--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্ৰাজিলত সংঘটিত সংঘৰ্ষ সন্দৰ্ভত আজি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মোদীয়ে আজি ব্ৰাজিলত সংঘটিত সংঘৰ্ষ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু চৰকাৰী কৰ্তৃপক্ষক সমৰ্থন আগবঢ়ায় আৰু গণতান্ত্ৰিক পৰম্পৰাক সকলোৱে সন্মান কৰিবলৈ ইচ্ছুক বুলি উল্লেখ কৰে। 

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাক টেগ কৰি টুইটযোগে মোদীয়ে কয়, ব্ৰাচিলিয়াত ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে সংঘৰ্ষৰ বাতৰিক লৈ গভীৰভাৱে চিন্তিত। গণতান্ত্ৰিক পৰম্পৰাক সকলোৱে সন্মান কৰিব লাগিব। আমি ব্ৰাজিলৰ কৰ্তৃপক্ষক আমাৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ৷


ৰাষ্ট্ৰপতি লুলাই সংঘৰ্ষবোৰক ফেচিষ্ট আক্ৰমণ বুলি গৰিহণা দিছে। বলচোনাৰোৱে হিংসাত কোনো ভূমিকা অস্বীকাৰ কৰিছে আৰু লুণ্ঠন আৰু আক্ৰমণক গৰিহণা দিছে।

৭৭ বছৰীয়া বাঁওপন্থী নেতা লুলাই এসপ্তাহ পূৰ্বে ব্ৰাজিলৰ তিক্ত বিভাজনকাৰী অক্টোবৰ নিৰ্বাচনত বলচোনাৰোক পৰাস্ত কৰি কাৰ্যভাৰ গ্ৰহণ কৰিছিল। হাৰ্ডলাইন বলচোনাৰোৰ সমৰ্থকসকলে সেনা ঘাটিৰ বাহিৰত প্ৰতিবাদ কৰি আহিছে, লুলাক ক্ষমতা দখলৰ পৰা বিৰত ৰাখিবলৈ সামৰিক হস্তক্ষেপৰ আহ্বান জনাইছে৷ 

বলচোনাৰোৱে ৰাষ্ট্ৰপতি লুলাৰ ভিত্তিহীন অভিযোগ নাকচ কৰিছে যে তেওঁ সংঘৰ্ষত উচতনি দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক