--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই ভূ-ভাৰস্তত অসম্ভৱ বুলি কিবা আছে জানো? নাই নিশ্চয়! শেহতীয়া এক ঘটনাই তাকেই যেন পুনৰ প্ৰমাণ কৰিলে। বান্দৰ ৰ বাবে নিয়োগ কৰা হৈছে গায়ক। বান্দৰৰ বাবে লাইভ গীতৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুনিবলৈ আঁচহুৱা যেন লাগিলেও সম্প্ৰতি এয়া সত্য প্ৰমাণিত হৈছে। ইংলেণ্ডৰ দ্য ট্ৰেণ্টাম মাঙ্কি ফ’ৰেষ্ট কৰ্তৃপক্ষই প্ৰজননক উৎসাহিত কৰিবলৈ এনে এক নতুন পদক্ষেপ হাতত লোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। সংৰক্ষণ কেন্দ্ৰৰ কৰ্মচাৰীসকলে সদৰী কৰা অনুসৰি, ইংলেণ্ডৰ দ্য ট্ৰেণ্টাম মাঙ্কি ফ’ৰেষ্টত বাৰবাৰী মাকাকু নামৰ বান্দৰৰ এটা প্ৰজাতি আছে। বান্দৰৰ এই প্ৰজাতি মুখ্যতঃ উত্তৰ আফ্ৰিকা আৰু জিব্ৰাল্টাৰত পোৱা যায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে অবাধ বন ধ্বংস আৰু চোৰাং ব্যৱসায়ীৰ উপদ্ৰৱৰ বাবে বান্দৰ ৰ এই প্ৰজাতিৰ সংখ্যা ক্ৰমাত্‍ হ্ৰাস পাইছে। আনহাতে, এতিয়া বান্দৰৰ প্ৰজনন ঋতু। গীত শুনাই বান্দৰৰ মন ভাল লগাবলৈ চেষ্টা কৰা হৈছে বুলি জনাইছে বন বিভাগে। একে সময়তে, মতা আৰু মাইকী বান্দৰক প্ৰজননৰ বাবেও উৎসাহিত কৰা হৈছে। সংৰক্ষণ কেন্দ্ৰৰ সঞ্চালক মেট লাভে কয়, ‘আমি বান্দৰৰ জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছো। এই প্ৰজাতিৰ বান্দৰবিলাক বিপদাপন্ন। এতিয়া প্ৰজনন ঋতু।সেয়েহে আমাৰ এই প্ৰচেষ্টা কিমানদূৰ ফলপ্ৰসূ হয় তাৰো পৰীক্ষা-নিৰীক্ষা চলি আছে।’ মন কৰিবলগীয়া যে, আমেৰিকান শিল্পী তথা গ্ৰেমী বিজয়ী মাৰ্ভিন গাইৰ গীত শুনোৱা গৈছে বাৰবাৰী মাকুম প্ৰজাতিৰ বান্দৰবিধক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু