেগা ৩ ফেটি এচিডে তেজৰ অনুচক্ৰিকাক গোট মৰাত বাধা দিয়ে ফলত ষ্ট্ৰোক হোৱাৰ আশংকা কমি যায়।

ৰৌ মাছত উচ্চ প্ৰ’টিন থাকে। সেয়ে এই মাছে দেহৰ বিকাশতো সহায় কৰে।

ৰৌ মাছত ভিটামিন এ, ডি, ই আদি প্ৰচুৰ পৰিমাণে থাকে।

সেইদৰে কেলচিয়াম, জিংক, ছডিয়াম, পটাছিয়াম, আইৰণ তথা খনিজ পদাৰ্থও ৰৌ মাছৰ পৰা পাব পাৰি।

খাদ্য বিশেষজ্ঞসকলৰ মতে ৰৌ মাছত কোলিন নামৰ এবিধ বিশেষ পদাৰ্থ থাকে। এই পদাৰ্থ বিধে শৰীৰত বিভিন্ন প্ৰয়োজনীয় পদাৰ্থ সৃষ্টিত সহায় কৰে। সেয়ে খাদ্য তালিকাত ৰৌ মাছ অন্তৰ্ভূক্ত কৰিবলৈ খাদ্য বিশেষজ্ঞসকলে পৰামৰ্শ দি আহিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক