--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাক্ স্বাধীনতাৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰা টুইটাৰে অৱশেষত আদালতত মুখ থেকেচা খাবলগীয়া হয়।  কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ সময়ত টুইটাৰে আদালতত বাক্ স্বাধীনতাৰ কথাটো বিশেষভাবে উল্লেখ কৰিছিল। কিন্তু কৰ্ণাটক উচ্চ ন্যায়ালয়ে  টুইটাৰৰ দাবীক মানি নলৈ চৰকাৰৰ সপক্ষে ৰায় দিয়ে। 

কেৱল সেয়াই নহয়, আদালতে  মাইক্ৰ'ব্লগিং ছাইটত ৫০ লাখ টকাৰ জৰিমনা বিহিছে। প্ৰকৃততে কি বিষয়কলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে টুইটাৰৰ সংঘাত হৈছিল? 

ফেব্ৰুৱাৰী ২০২১ৰ পৰা ফেব্ৰুৱাৰী ২০২২ লৈ কেন্দ্ৰই এই এবছৰৰ ভিতৰত  বহুতো ছ'চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশ দিছিল। বহুতো টুইট বিলোপ কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল। সেই আদেশ অনুসৰি  টুইটাৰে কেইবাটাও একাউণ্ট বন্ধ  কৰিছিল, কিন্তু কিছুমান একাউণ্ট বন্ধ  কৰাৰ ক্ষেত্ৰত টুইটাৰে কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰণ কৰা নাছিল। ২০২২ চনৰ জুলাই মাহত টুইটাৰে কেন্দ্ৰৰ আদেশৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ত আবেদন কৰে।

গোচৰটোৰ বহু  কেইটা শুনানিত টুইটাৰে দাবী কৰিছে যে কেন্দ্ৰই বন্ধ  কৰিবলৈ কোৱা একাউণ্টবোৰ কিয় বন্ধ কৰিব লাগে তাৰ  সঠিক  কাৰণ দিয়া হোৱা নাই। সেয়ে  এনেদৰে একাউণ্ট  বন্ধ  কৰাটো বাক স্বাধীনতাৰ বিৰোধী। 

টুইটাৰে এইবুলিও  দাবী কৰিছিল যে একাউণ্টসমূহ বন্ধ  এটা নিৰ্দিষ্ট নিয়ম থাকিব লাগে। কিন্তু কেন্দ্ৰই স্পষ্ট কৰি দিছিল যে সকলো সংস্থাই দেশৰ  আইন অনুসৰণ কৰিব লাগিব।

অৱশেষত আদালতে আজি কয় যে বাক স্বাধীনতাৰ যুক্তি মানি ল’ব পৰা বিধৰ  নহয়।   আদালতে এইবিশয়ত  টুইটাৰৰ সকলো অনুৰোধ খাৰিজ কৰে। লগতে  কেন্দ্ৰৰ আদেশ পালন নকৰাৰ বাবে  কোম্পানীটোৰ ওপৰত ৫০ লাখ টকাৰ জৰিমনা আৰোপ কৰে।  অৱশ্যে, টুইটাৰৰ বাবে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পথ এতিয়াও মুকলি হৈ আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস