--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ জয় কৰে ফ্ৰান্সে। ২০০৬ চনত ৰানাৰ্চ আপ আৰু ২০১৮ চনত পুনৰ বিজয়ী হয়। এতিয়া ২০২২ চনৰ ৰানাৰ্চ আপ হয় ফ্ৰান্স। কিন্তু ইয়াৰ আগলৈকে ফ্ৰান্সত ফুটবলৰ বিশেষ পৰিৱেশ নাছিল। আনকি দুখন বিশ্বকাপত খেলাৰেই যোগ্যতা অৰ্জন কৰা নাছিল ইউৰোপৰ আগশাৰীৰ দেশখনে।

১৯৯৮ চনত বিশ্বজয় কৰাৰ পাছতে সলনি হৈ পৰিল ফৰাচী ফুটবল। ইয়াৰ আগলৈকে বিশ্বকাপত দেশখনৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আচিল ১৯৫৮ আৰু ১৯৮৬ চনত তৃতীয় স্থান অধিকাৰ। কিন্তু কেনেদৰে সলনি হৈ পৰিল ফৰাচী ফুটবলৰ পৰিৱেশ? কি পৰিকল্পনাৰ দ্বাৰা ফ্ৰান্সে জন্ম দিছে এমবাপেৰ দৰে ফুটবলৰ নতুন তাৰকাক?

ফৰাচী ফুটবলৰ নতুন পৰিকল্পনা এদিনতে সম্পাদন হোৱা নাই। দীৰ্ঘ পৰিকল্পনা কৰা হৈছিল। ফ্ৰান্সক আধুনিক ফুটবলৰ কাৰখানা বুলি কোৱা হয়। প্ৰতি বছৰেই ফ্ৰান্স ফুটবল ফেডাৰেছনে নতুন নতুন বিশ্বমানৰ তাৰকাক জন্ম দিছে।

ফুটবল ফেডাৰেচনৰ প্ৰতিনিধিসকলে এইক্ষেত্ৰত বিশেষ পৰিকল্পনা হাতত লয়। গোটেই বছৰ তেওঁলোকে দেশজুৰি বিভিন্ন প্ৰান্তত গৈ ফুটবল প্ৰতিভাসমূহ চিনাক্ত কৰে। শিশু অৱস্থাতে এই ফুটবলাৰসকলক ফুটবল স্কুললৈ পঠোৱা হয়।

এনেধৰণেই পেৰিছৰ কাষৰ প্ৰব্ৰজনকাৰী শিবিৰৰ পৰা উলিয়াই অনা হৈছিল কিলিয়ান এমবাপে, পল পগবাৰ দৰে মহাতাৰকাক। এমবাপে এটা সৰু ঘৰত ডাঙৰ-দীঘল হৈছিল। প্ৰব্ৰজিত শিবিৰটোত প্ৰায়ভাগ আবাসীয়েই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছিল। ইয়াৰ মাজত অনেকে অপৰাধৰ বাটো ল’ব লগা হৈছিল।

এই প্ৰব্ৰজিত শিবিৰসমূহৰ কাষতে তথা পেৰিছৰ উপকণ্ঠ অঞ্চলত গঢ়ি তোলা হয় ১৪ খনকৈ ফুটবল স্কুল। গঢ়া হয় ১০০ টা ফুটবল ক্লাব। ফুটবল স্কুলসমূহত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ফুটবলৰ প্ৰতি আকৃষ্ট শিশুসকলক নামভৰ্তি কৰোৱা হয়। স্কুলৰ পৰা পাছ হোৱাৰ পাছতে তেওঁলোকক ক্লাবসমূহে লৈ লয়। ফুটবলাৰসকলক মোটা অংকৰ ধনো প্ৰদান কৰা হয়।

এমবাপেৰ প্ৰথম ক্লাব আছিল এএছ বণ্ডি। এই ক্লাবটো এনেধৰণৰ এটা ক্লাবেই আছিল। তাৰপাছতে এমবাপেই ম’নাকো এফচিত যায়। 

ফ্ৰান্স ফুটবল ফেডাৰেচনৰ এই কাৰ্যপদ্ধতি অতি সূচাৰুৰূপে সম্পন্ন কৰা হয়। ফলস্বৰূপে প্ৰব্ৰজিত শিবিৰসমূহৰ শিশুসকলৰ বাবে ফুটবল হৈ পৰিছে জীৱন নিৰ্বাহৰ সম্বল।

কেৱল এমবাপেই নহয়, ফ্ৰান্সৰ অধিকাংশ প্ৰব্ৰজিত শ্ৰেণীৰ ফুটবলাৰেই এই পৰিকল্পনাৰ সফলতা। ২০০২ চনৰ পৰা ২০১৮ চনলৈকে ফ্ৰান্সৰ হৈ বিশ্বকাপ খেলা প্ৰায় ৬০ জন ফুটবলাৰ এনেধৰণৰ অঞ্চলৰ পৰাই ফুটবল জগতলৈ অহা। 

ফ্ৰান্সত ফুটবলৰ সমাদৰ এনেধৰণৰ হৈ পৰে যে দেশখনৰ জাতীয় দলত সুযোগ দিবলৈকে ঠাইৰ অভাৱ হয়। সকলো ফুটবলাৰৰে ফ্ৰান্সৰ জাৰ্চি পিন্ধি দক্ষতা প্ৰদৰ্শন কৰাৰ যোগ্যতা আৰু সুযোগ নাথাকে। ফলস্বৰূপে সেই ফুটবলাৰসকলে আন দেশলৈ গৈ ফুটবল খেলা আৰম্ভ কৰে। সেয়ে বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ ৰাপ্তানীকাৰক দেশো হৈ পৰিছে ফ্ৰান্স। কাটাৰ বিশ্বকাপতে ৩৭ জন ফুটবলাৰে ফ্ৰান্সত প্ৰশিক্ষণ লৈ বিভিন্ন দেশৰ হৈ খেলপথাৰত নামিছে।

খেলপথাৰত সফল হোৱা ফুটবলাৰসকলে কেৱল ফ্ৰান্সৰ ফুটবলকেই সলনি কৰা নাই, প্ৰব্ৰজিত শিবিৰসমূহৰ অৰ্থনীতিকো সলনি কৰি দিছে। সফল ফুটবলাৰসকলে বিপুল পৰিমাণৰ টকা আয় কৰে। সেই আয়ৰ অনেক অংশ তেওঁলোকে নিজৰ অঞ্চলসমূহৰ উন্নতিৰ বাবে দান কৰে। অভাৱী লোকসকলক সহায় কৰে।

ফ্ৰান্সে এই ফুটবল পৰিকল্পনা আৰম্ভ কৰিছিল প্রথমবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ পাছতে। তাৰপাছতে দেশখন হৈ পৰে আধুনিক ফুটবলৰ অন্যতম প্ৰাণকেন্দ্ৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement