--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনলাইন প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী মহিলা৷ জানিব পৰা মতে অনলাইনযোগে এগৰাকী মহিলাই অৰ্ডাৰ কৰিছিল আইফোন ১৩ প্ৰ’মেক্স৷ কিন্তু অৰ্ডাৰৰ পেকেট খুলি হতবাক যুৱতীগৰাকী৷ আইফোনৰ পৰিৱৰ্তে আহিল নীলা চাবোনৰ ৰিফিল বটলহে৷ ডেৰ লাখ মূল্যৰ ফোনৰ সলনি অহা চাবোনৰ বটলৰ পাছতে মূৰে কপালে হাত দিছে যুৱতীগৰাকীয়ে৷ প্ৰতিবেদন অনুসৰি, খাউলা লাফাইলি নামৰ এগৰাকী মহিলাই অনলাইন শ্বপিং ছাইটৰ পৰা আইফোন ১৩ প্ৰ'মেক্স বুক কৰিছিল। দুদিন পাছত লাভ কৰা পেকেটটোত, আইফোনটোৰ সলনি চাবোনহে পৰিলক্ষিত হয়, যাৰ মূল্য আছিল মাত্ৰ ৭৬টকা। এই প্ৰৱঞ্চনাৰ আঁৰত ডেলিভাৰী দিয়া যুৱকজনৰ ওপৰতে সন্দেহৰ প্ৰশ্ন উঠিছে৷ মহিলাগৰাকীয়ে ৩৬ মাহৰ ইএমআইত মোবাইল ফোনটো কিনিছিল। আইফোনৰ এই মডেলটোৰ মূল্য যুক্তৰাজ্যত প্ৰায় ১.৫লাখ টকা, আনহাতে ভাৰতত এই মডেলটো ১লাখ ২৯ হাজাৰ টকালৈকে উপলব্ধ। ভুক্তভোগীয়ে এই সন্দৰ্ভত কয় যে, তেওঁ ফোনটো বুক কৰাৰ সময়ত ডেলিভাৰী সময় বাছনি কৰিছিল৷ কিন্তু সামগ্ৰীবোৰ দুদিন পাছতহে আহিছিল। ডেলিভাৰী দিয়া যুৱকজনে নিৰ্ধাৰিত সময়ৰ দিনা ফোন কৰিছিল আৰু কৈছিল যে তেওঁ ট্ৰেফিক জামত আবদ্ধ হৈ আছে, সেয়েহে তেওঁ ডেলিভাৰী কৰিব নোৱাৰিব। কেৱল এয়াই নহয়, ডেলিভাৰী যুৱকজনে দ্বিতীয়বাৰতো এই পেকেটটো পোনপটীয়াকৈ দিয়া নাছিল। তেওঁ ঘৰত থকা সময়ছোৱাটো যুৱকজনে ঘৰৰ দুৱাৰৰ এখন ফটো তুলিছিল আৰু এটা প্ৰতিবেদন প্ৰেৰণ কৰিছিল যে ঘৰত কোনো নাছিল। বহু কষ্টৰ অন্তত যেতিয়া মহিলাগৰাকীয়ে পেকেটটো লাভ কৰিছিল তেতিয়া এই কথা পোহৰলৈ আহে৷ মহিলাগৰাকীয়ে শ্বপিং ৱেবছাইটৰ বিৰুদ্ধে অভিযোগ দিয়ে৷ অৱশ্যে এই সন্দৰ্ভত কোৰিয়াৰ কোম্পানীয়ে অনুসন্ধান চলাই আছে বুলিও জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু