--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নাইজেৰিয়াত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। এক বিবাহ অনুষ্ঠানৰ পৰা নদীৰে উভতি অহাৰ সময়তে নাও ডুবি মৃত্যুক সাবটিবলগীয়া হৈছে শিশুসহ প্ৰায় ১০৩ গৰাকী লোকে।

স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে, ইলোৰিন চহৰৰ পৰা ১৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কোৱাৰা ৰাজ্যৰ নাইজাৰ নদীত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। নাওখনত থকা কেইবাগৰাকীও লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি প্ৰশাসনে লগতে সদৰী কৰে।


এই পৰ্যন্ত নদীৰ পৰা ১০০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰশাসনে লগতে জানিবলৈ দিয়ে। নাওখনত থকা লোকসকলৰে অধিকাংশই একেলগে বিবাহ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল আৰু গভীৰ নিশালৈকে অনুষ্ঠান উপভোগ কৰিছিল।

অধিকাংশ লোকেই নিজ বাহনেৰে এই অনুষ্ঠানত উপস্থিত হৈছিল যদিও মুষলধাৰ বৰষুণে যাত্ৰাপথ বুৰাই পেলোৱাত স্থানীয়ভাৱে নিৰ্মিত নাওখনত তেওঁলোক অনুষ্ঠানৰ পৰা উভতিবলগীয়া হৈছিল বুলি স্থানীয় এগৰাকী ব্যক্তিয়ে জানিবলৈ দিয়ে।

জানিব পৰা মতে, নাওখনত প্ৰায় ৩০০ লোক আছিল। এই ভয়াৱহ দুৰ্ঘটনাটো পুৱা ৩ বজাতে সংঘটিত হোৱাৰ বাবে বহু সময়লৈ দুৰ্ঘটনাৰ বিষয়ে কোনো খবৰ ওলোৱা নাছিল বুলি ব্যক্তিগৰাকীয়ে লগতে কয়।

পিছত ঘটনাৰ বিষয়ে জানিব পাৰি যাত্ৰীসকল ডুব কাষৰীয়া গাঁৱৰ লোকসকল সেই স্থানত উপস্থিত হয় আৰু প্ৰথমে প্ৰায় ৫০ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি স্থানীয় লোকৰ ভাষ্যৰ ভিত্তিত আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ