--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত অনুষ্ঠিত কৰা হয় সৰ্বদলীয় বৈঠক৷ বৈঠকত কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে চৰকাৰে   বিৰোধী নেতাসকলক লক্ষ্য কৰি তদন্ত সংস্থা - কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) আৰু প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ক ব্যৱহাৰ কৰি থকা বুলি অভিযোগ কৰে৷ এনে সংস্থাসমূহৰ  "অপব্যৱহাৰ"ক লৈ তেওঁ কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰে৷ 

অন্তৱৰ্তীকালীন বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকত ভাষণ দি কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱক ধনৰ অবাধ সৰবৰাহৰ   গোচৰত সোধা প্ৰশ্নসমূহ  ক্ষমতাৰ "অপব্যৱহাৰ"ৰ উদাহৰণ। 

ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেও  সৰ্বদলীয় বৈঠকত উপস্থিত থাকে৷  খাৰ্গেই  অসমত ভাৰত জোডড়ো ন্যায় যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত হোৱা   আক্ৰমণৰ বিষয়টো বৈঠকত  উত্থাপন কৰে৷ তেওঁ এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰে৷  সংসদৰ পুথিভঁৰাল ভৱনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ অধ্যক্ষতাত অনুষ্ঠিত  সৰ্বদলীয় বৈঠকত বিভিন্ন দলৰ নেতাসকলে  অংশগ্ৰহণ কৰে৷ বৈঠকত  চৰকাৰৰ তৰফৰ পৰা  অধিৱেশনৰ  কাৰ্যসূচীৰ এক আভাস প্ৰদান কৰা হয় ।

 বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উপ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালো উপস্থিত থাকে। বিৰোধীপক্ষৰ ফালৰ পৰা কংগ্ৰেছৰ কে সুৰেশ, টিএমচিৰ সুদীপ বন্দোপাধ্যায়, ডিএমকেৰ টি আৰ বালু, শিৱসেনাৰ ৰাহুল শেৱালে, সমাজবাদী পাৰ্টিৰ এছ টি হাছান,  জেডি(ইউ)ৰ ৰামনাথ ঠাকুৰ আৰু টিডিপিৰ জয়দেৱ গাল্লা উপস্থিত থাকে। বাজেট অধিৱেশন বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ সৈতে আৰম্ভ হ'ব৷ অধিৱেশন  ৯ ফেব্ৰুৱাৰীত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক