--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বান আৰু ভূমিস্খলনত বিধ্বস্ত  হৈ পৰিছে উত্তৰ ছিকিম। ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে সমগ্ৰ ছিকিমতে। ছিকিমত যোৱা তিনিদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে। কেইবাটাও অঞ্চলত ভয়ংকৰ  ভূমিস্খলন হৈছে। ফলস্বৰূপে, পৰ্যটকসকল বিপদত পৰিছে। শুক্ৰবাৰলৈকে উত্তৰ ছিকিমত ২,০০০ ৰো অধিক পৰ্যটক আৱদ্ধ হৈ পৰিছিল। তেওঁলোকৰ মাজৰে বহুতকে শনিবাৰে উদ্ধাৰ কৰা হৈছিল। 

অৱশ্যে ছিকিমত এতিয়াও ৩০০ ৰো অধিক পৰ্যটক আৱদ্ধ হৈ আছে।ছিকিমত ভূমিস্খলনৰ বাবে চুংথাঙলৈ যোৱা পথটো বন্ধ হৈ পৰিছে। ফলস্বৰূপে উত্তৰ ছিকিমৰ সৈতে বাকী অংশৰ যোগাযোগ প্ৰায় বন্ধ হৈ পৰিছে।  ছিকিম চৰকাৰে শনিবাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। ভূমিস্খলনৰ ফলত লাচেন আৰু লাচুঙৰ ৰাস্তাবোৰো  ক্ষতিগ্ৰস্ত হৈছে।

বাটত প্ৰায় ২৩৮ খন স্থানীয় টেক্সি আৱদ্ধ হৈ আছে। অস্থায়ী কাঠৰ দলং নিৰ্মাণ কৰি পৰ্যটকসকলক উদ্ধাৰ ৰখাৰ প্ৰচেষ্টা চলি আছে যদিও এতিয়াও বহু পৰ্যটকে গাড়ীৰ ভিতৰতে ভোকে-পিয়াহে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। শনিবাৰে ছিকিমত আৱদ্ধ হৈ থকা প্ৰায় ২,১০০ পৰ্যটকক উদ্ধাৰ কৰা হয়। উদ্ধাৰ  কৰা লোকসকলৰ ভিতৰত ৩৬ জন বিদেশী পৰ্যটকো আছে । ইয়াৰ উপৰি ছিকিমত হোৱা ভূমিস্খলনৰ ফলত  এখন চৰকাৰী মহাবিদ্যালয়ৰ ৬০ জন শিক্ষাৰ্থীও আৱদ্ধ হৈ পৰাৰ খবৰ আহিছে। ছিকিম চৰকাৰে উদ্ধাৰ অভিযানৰ বাবে ২৩ খন বাছ আৰু ২০৮ খন সৰু বাহনৰ ব্যৱস্থা কৰিছে। মাংগন জিলাৰ জিলা দণ্ডাধীশে কৈছে যে বৰষুণ আৰু ভূমিস্খলনৰ ফলত লাচেন আৰু লাচুঙত ২,৪০০ গৰাকী পৰ্যটক আৱদ্ধ হৈ আছিল। তেওঁলোকৰ মাজৰে বহুতকে গেংটকলৈ  নিয়াৰ চেষ্টা অব্যাহত ৰখা হৈছে। 

উত্তৰ ছিকিম জিলা প্ৰশাসনে পৰ্যটকৰ খবৰ পাবলৈ  দুটা হেল্পলাইন নম্বৰ 8509822997 আৰু 8116464265 মুকলি কৰি দিছে।যদি কোনো পৰ্যটকৰ  পৰিয়ালে  বিচাৰে তেন্তে  তেওঁলোকে পৰ্যটকৰ সৈতে এই মন্বৰ দুটাত  যোগাযোগ কৰিব পাৰিব আৰু পৰ্যটকসকলৰ বিষয়ে তথ্য লাভ  কৰিব পাৰিব।। ছিকিম প্ৰশাসনে আৱদ্ধ পৰ্যটকসকলক  আতংকিত নহ'বলৈ অনুৰোধ জনাইছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত