--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজস্থানৰ জনজাতীয় প্ৰধান ডুংগৰপুৰ জিলাত এতিয়া কৃষকসকলে পৰম্পৰাগত খেতি এৰি লাভজনক বাণিজ্যিক খেতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই খেতিৰে তেওঁলোকে লাভ কৰিছে জীৱনৰ এক অনন্য মাত্ৰা। ধুৱদিয়া গাঁৱত বসবাস কৰা তিনিজন কৃষক ভাতৃয়ে পৰম্পৰাগত খেতিৰ পৰিৱৰ্তে নাৰ্জী ফুলৰ খেতি কৰি বহু লাভ অৰ্জন কৰিছে। গোলাপ ফুলৰ ৰজা হ’ব পাৰে, কিন্তু নাৰ্জী ফুলৰ গুৰুত্বও অধিক দেখা যায়। ধৰ্মীয় অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিবাহ আৰু অন্যান্য অনুষ্ঠানলৈকে নাৰ্জী ফুলৰ অতি প্ৰয়োজন। কম খৰচতে এই খেতি কৰি অতি পৰিশ্ৰমেৰে এই কৃষকসকলে উপাৰ্জন কৰিছে বিপুল পৰিমাণৰ ধন।

 স্মৰ্তব্য যে ডুংগৰপুৰৰ কৃষকসকলেও ফুলৰ খেতি কৰি ভালপায়। সেয়েহে ডুংগৰপুৰৰ সুৰপুৰ গাঁও পঞ্চায়তৰ ধুৱদিয়া গাঁৱত বসবাস কৰা তিনিজন ভাতৃয়ে ফুলৰ খেতিৰ পৰা এক নতুন সফলতাৰ লাভ কৰিছে। ধুৱদিয়া গাঁৱৰ তিনি ভাতৃ কোদৰ পেটেল, কচৰু পেটেল আৰু তেজপাল পেটেলে আগতে ঘেঁহু, ধান, কুঁহিয়াৰৰ দৰে পৰম্পৰাগত খেতি কৰিছিল যদিও কঠোৰ পৰিশ্ৰম আৰু খৰচৰ তুলনাত তেওঁলোকে কম লাভ কৰিছিল। যাৰ বাবে পৰম্পৰাগত কৃষিৰ প্ৰতি তেওঁলোকৰ হতাশা বৃদ্ধি পাইছিল।

 ইয়াৰ বিকল্পৰ কথা ভাবিয়েই তেওঁলোকে ফুলৰ খেতি কৰাৰ আৰম্ভ কৰিলে। পৰিয়ালৰ লোকেও তেওঁলোকক এই কামত সহায় কৰিছিল। তাৰ পাছৰে পৰা তেওঁলোকে নাৰ্জী ফুলৰ খেতিৰে উপাৰ্জনৰ এক ভাল উৎস লাভ কৰিলে। কোদৰ, কাচৰু আৰু তেজপাল পেটেলে লগতে কয় যে তেওঁলোকে একেলগে ৫ বিঘা মাটিত ফুলৰ খেতি কৰে, পাঁচ বিঘা মাটি তিনিখন পথাৰত ভাগ কৰিছে। এখন পথাৰত দুদিনত ১০০ কেজি ফুল ওলায়। একে সময়তে স্থানীয় ব্যৱসায়ীসকলে কৃষকৰ গাঁৱলৈ আহি প্ৰতি কেজিত ২০-৩০ টকাকৈ ফুল ক্ৰয় কৰে। এনে অৱস্থাত তিনিখন খেতিপথাৰৰ পৰা মাহে ৯০ হাজাৰ টকাপৰ্যন্ত উপাৰ্জন কৰে তিনিওজন কৃষক ভাতৃয়ে।

 গাঁওখনৰ আন আন কৃষকসকলেও ফুলৰ খেতি কৰিব বিচাৰে। অৱশ্যে ডুংগৰপুৰ জিলাৰ ধূৱাদিয়া গাঁৱৰ বাসিন্দা তিনিজন কৃষক ভাতৃয়ে এতিয়া পৰম্পৰাগত খেতিৰ পৰিৱৰ্তে ফুলৰ খেতি কৰি সুন্দৰকৈ জীৱন-যাপন কৰিবলৈ সক্ষম হৈছে। বিভিন্ন অনুষ্ঠানত ফুলৰ চাহিদা দেখি ব্যৱসায়ীসকলে নিজেই তেওঁলোকৰ ওচৰলৈ গৈ ফুল ক্ৰয় কৰিছে, যাতে কৃষকসকলে ফুল বিক্ৰী কৰিবলৈ ভাবিবলগীয়া নহয়। একে সময়তে এওঁলোকৰ সফলতা দেখি এতিয়া গাঁৱৰ কৃষকসকলক ফুলৰ খেতি কৰিবলৈ অনুপ্ৰাণিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক