--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী সহজ-সৰল মৰমীয়াল তিৰোতা। মুখত অনবৰতে এটা মিচিকিয়া হাঁহি কঢ়িয়াই ফুৰে। নাম- এণ্ট’নেলা। স্বামী- লিঅ’নেল মেছি।

কোৱা হয় যে প্ৰত্যেক পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে। অথবা প্ৰত্যেক নাৰীৰ সফলতাৰ আঁৰত এগৰাকী পুৰুষ থাকে। পুৰুষ-নাৰীৰ এই মিলনৰে যেন অন্য নাম এণ্টনেলা-মেছিৰ প্ৰেমকাহিনী!

বহু অপেক্ষাৰ পাছত এতিয়া আৰ্জেণ্টিনাই ফুটবল বিশ্ব শাসনৰ অধিকাৰ লাভ কৰিছে। লিঅ’নেল মেছিৰ অনবদ্য নেতৃত্বৰে লেটিন আমেৰিকান দেশখনে কাটাৰ বিশ্বকাপ জয় কৰিছে। এতিয়া কেৱল আৰ্জেণ্টিনাই নহয়, বিশ্বজুৰি মেছি বন্দনাৰে মুখৰ হৈ পৰিছে ফুটবলপ্ৰেমীসকল। মেছিৰ সমানেই উচ্চাৰিত হৈছে পত্নী এণ্টনেলা ৰকুজ্জ’ৰ নামো।

খেলপথাৰত এগৰাকী শৈল্পিক ফুটবলাৰ লিঅ’নেল মেছি। ঠিক সেইদৰে সাংসাৰিক জীৱনতো এগৰাকী দায়িত্বশীল প্ৰেমিক-স্বামী তেওঁ। বিভিন্ন সাক্ষাৎকাৰত মেছিয়ে পত্নী এণ্ট’নেলাৰ নাম উল্লেখ কৰি আহিছে। জনাই আহিছে যে এণ্ট’নেলাৰ প্ৰেৰণা-উৎসাহৰ বলতে তেওঁ ইমান দূৰ আগুৱাব পাৰিছে।

কাটাৰ বিশ্বকাপ জয়ৰ পাছতো খেলপথাৰৰ মাজত দুই সন্তানৰ স’তে এণ্ট’নেলাক দেখা পোৱা গ’ল। মৰমৰ পত্নী এণ্ট’নেলাৰ হাতত বিশ্বকাপ তুলি দিয়ে স্বামী লিঅ’নেলে। স্বামীৰ কৃতিত্বৰে গৌৰৱৰ অধিকাৰী পত্নী এণ্ট’নেলা। বহু আকাংক্ষিত চুমা যাচে বিশ্বকাপত।

আৰ্জেণ্টিনাৰ ৰোজাৰিঅ’ চহৰত জন্মলাভ কৰিছিল মেছি আৰু এণ্ট’নেলাৰ। ৫ বছৰ বয়সৰ পৰাই দুয়ো দুয়োৰে চিনাকি। স্কুলীয়া জীৱনতো দুয়ো একেলগে কটায়।

২০০০ চনত মাত্ৰ তেৰ বছৰ বয়সতে লিঅ’নেল মেছি স্পেইনৰ বাৰ্চিলোনা চহৰলৈ আহে। দুচকুত ফুটবলেৰে জগত জিনাৰ সপোন। ভৰ্তি কৰোৱা হয় বাৰ্চিলোনা ফুটবল ক্লাবৰ যুৱ একাডেমীত। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ স্পেইনলৈ যোৱাৰে পৰা এণ্ট’নেলাৰ পৰাও বিচ্ছিন্ন হৈ পৰে কিশোৰ লিঅ’নেল।

কিন্তু ২০০৫ চনত দুয়োৰে পুনৰ সংযোগ ঘটে। মেছিয়ে খবৰ লাভ কৰে এণ্ট’নেলাৰ এজন প্ৰিয় বন্ধুৱে এটা মটৰ দুৰ্ঘটনাত মৃত্যু হয়। সমবেদনা জনাবলৈ মেছিয়ে শৈশৱৰ বান্ধৱী এণ্ট’নেলাক ফোন কৰে।

তাৰপাছৰে পুনৰ ঘনিষ্ঠ হৈ পৰে দুয়ো। ২০০৮ চনৰ পৰা বিভিন্ন স্থানত দুয়োকে একেলগে দেখা যায়। ২০১০ চনত মেছিয়ে এণ্ট’নেলাক প্ৰেমৰ প্ৰস্তাৱ যাচে। তাৰপাছতে সকলো ৰাজহুৱা হৈ পৰে। বিয়পি পৰে দুয়োৰে প্ৰেমকাহিনী।

অৱশেষত ২০১৭ চনৰ দুয়োৰে জন্মস্থান ৰোজাৰিঅ’ চহৰতে বিয়া হৈ যায় লিঅ’নেল-এণ্ট’নেলাৰ। প্ৰথম সন্তান থিয়াগ’ৱে ২০১২ চনত জন্মলাভ কৰে। ২০১৫ চনত জন্ম হয় মধ্যম পুত্ৰ মাতিও। ২০১৮ চনত জন্ম হয় কনিষ্ঠ সন্তান চিৰ’।

লিঅ’নেল মেছিৰ পত্নী হোৱাৰ উপৰিও এণ্ট’নেলা এগৰাকী মডেলো। সৰুতে দাঁতৰ চিকিৎসক হোৱাৰ সপোন দেখা এণ্টনেলাক বিভিন্ন নামী দামী পণ্যৰ বিজ্ঞাপনত দেখা পোৱা যায়। তদুপৰি আৰ্জেণ্টিনাত এখন জনপ্ৰিয় বুটিকো আছে এণ্ট’নেলাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু