--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাক্ স্বাধীনতাৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰা টুইটাৰে অৱশেষত আদালতত মুখ থেকেচা খাবলগীয়া হয়।  কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ সময়ত টুইটাৰে আদালতত বাক্ স্বাধীনতাৰ কথাটো বিশেষভাবে উল্লেখ কৰিছিল। কিন্তু কৰ্ণাটক উচ্চ ন্যায়ালয়ে  টুইটাৰৰ দাবীক মানি নলৈ চৰকাৰৰ সপক্ষে ৰায় দিয়ে। 

কেৱল সেয়াই নহয়, আদালতে  মাইক্ৰ'ব্লগিং ছাইটত ৫০ লাখ টকাৰ জৰিমনা বিহিছে। প্ৰকৃততে কি বিষয়কলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে টুইটাৰৰ সংঘাত হৈছিল? 

ফেব্ৰুৱাৰী ২০২১ৰ পৰা ফেব্ৰুৱাৰী ২০২২ লৈ কেন্দ্ৰই এই এবছৰৰ ভিতৰত  বহুতো ছ'চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশ দিছিল। বহুতো টুইট বিলোপ কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল। সেই আদেশ অনুসৰি  টুইটাৰে কেইবাটাও একাউণ্ট বন্ধ  কৰিছিল, কিন্তু কিছুমান একাউণ্ট বন্ধ  কৰাৰ ক্ষেত্ৰত টুইটাৰে কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰণ কৰা নাছিল। ২০২২ চনৰ জুলাই মাহত টুইটাৰে কেন্দ্ৰৰ আদেশৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ত আবেদন কৰে।

গোচৰটোৰ বহু  কেইটা শুনানিত টুইটাৰে দাবী কৰিছে যে কেন্দ্ৰই বন্ধ  কৰিবলৈ কোৱা একাউণ্টবোৰ কিয় বন্ধ কৰিব লাগে তাৰ  সঠিক  কাৰণ দিয়া হোৱা নাই। সেয়ে  এনেদৰে একাউণ্ট  বন্ধ  কৰাটো বাক স্বাধীনতাৰ বিৰোধী। 

টুইটাৰে এইবুলিও  দাবী কৰিছিল যে একাউণ্টসমূহ বন্ধ  এটা নিৰ্দিষ্ট নিয়ম থাকিব লাগে। কিন্তু কেন্দ্ৰই স্পষ্ট কৰি দিছিল যে সকলো সংস্থাই দেশৰ  আইন অনুসৰণ কৰিব লাগিব।

অৱশেষত আদালতে আজি কয় যে বাক স্বাধীনতাৰ যুক্তি মানি ল’ব পৰা বিধৰ  নহয়।   আদালতে এইবিশয়ত  টুইটাৰৰ সকলো অনুৰোধ খাৰিজ কৰে। লগতে  কেন্দ্ৰৰ আদেশ পালন নকৰাৰ বাবে  কোম্পানীটোৰ ওপৰত ৫০ লাখ টকাৰ জৰিমনা আৰোপ কৰে।  অৱশ্যে, টুইটাৰৰ বাবে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পথ এতিয়াও মুকলি হৈ আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন