--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গৌতম গম্ভীৰে তেওঁৰ ৰাজনৈতিক ইনিংছ সমাপ্ত কৰিব নেকি?  এক্স হেণ্ডেলত তেওঁৰ এটা পোষ্টে  এনে  জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। প্ৰাক্তন ক্ৰিকেটাৰ আৰু পূব দিল্লীৰ বিজেপি সাংসদজনে কৈছে যে তেওঁ ৰাজনৈতিক দায়িত্বৰ পৰা অব্যাহতি ল’ব  বিচাৰে। তেওঁ আগন্তুক দিনত ক্ৰিকেটত মনোনিবেশ কৰিব বিচাৰে। 

গম্ভীৰে আগন্তুক লোকসভা নিৰ্বাচনত  প্ৰতিদ্বন্দিতা নকৰাৰ সম্ভাৱনাই অধিক। প্ৰাক্তন ক্ৰিকেটাৰজনে যোৱা বছৰৰ নৱেম্বৰ মাহত কলকাতা নাইট ৰাইডাৰ্ছ শিবিৰত পৰামৰ্শদাতা হিচাপে যোগদান কৰিছিল। গম্ভীৰে ২০১১ চনৰ পৰা ২০১৭ চনলৈ দলটোৰ  জাৰ্চীত খেলিছিল। দলটোৱে দুবাৰকৈ আই পি এল ট্ৰফীও জিকিছে। 
 
আই পি এলত নতুন দায়িত্ব লোৱাৰ পিছত এয়া  প্ৰায় নিশ্চিত আছিল যে গম্ভীৰে লোকসভা নিৰ্বাচনত কোনো ৰাজনৈতিক কাৰ্যসূচীত থাকিব নোৱাৰিব। শেহতীয়াকৈ  তেওঁ পোনপটীয়াকৈ ৰাজনৈতিক কাৰ্যকলাপৰ পৰা অব্যাহতি বিচাৰিছে। 

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক টেগ কৰি তেওঁ লিখিছে, "মই আপোনাক অনুৰোধ জনাইছো যে মোক সকলো ৰাজনৈতিক কামৰ পৰা মুক্তি দিয়ক। মই আগন্তুক দিনত ক্ৰিকেটত  গুৰুত্ব দিব বিচাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মোক জনসাধাৰণৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ। " 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী