--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপোন পূৰণ হ’ল লিঅ’নেল মেছিৰ। অৱশেষত ৩৬ বছৰৰ অন্তত বিশ্বকাপ বিজয় কৰিলে মেছিৰ আৰ্জেণ্টিনাই। কিন্তু বিশ্বকাপ জয় কৰিলেও বিজয়ৰ ট্ৰফী নিজ দেশ আৰ্জেণ্টিনালৈ নিব নোৱাৰিব মেছিয়ে! কিন্তু কিয়? কিহৰ বাবে বিজয়ৰ ট্ৰফী ঘৰলৈ নিয়াত বাৰণ কৰা হৈছে মেছিক?

প্ৰকৃততে বিশ্বকাপ জিকাৰ পাছত কোনো দলেই ট্ৰফী নিজৰ দেশলৈ নিব নোৱাৰে। ১৯৮৬ চনত মাৰাডোনাইও নোৱাৰিছিল। মূল ট্ৰফীটোৰ সলনি বিজয়ী দলটোৱে নিজৰ দেশলৈ নিবলৈ এটা ব্ৰোঞ্জৰ ট্ৰফীহে দিয়া হয়। মূল ট্ৰফীটো চুইজাৰলেণ্ডৰ জুৰিখস্থিত ফিফাৰ বিশ্ব ফুটবল মিউজিয়ামত ৰখা হয়। বিশ্বকাপৰ সময়ত ট্ৰফীটো আয়োজক দেশখনে লৈ আহে। বিশ্বকাপ শেষ হ’লে পুনৰ মিউজিয়ামলৈ লৈ যোৱা হয়। 

পূৰ্বে ফিফাৰ নিয়ম আছিল যে যি দেশে তিনিবাৰকৈ বিশ্বকাপ জয় কৰে, সেই দেশক আচল তথা মূল ট্ৰফীটো দি দিয়া হয়। ১৯৭০ চনত তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰে ব্ৰাজিলে। সেয়ে বিশ্বকাপৰ আচল ট্ৰফীটো ব্ৰাজিলৰ দলে ঘৰলৈ নিবলৈ সুযোগ লাভ কৰিছিল। ব্ৰাজিল ফুটবল সংস্থাৰ কাৰ্যালয়ত ৰখা হৈছিল ট্ৰফীটো।

কিন্তু ১৯৮৩ চনৰ ১৯ ডিচেম্বৰত সেই ট্ৰফীটো চুৰি হৈ যায় আৰু বিচাৰি পোৱা নগ’ল। অনুমান কৰা হৈছিল যে ট্ৰফীটোত থকা সোণসমূহ গলাই কোনো দুষ্টচক্ৰই বিক্ৰী কৰি দিছিল। তেতিয়াৰে পৰা কোনো দেশকে বিশ্বকাপৰ আচল ট্ৰফীটো দিয়া হোৱা নাই। দিয়া হয় বিশ্বকাপ ট্ৰফীৰ প্ৰতিমূৰ্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক