--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী সহজ-সৰল মৰমীয়াল তিৰোতা। মুখত অনবৰতে এটা মিচিকিয়া হাঁহি কঢ়িয়াই ফুৰে। নাম- এণ্ট’নেলা। স্বামী- লিঅ’নেল মেছি।

কোৱা হয় যে প্ৰত্যেক পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে। অথবা প্ৰত্যেক নাৰীৰ সফলতাৰ আঁৰত এগৰাকী পুৰুষ থাকে। পুৰুষ-নাৰীৰ এই মিলনৰে যেন অন্য নাম এণ্টনেলা-মেছিৰ প্ৰেমকাহিনী!

বহু অপেক্ষাৰ পাছত এতিয়া আৰ্জেণ্টিনাই ফুটবল বিশ্ব শাসনৰ অধিকাৰ লাভ কৰিছে। লিঅ’নেল মেছিৰ অনবদ্য নেতৃত্বৰে লেটিন আমেৰিকান দেশখনে কাটাৰ বিশ্বকাপ জয় কৰিছে। এতিয়া কেৱল আৰ্জেণ্টিনাই নহয়, বিশ্বজুৰি মেছি বন্দনাৰে মুখৰ হৈ পৰিছে ফুটবলপ্ৰেমীসকল। মেছিৰ সমানেই উচ্চাৰিত হৈছে পত্নী এণ্টনেলা ৰকুজ্জ’ৰ নামো।

খেলপথাৰত এগৰাকী শৈল্পিক ফুটবলাৰ লিঅ’নেল মেছি। ঠিক সেইদৰে সাংসাৰিক জীৱনতো এগৰাকী দায়িত্বশীল প্ৰেমিক-স্বামী তেওঁ। বিভিন্ন সাক্ষাৎকাৰত মেছিয়ে পত্নী এণ্ট’নেলাৰ নাম উল্লেখ কৰি আহিছে। জনাই আহিছে যে এণ্ট’নেলাৰ প্ৰেৰণা-উৎসাহৰ বলতে তেওঁ ইমান দূৰ আগুৱাব পাৰিছে।

কাটাৰ বিশ্বকাপ জয়ৰ পাছতো খেলপথাৰৰ মাজত দুই সন্তানৰ স’তে এণ্ট’নেলাক দেখা পোৱা গ’ল। মৰমৰ পত্নী এণ্ট’নেলাৰ হাতত বিশ্বকাপ তুলি দিয়ে স্বামী লিঅ’নেলে। স্বামীৰ কৃতিত্বৰে গৌৰৱৰ অধিকাৰী পত্নী এণ্ট’নেলা। বহু আকাংক্ষিত চুমা যাচে বিশ্বকাপত।

আৰ্জেণ্টিনাৰ ৰোজাৰিঅ’ চহৰত জন্মলাভ কৰিছিল মেছি আৰু এণ্ট’নেলাৰ। ৫ বছৰ বয়সৰ পৰাই দুয়ো দুয়োৰে চিনাকি। স্কুলীয়া জীৱনতো দুয়ো একেলগে কটায়।

২০০০ চনত মাত্ৰ তেৰ বছৰ বয়সতে লিঅ’নেল মেছি স্পেইনৰ বাৰ্চিলোনা চহৰলৈ আহে। দুচকুত ফুটবলেৰে জগত জিনাৰ সপোন। ভৰ্তি কৰোৱা হয় বাৰ্চিলোনা ফুটবল ক্লাবৰ যুৱ একাডেমীত। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ স্পেইনলৈ যোৱাৰে পৰা এণ্ট’নেলাৰ পৰাও বিচ্ছিন্ন হৈ পৰে কিশোৰ লিঅ’নেল।

কিন্তু ২০০৫ চনত দুয়োৰে পুনৰ সংযোগ ঘটে। মেছিয়ে খবৰ লাভ কৰে এণ্ট’নেলাৰ এজন প্ৰিয় বন্ধুৱে এটা মটৰ দুৰ্ঘটনাত মৃত্যু হয়। সমবেদনা জনাবলৈ মেছিয়ে শৈশৱৰ বান্ধৱী এণ্ট’নেলাক ফোন কৰে।

তাৰপাছৰে পুনৰ ঘনিষ্ঠ হৈ পৰে দুয়ো। ২০০৮ চনৰ পৰা বিভিন্ন স্থানত দুয়োকে একেলগে দেখা যায়। ২০১০ চনত মেছিয়ে এণ্ট’নেলাক প্ৰেমৰ প্ৰস্তাৱ যাচে। তাৰপাছতে সকলো ৰাজহুৱা হৈ পৰে। বিয়পি পৰে দুয়োৰে প্ৰেমকাহিনী।

অৱশেষত ২০১৭ চনৰ দুয়োৰে জন্মস্থান ৰোজাৰিঅ’ চহৰতে বিয়া হৈ যায় লিঅ’নেল-এণ্ট’নেলাৰ। প্ৰথম সন্তান থিয়াগ’ৱে ২০১২ চনত জন্মলাভ কৰে। ২০১৫ চনত জন্ম হয় মধ্যম পুত্ৰ মাতিও। ২০১৮ চনত জন্ম হয় কনিষ্ঠ সন্তান চিৰ’।

লিঅ’নেল মেছিৰ পত্নী হোৱাৰ উপৰিও এণ্ট’নেলা এগৰাকী মডেলো। সৰুতে দাঁতৰ চিকিৎসক হোৱাৰ সপোন দেখা এণ্টনেলাক বিভিন্ন নামী দামী পণ্যৰ বিজ্ঞাপনত দেখা পোৱা যায়। তদুপৰি আৰ্জেণ্টিনাত এখন জনপ্ৰিয় বুটিকো আছে এণ্ট’নেলাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল