--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই ভূ-ভাৰস্তত অসম্ভৱ বুলি কিবা আছে জানো? নাই নিশ্চয়! শেহতীয়া এক ঘটনাই তাকেই যেন পুনৰ প্ৰমাণ কৰিলে। বান্দৰ ৰ বাবে নিয়োগ কৰা হৈছে গায়ক। বান্দৰৰ বাবে লাইভ গীতৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুনিবলৈ আঁচহুৱা যেন লাগিলেও সম্প্ৰতি এয়া সত্য প্ৰমাণিত হৈছে। ইংলেণ্ডৰ দ্য ট্ৰেণ্টাম মাঙ্কি ফ’ৰেষ্ট কৰ্তৃপক্ষই প্ৰজননক উৎসাহিত কৰিবলৈ এনে এক নতুন পদক্ষেপ হাতত লোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। সংৰক্ষণ কেন্দ্ৰৰ কৰ্মচাৰীসকলে সদৰী কৰা অনুসৰি, ইংলেণ্ডৰ দ্য ট্ৰেণ্টাম মাঙ্কি ফ’ৰেষ্টত বাৰবাৰী মাকাকু নামৰ বান্দৰৰ এটা প্ৰজাতি আছে। বান্দৰৰ এই প্ৰজাতি মুখ্যতঃ উত্তৰ আফ্ৰিকা আৰু জিব্ৰাল্টাৰত পোৱা যায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে অবাধ বন ধ্বংস আৰু চোৰাং ব্যৱসায়ীৰ উপদ্ৰৱৰ বাবে বান্দৰ ৰ এই প্ৰজাতিৰ সংখ্যা ক্ৰমাত্‍ হ্ৰাস পাইছে। আনহাতে, এতিয়া বান্দৰৰ প্ৰজনন ঋতু। গীত শুনাই বান্দৰৰ মন ভাল লগাবলৈ চেষ্টা কৰা হৈছে বুলি জনাইছে বন বিভাগে। একে সময়তে, মতা আৰু মাইকী বান্দৰক প্ৰজননৰ বাবেও উৎসাহিত কৰা হৈছে। সংৰক্ষণ কেন্দ্ৰৰ সঞ্চালক মেট লাভে কয়, ‘আমি বান্দৰৰ জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছো। এই প্ৰজাতিৰ বান্দৰবিলাক বিপদাপন্ন। এতিয়া প্ৰজনন ঋতু।সেয়েহে আমাৰ এই প্ৰচেষ্টা কিমানদূৰ ফলপ্ৰসূ হয় তাৰো পৰীক্ষা-নিৰীক্ষা চলি আছে।’ মন কৰিবলগীয়া যে, আমেৰিকান শিল্পী তথা গ্ৰেমী বিজয়ী মাৰ্ভিন গাইৰ গীত শুনোৱা গৈছে বাৰবাৰী মাকুম প্ৰজাতিৰ বান্দৰবিধক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু