--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ জয় কৰে ফ্ৰান্সে। ২০০৬ চনত ৰানাৰ্চ আপ আৰু ২০১৮ চনত পুনৰ বিজয়ী হয়। এতিয়া ২০২২ চনৰ ৰানাৰ্চ আপ হয় ফ্ৰান্স। কিন্তু ইয়াৰ আগলৈকে ফ্ৰান্সত ফুটবলৰ বিশেষ পৰিৱেশ নাছিল। আনকি দুখন বিশ্বকাপত খেলাৰেই যোগ্যতা অৰ্জন কৰা নাছিল ইউৰোপৰ আগশাৰীৰ দেশখনে।

১৯৯৮ চনত বিশ্বজয় কৰাৰ পাছতে সলনি হৈ পৰিল ফৰাচী ফুটবল। ইয়াৰ আগলৈকে বিশ্বকাপত দেশখনৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আচিল ১৯৫৮ আৰু ১৯৮৬ চনত তৃতীয় স্থান অধিকাৰ। কিন্তু কেনেদৰে সলনি হৈ পৰিল ফৰাচী ফুটবলৰ পৰিৱেশ? কি পৰিকল্পনাৰ দ্বাৰা ফ্ৰান্সে জন্ম দিছে এমবাপেৰ দৰে ফুটবলৰ নতুন তাৰকাক?

ফৰাচী ফুটবলৰ নতুন পৰিকল্পনা এদিনতে সম্পাদন হোৱা নাই। দীৰ্ঘ পৰিকল্পনা কৰা হৈছিল। ফ্ৰান্সক আধুনিক ফুটবলৰ কাৰখানা বুলি কোৱা হয়। প্ৰতি বছৰেই ফ্ৰান্স ফুটবল ফেডাৰেছনে নতুন নতুন বিশ্বমানৰ তাৰকাক জন্ম দিছে।

ফুটবল ফেডাৰেচনৰ প্ৰতিনিধিসকলে এইক্ষেত্ৰত বিশেষ পৰিকল্পনা হাতত লয়। গোটেই বছৰ তেওঁলোকে দেশজুৰি বিভিন্ন প্ৰান্তত গৈ ফুটবল প্ৰতিভাসমূহ চিনাক্ত কৰে। শিশু অৱস্থাতে এই ফুটবলাৰসকলক ফুটবল স্কুললৈ পঠোৱা হয়।

এনেধৰণেই পেৰিছৰ কাষৰ প্ৰব্ৰজনকাৰী শিবিৰৰ পৰা উলিয়াই অনা হৈছিল কিলিয়ান এমবাপে, পল পগবাৰ দৰে মহাতাৰকাক। এমবাপে এটা সৰু ঘৰত ডাঙৰ-দীঘল হৈছিল। প্ৰব্ৰজিত শিবিৰটোত প্ৰায়ভাগ আবাসীয়েই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছিল। ইয়াৰ মাজত অনেকে অপৰাধৰ বাটো ল’ব লগা হৈছিল।

এই প্ৰব্ৰজিত শিবিৰসমূহৰ কাষতে তথা পেৰিছৰ উপকণ্ঠ অঞ্চলত গঢ়ি তোলা হয় ১৪ খনকৈ ফুটবল স্কুল। গঢ়া হয় ১০০ টা ফুটবল ক্লাব। ফুটবল স্কুলসমূহত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ফুটবলৰ প্ৰতি আকৃষ্ট শিশুসকলক নামভৰ্তি কৰোৱা হয়। স্কুলৰ পৰা পাছ হোৱাৰ পাছতে তেওঁলোকক ক্লাবসমূহে লৈ লয়। ফুটবলাৰসকলক মোটা অংকৰ ধনো প্ৰদান কৰা হয়।

এমবাপেৰ প্ৰথম ক্লাব আছিল এএছ বণ্ডি। এই ক্লাবটো এনেধৰণৰ এটা ক্লাবেই আছিল। তাৰপাছতে এমবাপেই ম’নাকো এফচিত যায়। 

ফ্ৰান্স ফুটবল ফেডাৰেচনৰ এই কাৰ্যপদ্ধতি অতি সূচাৰুৰূপে সম্পন্ন কৰা হয়। ফলস্বৰূপে প্ৰব্ৰজিত শিবিৰসমূহৰ শিশুসকলৰ বাবে ফুটবল হৈ পৰিছে জীৱন নিৰ্বাহৰ সম্বল।

কেৱল এমবাপেই নহয়, ফ্ৰান্সৰ অধিকাংশ প্ৰব্ৰজিত শ্ৰেণীৰ ফুটবলাৰেই এই পৰিকল্পনাৰ সফলতা। ২০০২ চনৰ পৰা ২০১৮ চনলৈকে ফ্ৰান্সৰ হৈ বিশ্বকাপ খেলা প্ৰায় ৬০ জন ফুটবলাৰ এনেধৰণৰ অঞ্চলৰ পৰাই ফুটবল জগতলৈ অহা। 

ফ্ৰান্সত ফুটবলৰ সমাদৰ এনেধৰণৰ হৈ পৰে যে দেশখনৰ জাতীয় দলত সুযোগ দিবলৈকে ঠাইৰ অভাৱ হয়। সকলো ফুটবলাৰৰে ফ্ৰান্সৰ জাৰ্চি পিন্ধি দক্ষতা প্ৰদৰ্শন কৰাৰ যোগ্যতা আৰু সুযোগ নাথাকে। ফলস্বৰূপে সেই ফুটবলাৰসকলে আন দেশলৈ গৈ ফুটবল খেলা আৰম্ভ কৰে। সেয়ে বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ ৰাপ্তানীকাৰক দেশো হৈ পৰিছে ফ্ৰান্স। কাটাৰ বিশ্বকাপতে ৩৭ জন ফুটবলাৰে ফ্ৰান্সত প্ৰশিক্ষণ লৈ বিভিন্ন দেশৰ হৈ খেলপথাৰত নামিছে।

খেলপথাৰত সফল হোৱা ফুটবলাৰসকলে কেৱল ফ্ৰান্সৰ ফুটবলকেই সলনি কৰা নাই, প্ৰব্ৰজিত শিবিৰসমূহৰ অৰ্থনীতিকো সলনি কৰি দিছে। সফল ফুটবলাৰসকলে বিপুল পৰিমাণৰ টকা আয় কৰে। সেই আয়ৰ অনেক অংশ তেওঁলোকে নিজৰ অঞ্চলসমূহৰ উন্নতিৰ বাবে দান কৰে। অভাৱী লোকসকলক সহায় কৰে।

ফ্ৰান্সে এই ফুটবল পৰিকল্পনা আৰম্ভ কৰিছিল প্রথমবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ পাছতে। তাৰপাছতে দেশখন হৈ পৰে আধুনিক ফুটবলৰ অন্যতম প্ৰাণকেন্দ্ৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু