--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি সংসদত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট৷ বাজেটক লৈ দেশজুৰি চৰ্চা অব্যাহত থকাৰ মাজতে আন এটি বিষয়ে নতুনকৈ চৰ্চা লাভ কৰিছে৷ সেয়া হৈছে, যোৱাবৰ্ষৰ তুলনাত এইবৰ্ষত স্বাস্থ্যখণ্ডৰ বাবে কোনো গুৰুত্বপূৰ্ণ ঘোষণা কৰা হোৱা নাই বাজেটত৷ যদি স্বাস্থ্যখণ্ডৰ অংশীদাৰসকলে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কোনো গুৰুত্বপূৰ্ণ ঘোষণাৰ আশা কৰিছিল, তেন্তে তেওঁলোকে এক হতাশাৰ সম্মুখীন হৈছে৷ কিয়নো, স্বাস্থ্য আন্তঃগাঁথনি আৰু গৱেষণা, দুয়োটা বিষয়কে বাজেটৰ পৰা প্ৰত্যাখ্যান কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণৰ বাজেট ভাষণত আৰম্ভণিতে স্বাস্থ্য উপাদানৰ কথা উল্লেখ কৰি কয় যে ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা আৰু ক’ভিড-১৯ টিকাকৰণ কাৰ্যসূচীৰ দ্ৰুত ৰূপায়ণ দেশবাসীয়ে প্ৰত্যক্ষ কৰিছে৷ অৱশ্যে, বাকীছোৱা ভাষণ স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত নিষ্প্ৰভ আছিল। কেৱল এটা নতুন আঁচনি ঘোষণা কৰা হৈছিল৷ ভাষণ প্ৰসংগত, সীতাৰমণে মহামাৰীটোৱে সকলো বয়সৰ লোকৰ মানসিক স্বাস্থ্যৰ সমস্যা বৃদ্ধি কৰিছে বুলি বিত্তমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ এই কথা লক্ষ্য ৰাখি সীতাৰমণে কয় যে এখন ‘ৰাষ্ট্ৰীয় টেলি মানসিক স্বাস্থ্য কাৰ্যসূচী’ শীঘ্ৰে আৰম্ভ কৰা হ’ব। এই কাৰ্যসূচীত ২৩ টা টেলি-মানসিক স্বাস্থ্যকেন্দ্ৰৰ এক নেটৱৰ্ক অন্তৰ্ভুক্ত থাকিব, যাক বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্ৰতিষ্ঠান (এনআইএমএইচএএনএছ)য়ে সঞ্চালন কৰিব। এই কাৰ্যসূচীত আন্তৰ্জাতিক তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, বাংগালোৰে (আইআইআইটি-বি) প্ৰযুক্তিগত সমৰ্থন আগবঢ়াব। অৱশ্যে, সীতাৰমণে কাৰ্যসূচীটোৰ বিষয়ে আৰু কোনো বিৱৰণ প্ৰদান কৰা নাছিল৷ আনকি আঁচনিখনৰ বাজেটব্যয়ো প্ৰদান কৰা নাছিল। সামগ্ৰিকভাৱে, স্বাস্থ্য মন্ত্ৰণালয়ক ৮৬,২০০০কোটি টকা আৱণ্টন কৰা হৈছে৷ যোৱা বছৰৰ তুলনাত ১২,০০০ কোটি টকা অধিক ধাৰ্য কৰা হৈছে৷ যোৱাবছৰৰ বাজেটত, বিত্তমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ বিশ্বাস ভাৰত যোজনাৰ ঘোষণা কৰিছিল, যাৰ বাবে ছয় বছৰত ব্যয় কৰিবলগা ৬৪,১৮০ কোটি টকা ব্যয় কৰা হ’ব বুলি উল্লেখ কৰিছিল৷ ইয়াৰ উদ্দেশ্য আছিল প্ৰাথমিক, গৌণ আৰু তৃতীয় স্তৰৰ স্বাস্থ্যকেন্দ্ৰবোৰ উন্নত কৰা আৰু নতুন ৰোগ চিনাক্ত আৰু আৰোগ্য কৰাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰা। যোৱাবছৰ ঘোষণা কৰা আঁচনিসমূহৰ ওপৰত কৰা কামৰ মূল্যাংকন প্ৰদান কৰা ‘বাজেট ৰূপায়ণ’ দস্তাবেজে সূচায় যে যোজনাৰ বাবে কাৰ্যকৰী নিৰ্দেশনা কেৱল ২০২১ বৰ্ষৰ অক্টোৱৰত মুকলি কৰা হৈছিল। এই আঁচনিৰ অধীনত প্ৰস্তাৱসমূহ অন্ধ্ৰ প্ৰদেশ, গুজৰাট, তেলেংগানা, জম্মু আৰু কাশ্মীৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ, মেঘালয়, তামিলনাডু আৰু উত্তৰাখণ্ডৰ পৰা লাভ কৰিছে। যোজনা অনুসৰি ‘এক স্বাস্থ্যকেন্দ্ৰ’ স্থাপনৰ বাবে নাগপুৰত ভূমি চিনাক্ত কৰা হৈছে। প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ এক বিজ্ঞপ্তি অনুসৰি, এই কেন্দ্ৰই দেশত গুৰুত্বপূৰ্ণ বেক্টেৰিয়া, ভাইৰেল আৰু পৰজীৱী সংক্ৰমণৰ নিৰীক্ষণ কৰিব। ইয়াক ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পটভূমিত ধাৰণা কৰা হৈছিল। যোৱাবছৰৰ বাজেটত, বিত্তমন্ত্ৰীয়ে লগতে কৈছিল যে আৰু পাঁচটা ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠান (এনআইভি) খোলা হ’ব৷ এই বছৰৰ বাজেট ৰূপায়ণ দস্তাবেজত কোৱা হৈছে যে কেন্দ্ৰসমূহ ডিব্ৰুগড়, নতুন দিল্লী, চণ্ডিগড়, বেংগালুৰু আৰু জবলপুৰত মুকলি কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement