--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লণ্ডনৰ ৱেম্বলীত হায়দৰাবাদৰ এগৰাকী ২৭ বছৰীয়া যুৱতীক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছে। উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যোৱা কনথাম তেজস্বিনীক মঙলবাৰে পুৱা প্ৰায় ১০ বজাত আৱাসিক সম্পত্তিত ব্ৰাজিলৰ ফ্লেটমেটে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

তেজস্বিনীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে মহানগৰ আৰক্ষীয়ে জনোৱা মতে, ২৮ বছৰীয়া দ্বিতীয়গৰাকী মহিলাক ছুৰীৰ আঘাতৰ সৈতে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে সংকটমুক্ত ঘোষণা কৰে৷উল্লেখ্য যে  ৱেম্বলীৰ নীল্ড ক্ৰেচেণ্টত এই ঘটনা সংঘটিত হৈছিল৷

হায়দৰাবাদৰ তেজস্বিনীৰ এগৰাকী বন্ধু বিজয় নামৰ এজনে কয় যে অভিযুক্তজন ব্ৰাজিলৰ নাগৰিক আৰু এসপ্তাহ নৌহওঁতেই তেওঁ শ্বেয়াৰড হাউছটোলৈ গৈছিল - য’ত তেজস্বিনীয়ে বন্ধু-বান্ধৱীৰ সৈতে বাস কৰিবলৈ স্থানান্তৰিত হৈছিল। খবৰ অনুসৰি তেজস্বিনীয়ে যোৱা বছৰৰ মাৰ্চ মাহত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ লণ্ডনলৈ গৈছিল।


তদুপৰি আন এজন সন্দেহযুক্ত ২৩ বছৰীয়া যুৱককো এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। সংবাদ সংস্থা পিটিআইয়ে জনোৱা মতে, মেট্ৰ’পলিটান পুলিচে ইয়াৰ পূৰ্বে ব্ৰাজিলৰ নাগৰিক কেভেন এণ্টনিঅ’ ল’ৰেংকো ডি মৰেইছৰ ছবি প্ৰকাশ কৰিছিল আৰু তেওঁক বিচাৰি উলিয়াবলৈ জনসাধাৰণৰ সহায় বিচাৰিছিল।যাৰ পৰৱৰ্তী সময়ত সমগ্ৰ অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস