--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত অনুষ্ঠিত কৰা হয় সৰ্বদলীয় বৈঠক৷ বৈঠকত কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে চৰকাৰে   বিৰোধী নেতাসকলক লক্ষ্য কৰি তদন্ত সংস্থা - কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) আৰু প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ক ব্যৱহাৰ কৰি থকা বুলি অভিযোগ কৰে৷ এনে সংস্থাসমূহৰ  "অপব্যৱহাৰ"ক লৈ তেওঁ কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰে৷ 

অন্তৱৰ্তীকালীন বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকত ভাষণ দি কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱক ধনৰ অবাধ সৰবৰাহৰ   গোচৰত সোধা প্ৰশ্নসমূহ  ক্ষমতাৰ "অপব্যৱহাৰ"ৰ উদাহৰণ। 

ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেও  সৰ্বদলীয় বৈঠকত উপস্থিত থাকে৷  খাৰ্গেই  অসমত ভাৰত জোডড়ো ন্যায় যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত হোৱা   আক্ৰমণৰ বিষয়টো বৈঠকত  উত্থাপন কৰে৷ তেওঁ এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰে৷  সংসদৰ পুথিভঁৰাল ভৱনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ অধ্যক্ষতাত অনুষ্ঠিত  সৰ্বদলীয় বৈঠকত বিভিন্ন দলৰ নেতাসকলে  অংশগ্ৰহণ কৰে৷ বৈঠকত  চৰকাৰৰ তৰফৰ পৰা  অধিৱেশনৰ  কাৰ্যসূচীৰ এক আভাস প্ৰদান কৰা হয় ।

 বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উপ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালো উপস্থিত থাকে। বিৰোধীপক্ষৰ ফালৰ পৰা কংগ্ৰেছৰ কে সুৰেশ, টিএমচিৰ সুদীপ বন্দোপাধ্যায়, ডিএমকেৰ টি আৰ বালু, শিৱসেনাৰ ৰাহুল শেৱালে, সমাজবাদী পাৰ্টিৰ এছ টি হাছান,  জেডি(ইউ)ৰ ৰামনাথ ঠাকুৰ আৰু টিডিপিৰ জয়দেৱ গাল্লা উপস্থিত থাকে। বাজেট অধিৱেশন বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ সৈতে আৰম্ভ হ'ব৷ অধিৱেশন  ৯ ফেব্ৰুৱাৰীত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু