--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনীয়ে বৃহস্পতিবাৰে (৬ এপ্ৰিল) বিজেপিত যোগদান কৰে। কেৰালা কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া টিমৰ প্ৰাক্তন আহ্বায়ক অনিল এণ্টনীয়ে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল , ভি মুৰলীধৰণ, কেৰেলা বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

এই সময়ত অনিল এণ্টনীয়ে কয় যে "এজন ভাৰতীয় যুৱক হিচাপে মই অনুভৱ কৰোঁ যে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰ নিৰ্মাণ আৰু জাতীয় সংহতিৰ দৃষ্টিভংগীত অৰিহণা যোগোৱাটো মোৰ দায়িত্ব আৰু কৰ্তব্য।" ২০০২ চনৰ গুজৰাট সাম্প্ৰদায়িক সংঘৰ্ষ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ বিবিচিৰ তথ্যচিত্ৰক লৈ বিতৰ্কৰ পিছত অনিল এণ্টনীয়ে যোৱা জানুৱাৰী মাহত কংগ্ৰেছ এৰি থৈ যায়।"

এই তথ্যচিত্ৰখনক ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ মতামতক লৈ এক বিপজ্জনক ধাৰা বুলি অভিহিত কৰি তেওঁ কয় যে ইয়াৰ ফলত দেশৰ সাৰ্বভৌমত্বত প্ৰভাৱ পৰিব। তেওঁ বিবিচিৰ তথ্যচিত্ৰখন ভাৰতৰ বিৰুদ্ধে পক্ষপাতদুষ্ট বুলি অভিহিত কৰে। এই প্ৰতিক্ৰিয়াৰ পিছত তেওঁ কংগ্ৰেছৰ ভিতৰৰ পৰা সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ইয়াৰ পিছত তেওঁ দলৰ সকলো পদৰ পৰা পদত্যাগ কৰে। অনিল এণ্টনীৰ পিতৃ এ কে এণ্টনী কংগ্ৰেছ চৰকাৰৰ সদয়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী আছিল। ইয়াৰ উপৰিও তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷

উল্লেখযোগ্য যে দল ত্যাগ কৰাৰ পূৰ্বে অনিল এণ্টনীয়ে কেৰালাত কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া চেল চলাইছিল। তেওঁক বিজেপিলৈ আদৰণি জনাই বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে "অনিল এণ্টনি এজন বহুমুখী ব্যক্তিত্ব লোক। তেওঁৰ মতামতসমূহৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মিল আছে। আমি নিশ্চিত যে তেওঁ অত্যন্ত সক্ৰিয় ভূমিকা পালন কৰি যাব আৰু দক্ষিণ ভাৰতত বিজেপিৰ পদাংক বৃদ্ধি কৰাত সহায় কৰিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু