--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘন কুঁৱলী আৰু শীতপ্ৰৱাহে ব্যাহত কৰিছে দিল্লীৰ জনজীৱন। দিল্লী আৰু উত্তৰ ভাৰতৰ অন্যান্য অংশত ঘন কুঁৱলীয়ে আজি পুৱা দৃশ্যমানতা নিম্নতম পৰ্যায়লৈ হ্ৰাস কৰে, যাৰ ফলত কমেও ২৯খন ৰেল আৰু ১১৮খন ঘৰুৱা বিমান বিলম্বিত হয়। ৰাজধানীত শীতপ্ৰৱাহ একেৰাহে পঞ্চম দিনধৰি অব্যাহত আছে৷

ৰাষ্ট্ৰীয় ৰাজধানী নগৰখনত আজি পুৱা দৃশ্যমানতা ২০০মিটাৰলৈ হ্ৰাস পাইছিল। বাহনবোৰক কুঁৱলীৰ আৱৰণৰ মাজেৰে লাহে লাহে বিপদৰ লাইট জ্বলাই চলাচল কৰা দেখা গৈছিল। পুৱতি নিশা দিল্লী বিমানবন্দৰৰ কৰ্তৃপক্ষই কুঁৱলীৰ সতৰ্কতা জাৰি কৰি কয় যে কম দৃশ্যমানতাৰ প্ৰক্ৰিয়া চলি আছে।   

চফদৰজং পৰ্যৱেক্ষণালয়ে আজি পুৱা সৰ্বনিম্ন তাপমাত্ৰা ৩.৮ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰিছে। লোধি ৰোড, আয়ানগৰ আৰু ৰিজৰ বতৰ কেন্দ্ৰসমূহত সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমান্বয়ে ৩.৬ ডিগ্ৰী, ৩.২ ডিগ্ৰী আৰু ৩.৩ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) তথ্যই সমগ্ৰ উত্তৰ ভাৰতৰ কুঁৱলীৰ পৰিস্থিতিৰ ফালে আঙুলিয়াই দিছে। আইএমডিয়ে আজি পুৱা হাৰিয়ানা আৰু দিল্লী ক’ভাৰ কৰি পঞ্জাব আৰু উত্তৰ-পশ্চিম ৰাজস্থানৰ পৰা উত্তৰ প্ৰদেশলৈ বিস্তাৰিত কুঁৱলী আৱৰণৰ এটা উপগ্ৰহ ছবি টুইট কৰিছে।   
ৰে'লৱেৰ তথ্য অনুসৰি, কম দৃশ্যমানতাৰ বাবে ২৯খন ৰে'ল কমেও দুই ঘণ্টা পলম হৈছিল।    
বতৰ কাৰ্যালয়ে শনিবাৰে ভৱিষ্যদ্বাণী কৰিছিল যে পৰৱৰ্তী দুদিনৰ বাবে উত্তৰ-পশ্চিম ভাৰতত ঠাণ্ডা দিনৰ পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে।

দিল্লীত কালি তাপমাত্ৰা ১.৯ ডিগ্ৰী চেলচিয়াছলৈ অৱনমিত হৈছে৷ যিটো যোৱা দশকত দ্বিতীয় সৰ্বনিম্ন।

শীতৰ প্ৰতিকূল পৰিস্থিতিয়ে দিল্লী চৰকাৰে সকলো ব্যক্তিগত বিদ্যালয়ৰ ১৫ জানুৱাৰীলৈকে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে দিল্লী চৰকাৰে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু