--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। ৰাজ্যখনৰ বুলন্দশ্বহৰ জিলাত এক চুৰি কাণ্ডত জড়িত থকাৰ সন্দেহত এগৰাকী মুছলমান শ্ৰমিকক গছত বান্ধি মাৰপিট কৰাৰ লগতে শ্ৰমিকগৰাকীৰ মূৰৰ চুলি খুৰাই দি জয় শ্ৰীৰাম শ্ল’গান দিবলৈ বাধ্য কৰা বুলি অভিযোগ উত্থাপন হৈছে।

আশ্চৰ্যকৰভাৱে এই ঘটনাৰ পিছতে শ্ৰমিকগৰাকীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে চাহিল নামৰ এই শ্ৰমিকগৰাকীৰ পিতৃয়ে। তেওঁ লগতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক চাহিলক আক্ৰমণ কৰা অভিযুক্তসকলৰ সৈতে আপোচ কৰিবলৈ ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে।

লক্ষণীয়ভাৱে চাহিলক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত তিনিগৰাকী ব্যক্তিৰ মাজৰে এগৰাকীয়ে এই সমগ্ৰ ঘটনা মোবাইল কেমেৰাত ভিডিঅ’ কৰি ৰাখিছিল। সম্প্ৰতি ভাইৰেল হৈ পৰা এই ভিডিঅ’ই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে ৰাজনৈতিক ধুমুহাৰো সৃষ্টি কৰিছে এই কাণ্ডই।

হায়দৰাবাদৰ সাংসদ তথা সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (AIMIM)ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি উত্তৰ প্ৰদেশ আৰক্ষীৰ ওপৰত কঠোৰ আক্ৰমণ চলায়। এক টুইট যোগে ওৱেইছিয়ে উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে চাহিলক জেললৈ প্ৰেৰণ কৰাৰ অভিযোগ তুলিছে।

ইফালে জিলাখনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই ভাইৰেল ভিডিঅ’টোৰ ভিত্তিত তথা আক্ৰমণৰ বলি হোৱা চাহিলৰ পৰিয়ালৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত কাকোড থানাত অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে আৰু দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।

চাহিলৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য মতে চাহিলে কামৰ পৰা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ঘৰলৈ গৈ থকা অৱস্থাতে পথতে অভিযুক্ত লোকসকলে তেওঁক আগচি ধৰে আৰু গছত বান্ধি প্ৰহাৰ কৰে। আনহাতে অভিযুক্তৰ সৈতে আপোচ নকৰিলে তেওঁলোক সেই স্থানত থাকিব নোৱাৰিব বুলি আৰক্ষীয়ে ভাবুকি দিছে বুলিও তেওঁ অভিযোগ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে