--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নাইজেৰিয়াত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। এক বিবাহ অনুষ্ঠানৰ পৰা নদীৰে উভতি অহাৰ সময়তে নাও ডুবি মৃত্যুক সাবটিবলগীয়া হৈছে শিশুসহ প্ৰায় ১০৩ গৰাকী লোকে।

স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে, ইলোৰিন চহৰৰ পৰা ১৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কোৱাৰা ৰাজ্যৰ নাইজাৰ নদীত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। নাওখনত থকা কেইবাগৰাকীও লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি প্ৰশাসনে লগতে সদৰী কৰে।


এই পৰ্যন্ত নদীৰ পৰা ১০০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰশাসনে লগতে জানিবলৈ দিয়ে। নাওখনত থকা লোকসকলৰে অধিকাংশই একেলগে বিবাহ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল আৰু গভীৰ নিশালৈকে অনুষ্ঠান উপভোগ কৰিছিল।

অধিকাংশ লোকেই নিজ বাহনেৰে এই অনুষ্ঠানত উপস্থিত হৈছিল যদিও মুষলধাৰ বৰষুণে যাত্ৰাপথ বুৰাই পেলোৱাত স্থানীয়ভাৱে নিৰ্মিত নাওখনত তেওঁলোক অনুষ্ঠানৰ পৰা উভতিবলগীয়া হৈছিল বুলি স্থানীয় এগৰাকী ব্যক্তিয়ে জানিবলৈ দিয়ে।

জানিব পৰা মতে, নাওখনত প্ৰায় ৩০০ লোক আছিল। এই ভয়াৱহ দুৰ্ঘটনাটো পুৱা ৩ বজাতে সংঘটিত হোৱাৰ বাবে বহু সময়লৈ দুৰ্ঘটনাৰ বিষয়ে কোনো খবৰ ওলোৱা নাছিল বুলি ব্যক্তিগৰাকীয়ে লগতে কয়।

পিছত ঘটনাৰ বিষয়ে জানিব পাৰি যাত্ৰীসকল ডুব কাষৰীয়া গাঁৱৰ লোকসকল সেই স্থানত উপস্থিত হয় আৰু প্ৰথমে প্ৰায় ৫০ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি স্থানীয় লোকৰ ভাষ্যৰ ভিত্তিত আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস