--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপোন পূৰণ হ’ল লিঅ’নেল মেছিৰ। অৱশেষত ৩৬ বছৰৰ অন্তত বিশ্বকাপ বিজয় কৰিলে মেছিৰ আৰ্জেণ্টিনাই। কিন্তু বিশ্বকাপ জয় কৰিলেও বিজয়ৰ ট্ৰফী নিজ দেশ আৰ্জেণ্টিনালৈ নিব নোৱাৰিব মেছিয়ে! কিন্তু কিয়? কিহৰ বাবে বিজয়ৰ ট্ৰফী ঘৰলৈ নিয়াত বাৰণ কৰা হৈছে মেছিক?

প্ৰকৃততে বিশ্বকাপ জিকাৰ পাছত কোনো দলেই ট্ৰফী নিজৰ দেশলৈ নিব নোৱাৰে। ১৯৮৬ চনত মাৰাডোনাইও নোৱাৰিছিল। মূল ট্ৰফীটোৰ সলনি বিজয়ী দলটোৱে নিজৰ দেশলৈ নিবলৈ এটা ব্ৰোঞ্জৰ ট্ৰফীহে দিয়া হয়। মূল ট্ৰফীটো চুইজাৰলেণ্ডৰ জুৰিখস্থিত ফিফাৰ বিশ্ব ফুটবল মিউজিয়ামত ৰখা হয়। বিশ্বকাপৰ সময়ত ট্ৰফীটো আয়োজক দেশখনে লৈ আহে। বিশ্বকাপ শেষ হ’লে পুনৰ মিউজিয়ামলৈ লৈ যোৱা হয়। 

পূৰ্বে ফিফাৰ নিয়ম আছিল যে যি দেশে তিনিবাৰকৈ বিশ্বকাপ জয় কৰে, সেই দেশক আচল তথা মূল ট্ৰফীটো দি দিয়া হয়। ১৯৭০ চনত তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰে ব্ৰাজিলে। সেয়ে বিশ্বকাপৰ আচল ট্ৰফীটো ব্ৰাজিলৰ দলে ঘৰলৈ নিবলৈ সুযোগ লাভ কৰিছিল। ব্ৰাজিল ফুটবল সংস্থাৰ কাৰ্যালয়ত ৰখা হৈছিল ট্ৰফীটো।

কিন্তু ১৯৮৩ চনৰ ১৯ ডিচেম্বৰত সেই ট্ৰফীটো চুৰি হৈ যায় আৰু বিচাৰি পোৱা নগ’ল। অনুমান কৰা হৈছিল যে ট্ৰফীটোত থকা সোণসমূহ গলাই কোনো দুষ্টচক্ৰই বিক্ৰী কৰি দিছিল। তেতিয়াৰে পৰা কোনো দেশকে বিশ্বকাপৰ আচল ট্ৰফীটো দিয়া হোৱা নাই। দিয়া হয় বিশ্বকাপ ট্ৰফীৰ প্ৰতিমূৰ্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু