--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দিনৰ ১১ বজাত সংসদত উত্থাপন কৰে মোদী চৰকাৰৰ অন্তিম খন পূৰ্ণাংগ বাজেট৷ অমৃতকালৰ অন্তিম বাজেট আখ্যা দিয়া বাজেট খনত সাত টা বিশেষ দিশৰ ওপৰত  গুৰুত্ব দিয়া হৈছে৷ সেই দিশ কেইটা হৈছে ক্ৰমে একত্ৰিত বিকাশ,  আন্তঃগাঁথনিত বিনিয়োগ ,দেশৰ প্ৰতিভা বা দক্ষতাৰ বিকাশ,সেউজকৰণ ,যুৱ উন্নয়ন ,বিত্ত বিভাগৰ দক্ষতা বৃদ্ধি,  লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে কাৰ্যসূচীৰ ৰূপায়ন৷

‘দেশৰ অৰ্থনৈতিক বিকাশ প্ৰায় ৭ শতাংশত উপনীত হৈছে পিছপৰা লোকসকলৰ কথা মনত ৰাখি এই বাজেট উপস্থাপন কৰা হৈছে আমাৰ গুৰুত্ব অৰ্থনৈতিক সংস্কাৰৰ ওপৰত’, বাজেট ভাষণত এই মন্তব্য কৰে  কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ এইবাৰৰ বাজেটত সাতটা দিশৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে আৰু এই বাজেটক  'সপ্তৰ্ষী' বুলি কোৱা হৈছে৷  বাজেটত গুৰুত্ব দিয়া বিষয়সমূহ হ’ল- 

কৃষি, মহিলা, যুৱ শক্তিৰ ওপৰত বিশেষ গুৰুত্ব
উদ্যোগ আৰু শিল্প ক্ষেত্ৰত বিশেষ পেকেজ ঘোষণা
প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত এই পেকেজ
বাজেটত গ্ৰীণ এনাৰ্জীৰ ওপৰত বিশেষ গুৰুত্ব
কৃষি ক্ষেত্ৰত ডিজিটেলাইজেচনৰ ওপৰত গুৰুত্ব
‘কৃষি ক্ষেত্ৰত সূচনা হ’ব এগ্ৰি ষ্টাৰ্টআপ’
প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা এবছৰলৈ বৃদ্ধি
৪৪.৬ কোটি লোক বীমাৰ আওতালৈ

১১.৭ কোটি লোকলৈ চৰকাৰী অনাময় ব্যৱস্থা
‘সঠিক পথত গতি কৰিছে ভাৰতীয় অৰ্থ ব্যৱস্থা’
‘আগন্তুক বৰ্ষত অন্ন যোজনাত ব্যয় হ’ব ২ লাখ কোটি’
‘২০১৪ৰ পাছত প্ৰতি ব্যক্তিৰ আয় বৃদ্ধি’
‘পৰ্যটন ক্ষেত্ৰত যুৱ শক্তিৰ বিশেষ ভূমিকা’
‘পি পি পি  মডেলত পৰ্যটন ক্ষেত্ৰত হ’ব কাম’
বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ৭৯হেজাৰ কোটি টকা ধাৰ্য
দেশত নতুনকৈ ৫০ টা বিমানবন্দৰ আৰু হেলিপেড নিৰ্মাণৰ প্ৰস্তাৱ বাজেটত
দেশৰ নগৰ বিকাশৰ বাবে বাজেটত ১০হেজাৰ কোটি টকা আবণ্টন
শিশুসকলৰ বাবে মুকলি কৰা হ'ব ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰাল 
 পঞ্চায়ত আৰু ৱাৰ্ড পৰ্যায়ত খোলা হ’ব ডিজিটেল পুথিভঁৰাল
আদিবাসী ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া বিদ্যালয় স্থাপনত গুৰুত্ব বাজেটত
২০৪৭চনৰ ভিতৰত ভাৰতত নিমূৰ্ল হ'ব এনিমিয়াত আক্ৰান্ত শিশু 

‘ভাৰতৰ অৰ্থ ব্যৱস্থা বিশ্বৰ পঞ্চম স্থানলৈ’
‘৯.৬ কোটি ৰন্ধন গেছৰ ব্যৱস্থা দেশত’
৪৪.৬ কোটি লোক বীমাৰ আওতালৈ
১১.৭ কোটি লোকলৈ চৰকাৰী অনাময় ব্যৱস্থা
‘সঠিক পথত গতি কৰিছে ভাৰতীয় অৰ্থ ব্যৱস্থা’
সংসদত বাজেট দাখিল নিৰ্মলা সীতাৰমণৰ
বাজেট ভাষণ পাঠ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
অমৃতকালৰ বাজেট আখ্যা এইবাৰ বাজেটক

সংসদত বাজেট দাখিল নিৰ্মলা সীতাৰমণৰ
বাজেট ভাষণ পাঠ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ৷
শক্তি ৰূপান্তৰৰ  বাবে ৩৫,০০০ কোটি টকা আৱণ্টন । লক্ষ্য হৈছে ২০৭০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন শূন্য কৰা। সেউজীয়া হাইড্ৰজেন মিছনৰ কথা  ঘোষণা। ১৯,০০০ কোটিৰো অধিক অধিক ধন আৱণ্টন। উপকূলীয় অঞ্চলত মেংগ্ৰোভ অৰণ্য বৃদ্ধি কৰিবলৈ  প্ৰকল্প ঘোষণা।

বেংকত  বাৰে বাৰে কেৱাইচি দিয়াৰ নিয়ম  বন্ধ হ’ব । পান কাৰ্ডখন সাধাৰণ পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰা হ'ব। সকলো ডিজিটেল চৰকাৰী সংস্থাত পানৰ ব্যৱহাৰ বাধ্যতামূলক। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই