--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিনিধিত্ব কৰি থকা ধৰ্মপুৰ বিধানসভা সমষ্টিত হ’বলৈ গৈ আছে ব্যাপক ৰাজনৈতিক পট পৰিৱৰ্তন৷ বৰ্তমান ধৰ্মপুৰৰ বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰীক ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰি দিল্লীলৈ পঠিওৱাৰ প্ৰস্তুতি চলা বুলি খবৰ ওলাইছে৷ অহা এপ্ৰিলত উকলিব ৰাজ্যসভাত অসমৰ দুখন আসনৰ কাৰ্যকাল৷ দুয়োখন আসনৰ বাবে ৰাজনৈতিক দলসমূহে চলাইছে নিজা নিজা সমীকৰণ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযূষ হাজৰিকাৰ মতে দুয়োখন আসনেই লাভ কৰিব বিজেপিয়ে৷   ইতিমধ্যে, ৰাজ্যিক বিজেপিয়ে ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে৷ একেদৰে, প্ৰস্তুতি চলাইছে দুই বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফেও৷ এতিয়া অসমৰ ৰাজনীতিত চৰ্চা চলা অনুসৰি, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাজ্যসভাৰ জৰিয়তে দিল্লীলৈ পঠাই ধৰ্মপুৰত ‘নিজৰ মানুহ’ক সংস্থাপন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ জানিব পৰা মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক লৈ নাৰাজ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী৷ ইতিমধ্যে, পৰিবহন মন্ত্ৰীগৰাকীৰ ব্যৰ্থ বিভাগৰ বাবে ৰাইজৰ দৃষ্টিত হেয় হৈছিল চৰকাৰ৷ মাজুলীৰ নাও দুৰ্ঘটনা, নিয়োগ মেলা আদি বিষয়ত চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগৰ ব্যৰ্থতাৰ বাবে সমালোচিত হৈছিল ৰাজ্য চৰকাৰ৷   হিমন্ত বিশ্ব শৰ্মাৰ গুডবুকত থকা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাকো ধৰ্মপুৰৰ পৰা জয়ী হৈ অহা চন্দ্ৰমোহন পাটোৱাৰীৰ বাবেই মন্ত্ৰিত্ব দিব পৰা নাছিল মুখ্যমন্ত্ৰীয়ে৷ জ্যেষ্ঠতা, অভিজ্ঞতা আৰু বৰ্তমান দিল্লীস্থিত এগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতাৰ অনুৰোধতহে পাটোৱাৰীয়ে মন্ত্ৰিত্ব লাভ কৰিছিল বুলি শুনা যায়৷ যাৰ বাবে দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈয়ো মন্ত্ৰিত্বৰ পৰা বঞ্চিত হৈছিল ‘দাদা ব্ৰিগেড’ৰ অন্যতম জয়ন্ত মল্ল বৰুৱা৷ সেয়ে এতিয়া ৰাজ্যসভা নিৰ্বাচনত সুযোগৰ সদ্ব্যৱহাৰ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷   চন্দ্ৰমোহন পাটোৱাৰীক শৰ্মা কেবিনেটৰ পৰা আঁতৰাই সেই ঠাইত জয়ন্ত মল্ল বৰুৱাক অন্তৰ্ভুক্তিৰ কুচ-কাৱাজ চলাইছে মুখ্যমন্ত্ৰীয়ে। যাৰ বাবে ৰাজ্যিক বিজেপিয়ে চন্দ্ৰমোহন পাটোৱাৰীক ৰাজ্যসভালৈ প্ৰক্ষেপৰ চিন্তা-চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে৷ যদি চৰ্চা চলা ধৰণেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাজ্যসভালৈ মনোনীত কৰা হয়, তেন্তে কোন হ’ব ধৰ্মপুৰ বিজেপিৰ পৰৱৰ্তী মুখ? এই প্ৰশ্ন এতিয়া ধৰ্মপুৰৰ লগতে নলবাৰীৰ ৰাজনৈতিক প্ৰেক্ষাপটত যথেষ্ট চৰ্চিত হৈছে৷ ৰাজ্যসভালৈ পাটোৱাৰীক প্ৰক্ষেপৰ চিন্তা-চৰ্চা চলা বুলি খবৰ ওলাই থকাৰ মাজতেই ধৰ্মপুৰৰ ৰাজনীতিত প্ৰৱেশ এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ৷   খবৰ অনুসৰি, ধৰ্মপুৰৰ নতুন প্ৰাৰ্থী হ’ব পাৰে মুখ্যমন্ত্ৰীৰ অতি বিশ্বস্ত হিচাপে পৰিচিত এইগৰাকী অধ্যাপক৷ হয়, অনানুষ্ঠিকভাৱে ধৰ্মপুৰৰ ৰাজনীতিত খোজ পেলাইছে বৰমা কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক বিদ্যুৎ বিকাশ ডেকাই৷ কালি মুখ্যমন্ত্ৰীৰ জন্মদিনটোতেই ধৰ্মপুৰৰ ৰাজনীতিত প্ৰৱেশ এইগৰাকী বিদ্যুৎ বিকাশ ডেকাৰ৷ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত বনগাঁও নিবাসী তথা বৰমা কলেজৰ অধ্যাপকগৰাকীয়ে কালি সমষ্টিটোৰ ২৭নং পানীগাঁও গাঁও পঞ্চায়তৰ শনিৰোড চ’কত মুখ্যমন্ত্ৰীৰ জন্মদিনৰ আয়োজন কৰে৷ মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষ্যে এটি স্বৰচিত কবিতাও মুকলি কৰিছে বিদ্যুৎ বিকাশ ডেকাই৷   বিগত বিধানসভা নিৰ্বাচনতে বিদ্যুৎ বিকাশ ডেকা ধৰ্মপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হ’ব বুলি খবৰ ওলাইছিল৷ শেষমুহূৰ্তত পাটোৱাৰী বিজেপিৰ প্ৰাৰ্থী হৈ জয়ী হৈছিল৷ আৰু এতিয়া ৰাজ্যসভা নিৰ্বাচনৰ প্ৰসংগ উত্থাপন হোৱাৰ সময়তে ধৰ্মপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰৱেশ এইগৰাকী অধ্যাপকৰ৷ কটন কলেজত অধ্যয়ন কৰা দিনৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠ বুলি পৰিচিত বিদ্যুৎ বিকাশ ডেকাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ধৰ্মপুৰত সক্ৰিয় হোৱা বুলি অনুমান কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে৷   অৱশ্যে, ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আৰু কিছুদিনৰ পাছতেই স্পষ্ট হ’ব সমগ্ৰ প্ৰেক্ষাপট৷ চন্দ্ৰমোহন পাটোৱাৰীক দিল্লীলৈ পঠাই ধৰ্মপুৰত বিদ্যুৎ বিকাশ ডেকাক সংস্থাপিত কৰি নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক কেবিনেট মন্ত্ৰিত্ব দিবলৈ প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰীয়ে৷ আৰু এয়াই যদি হ’বলৈ হয়, তেন্তে পুনৰ উপ-নিৰ্বাচনৰ বাবে সাজু হ’ব লাগিব ধৰ্মপুৰবাসী৷ একেসময়তে, সমষ্টিটোত উপ-নিৰ্বাচনলৈ সাজু হ’ব লাগিব কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদো৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement