--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুত,ভাৰতীয় টেলিভিশ্যন জগতৰ পৰা ৰূপালী পৰ্দাৰ নায়কলৈ সকলো চৰিত্ৰৰে দৰ্শকৰ মন মোহা এজন প্ৰতিভাৱান অভিনেতা আছিল৷সদায় এটা হাঁহি মুখত লৈ থকা অভিনেতাজনে হঠাতে এদিন পৃথিৱীৰ পৰা মেলানি মাগিলে৷প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ কাৰণ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্তই এতিয়াও চূড়ান্ত কৰিব পৰা নাই। আচলতে এই বিষয়টো কেৱল আমেৰিকাতহে আবদ্ধ হৈ আছে। দুৰ্নীতি বিৰোধী সংস্থাটোৱে ২০২১ চনত কেলিফৰ্ণিয়াৰ মুখ্য কাৰ্যালয় থকা গুগল আৰু ফেচবুকলৈ আনুষ্ঠানিক অনুৰোধ প্ৰেৰণ কৰিছিল, অভিনেতাজনৰ সকলো ডিলিট কৰা বাৰ্তা, ইমেইল বা পোষ্টৰ সবিশেষ শ্বেয়াৰ কৰে যাতে চিবিআইয়ে সকলো বাৰ্তা আৰু মেইল ​​তথা পোষ্ট বিশ্লেষণ কৰিব পাৰে।

উল্লেখযোগ্য যে ১৪ জুন, ২০২০ তাৰিখে সুশান্তক তেওঁৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তাৰ পাছত এই৷মৃত্যুৰ তদন্ত চিবিআইয়ে লাভ কৰে৷তদুপৰি ভাৰত আৰু আমেৰিকাৰ মিউচুৱেল লিগেল এচিষ্টেন্স ট্ৰিটি (MLAT) আছে, যাৰ অধীনত দুয়োপক্ষই যিকোনো ঘৰুৱা তদন্তত তথ্য লাভ কৰিব পাৰে৷এক প্ৰতিবেদন অনুসৰি চিবিআইৰ এজন বিষয়াই কয়, ‘আমি এতিয়াও এই কাৰিকৰী প্ৰমাণৰ ওপৰত আমেৰিকাৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছো, যিয়ে আমাক গোচৰটোক যুক্তিসংগত সিদ্ধান্তলৈ লৈ যোৱাত সহায় কৰিব পাৰে। এই কাৰণেই মৃত্যুৰ বিষয়টো চূড়ান্ত কৰাত আমাৰ পলম হৈছে।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন