--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনলাইন প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী মহিলা৷ জানিব পৰা মতে অনলাইনযোগে এগৰাকী মহিলাই অৰ্ডাৰ কৰিছিল আইফোন ১৩ প্ৰ’মেক্স৷ কিন্তু অৰ্ডাৰৰ পেকেট খুলি হতবাক যুৱতীগৰাকী৷ আইফোনৰ পৰিৱৰ্তে আহিল নীলা চাবোনৰ ৰিফিল বটলহে৷ ডেৰ লাখ মূল্যৰ ফোনৰ সলনি অহা চাবোনৰ বটলৰ পাছতে মূৰে কপালে হাত দিছে যুৱতীগৰাকীয়ে৷ প্ৰতিবেদন অনুসৰি, খাউলা লাফাইলি নামৰ এগৰাকী মহিলাই অনলাইন শ্বপিং ছাইটৰ পৰা আইফোন ১৩ প্ৰ'মেক্স বুক কৰিছিল। দুদিন পাছত লাভ কৰা পেকেটটোত, আইফোনটোৰ সলনি চাবোনহে পৰিলক্ষিত হয়, যাৰ মূল্য আছিল মাত্ৰ ৭৬টকা। এই প্ৰৱঞ্চনাৰ আঁৰত ডেলিভাৰী দিয়া যুৱকজনৰ ওপৰতে সন্দেহৰ প্ৰশ্ন উঠিছে৷ মহিলাগৰাকীয়ে ৩৬ মাহৰ ইএমআইত মোবাইল ফোনটো কিনিছিল। আইফোনৰ এই মডেলটোৰ মূল্য যুক্তৰাজ্যত প্ৰায় ১.৫লাখ টকা, আনহাতে ভাৰতত এই মডেলটো ১লাখ ২৯ হাজাৰ টকালৈকে উপলব্ধ। ভুক্তভোগীয়ে এই সন্দৰ্ভত কয় যে, তেওঁ ফোনটো বুক কৰাৰ সময়ত ডেলিভাৰী সময় বাছনি কৰিছিল৷ কিন্তু সামগ্ৰীবোৰ দুদিন পাছতহে আহিছিল। ডেলিভাৰী দিয়া যুৱকজনে নিৰ্ধাৰিত সময়ৰ দিনা ফোন কৰিছিল আৰু কৈছিল যে তেওঁ ট্ৰেফিক জামত আবদ্ধ হৈ আছে, সেয়েহে তেওঁ ডেলিভাৰী কৰিব নোৱাৰিব। কেৱল এয়াই নহয়, ডেলিভাৰী যুৱকজনে দ্বিতীয়বাৰতো এই পেকেটটো পোনপটীয়াকৈ দিয়া নাছিল। তেওঁ ঘৰত থকা সময়ছোৱাটো যুৱকজনে ঘৰৰ দুৱাৰৰ এখন ফটো তুলিছিল আৰু এটা প্ৰতিবেদন প্ৰেৰণ কৰিছিল যে ঘৰত কোনো নাছিল। বহু কষ্টৰ অন্তত যেতিয়া মহিলাগৰাকীয়ে পেকেটটো লাভ কৰিছিল তেতিয়া এই কথা পোহৰলৈ আহে৷ মহিলাগৰাকীয়ে শ্বপিং ৱেবছাইটৰ বিৰুদ্ধে অভিযোগ দিয়ে৷ অৱশ্যে এই সন্দৰ্ভত কোৰিয়াৰ কোম্পানীয়ে অনুসন্ধান চলাই আছে বুলিও জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু