--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘন কুঁৱলী আৰু শীতপ্ৰৱাহে ব্যাহত কৰিছে দিল্লীৰ জনজীৱন। দিল্লী আৰু উত্তৰ ভাৰতৰ অন্যান্য অংশত ঘন কুঁৱলীয়ে আজি পুৱা দৃশ্যমানতা নিম্নতম পৰ্যায়লৈ হ্ৰাস কৰে, যাৰ ফলত কমেও ২৯খন ৰেল আৰু ১১৮খন ঘৰুৱা বিমান বিলম্বিত হয়। ৰাজধানীত শীতপ্ৰৱাহ একেৰাহে পঞ্চম দিনধৰি অব্যাহত আছে৷

ৰাষ্ট্ৰীয় ৰাজধানী নগৰখনত আজি পুৱা দৃশ্যমানতা ২০০মিটাৰলৈ হ্ৰাস পাইছিল। বাহনবোৰক কুঁৱলীৰ আৱৰণৰ মাজেৰে লাহে লাহে বিপদৰ লাইট জ্বলাই চলাচল কৰা দেখা গৈছিল। পুৱতি নিশা দিল্লী বিমানবন্দৰৰ কৰ্তৃপক্ষই কুঁৱলীৰ সতৰ্কতা জাৰি কৰি কয় যে কম দৃশ্যমানতাৰ প্ৰক্ৰিয়া চলি আছে।   

চফদৰজং পৰ্যৱেক্ষণালয়ে আজি পুৱা সৰ্বনিম্ন তাপমাত্ৰা ৩.৮ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰিছে। লোধি ৰোড, আয়ানগৰ আৰু ৰিজৰ বতৰ কেন্দ্ৰসমূহত সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমান্বয়ে ৩.৬ ডিগ্ৰী, ৩.২ ডিগ্ৰী আৰু ৩.৩ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) তথ্যই সমগ্ৰ উত্তৰ ভাৰতৰ কুঁৱলীৰ পৰিস্থিতিৰ ফালে আঙুলিয়াই দিছে। আইএমডিয়ে আজি পুৱা হাৰিয়ানা আৰু দিল্লী ক’ভাৰ কৰি পঞ্জাব আৰু উত্তৰ-পশ্চিম ৰাজস্থানৰ পৰা উত্তৰ প্ৰদেশলৈ বিস্তাৰিত কুঁৱলী আৱৰণৰ এটা উপগ্ৰহ ছবি টুইট কৰিছে।   
ৰে'লৱেৰ তথ্য অনুসৰি, কম দৃশ্যমানতাৰ বাবে ২৯খন ৰে'ল কমেও দুই ঘণ্টা পলম হৈছিল।    
বতৰ কাৰ্যালয়ে শনিবাৰে ভৱিষ্যদ্বাণী কৰিছিল যে পৰৱৰ্তী দুদিনৰ বাবে উত্তৰ-পশ্চিম ভাৰতত ঠাণ্ডা দিনৰ পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে।

দিল্লীত কালি তাপমাত্ৰা ১.৯ ডিগ্ৰী চেলচিয়াছলৈ অৱনমিত হৈছে৷ যিটো যোৱা দশকত দ্বিতীয় সৰ্বনিম্ন।

শীতৰ প্ৰতিকূল পৰিস্থিতিয়ে দিল্লী চৰকাৰে সকলো ব্যক্তিগত বিদ্যালয়ৰ ১৫ জানুৱাৰীলৈকে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে দিল্লী চৰকাৰে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক