--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউচিচি বিতৰ্ক, নিবনুৱা সমস্যাকে ধৰি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত দেশ। বহু ক্ষেত্ৰত এতিয়া যেন মোদীৰ যাদু প্ৰভাৱহীন হৈ পৰিছে। শেহতীয়াকৈ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলফল আৰু  বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে মোদীৰ যাদু যে অসাৰ হৈ পৰিছে তাকেই প্ৰতীয়মান কৰিছে। সন্মুখত আৰু কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। 

তাতোকৈ ডাঙৰ কথাটো হ’ল আৰু প্ৰায় ছমাহ পিছতেই আহি আছে লোকসভাৰ নিৰ্বাচন।   আগন্তুক লোকসভা নিৰ্বাচনকলৈ ইতিমধ্যে নানান জল্পনা-কল্পনা চলি থকাৰ মাজতে বিজেপিক ৰুধিবলৈ একত্ৰিত হৈছে বিৰোধী।  পাটনাৰ পিছত এইবাৰ  বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকল পুনৰ বাংগালুৰুত সমবেত হৈছে। সোমবাৰৰ পৰাই বাংগালুৰুত বিৰোধী দলৰ নেতাসকলে ভিৰ কৰিছে। কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধীৰ পৰা আৰম্ভ কৰি আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আদি সকলো নেতাই বিজেপিক পথ ৰুদ্ধ কৰাৰ মন্ত্ণা যুগুতাবলৈ বাংগালুৰুত সমবেত হৈছে। 

প্ৰতিটো দলৰ নেতাসকলে নিজস্ব দলীয় আদৰ্শৰ কথা পিছ কৰি থৈ কেৱল বিজেপিক ৰুদ্ধ কৰাৰ বাবেই যেন একেলগে সমবেত হৈছে।  সোমবাৰৰ পৰাই  দুদিনীয়াকৈ বাংগালুৰুত অনুষ্ঠিত হৈছে  বিৰোধী দলসমূহৰ  বৈঠক । এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে সোমবাৰে বৈঠকত উপস্থিত থাকিব নোৱাৰিলে যদিও মঙলবাৰে তেওঁ বাংগালুৰুত উপস্থিত হ’ব। লক্ষ্যণীয় কথাটো হ’ল  পাটনাত ১৭  টা  বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈছিল। বাংগালুৰুৰ বৈঠকত অংশগ্ৰহণ কৰা দলৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি প্ৰায় ২৪ টা দলে বিৰোধীৰ  সভাত উপস্থিত থাকিব ।

দৰাচলতে, মমতা বেনাৰ্জী আৰু শাৰদ পাৱাৰেই মোদী বিৰোধী মিত্ৰজোঁট  গঠনৰ উদ্যোগ লৈ আহিছিল।এতিয়া হঠাতে শাৰদ পাৱাৰৰ অনুপস্থিতিয়ে বহুতকে সন্দিহান কৰিও নোতোলা নহয়।  মমতা বেনাৰ্জীয়ে   বাংগালুৰুলৈ ৰাওনা হৈছে। উল্লেখ্য  বিহাৰৰ পাটনাত নীতিশ কুমাৰৰ আহ্বানত বিৰোধী মিত্ৰজোঁটৰ প্ৰথম খন বৈঠক অনুষ্ঠিত হৈছিল। 

সেই বৈঠকত  ৰাহুল গান্ধী, মমতা বেনাৰ্জী, এম কে ষ্টালিন, নীতিশ কুমাৰ, অৰবিন্দ কেজৰিৱাল, শাৰদ পাৱাৰ, মেহবুবা মুফতি আৰু অখিলেশ যাদৱকে ধৰি বিভিন্ন বিৰোধী দলৰ নেতাসকলে  উপস্থিত আছিল। বাংগালুৰুত বিৰোধীৰ শক্তি পাটনাৰ বৈঠকতকৈও বহু বেছি বৃদ্ধি হৈছে। ইয়াৰ ফলশ্ৰুতিতে ভিতৰি কঁপি উঠিছে গেৰুৱা শিবিৰ। কাৰণ বিৰোধী দলসমূহ একত্ৰিত হ’লে লোকসভা নিৰ্বাচনত দেশৰ বিভিন্ন ৰাজ্যত বিজেপিয়ে মুখ থেকেচা খোৱাটো নিশ্চিত। এই মুহূৰ্তত দেশৰ ৰাজনৈতিক মানচিত্ৰত অ-বিজেপি ৰাজনৈতিক দলবোৰৰ প্ৰভাৱ বিজেপিতকৈ  বহু বেছি।কৰ্ণাটকত পৰাজয়ৰ পিছত বিজেপিয়ে মাত্ৰ নখন ৰাজ্যত অকলে  শাসন চলাই আছে। সেই ৰাজ্য কেইখন হৈছে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, গোৱা, অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ।

সমগ্ৰ দেশৰ মুঠ জনসংখ্যাৰ ৩৪ শতাংশ লোকে বিজেপি শাসিত এই ন খন ৰাজ্যত বাস কৰে। । একে সময়তে বিজেপি মিত্ৰজোঁটৰ শাসনত থকা আন ছয়খন ৰাজ্য হৈছে মহাৰাষ্ট্ৰ, হাৰিয়ানা, মেঘালয়, নাগালেণ্ড, ছিকিম, পুডুচেৰী। এই ৰাজ্য কেইখনৰ  ভিতৰত কেৱল হাৰিয়ানাতহে বিজেপিৰ মুখ্যমন্ত্ৰী আছে,  বাকী ৰাজ্যকেইখনত  মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে মিত্ৰজোঁটৰ ৰাজনীতিকহে। দেশৰ ন খন বিজেপি শাসিত আৰু ছ খন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্যৰ কথা বিবেচনা কৰিলে  বিজেপি আৰু ইয়াৰ মিত্ৰশক্তিয়ে দেশৰ প্ৰায় ৪৫ শতাংশ এলেকাতহে শাসন কৰি আছে। একেদৰে বৰ্তমান কংগ্ৰেছে কেৱল দেশৰ চাৰিখন ৰাজ্যৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিছে। সেই কেই খন ৰাজ্য হৈছে ৰাজস্থান, কৰ্ণাটক, ছত্তীশগড়, হিমাচল প্ৰদেশ।  দেশৰ জনসংখ্যাৰ প্ৰায় ১৩.৫ শতাংশ লোক এই ৰাজ্য কেইখনত বাস কৰে।। কংগ্ৰেছ বিহাৰ, তামিলনাডু আৰু ঝাৰখণ্ডৰ শাসকীয় মিত্ৰজোঁটৰ অংশ হৈ আছে। এই অঞ্চলবোৰত দেশৰ জনসংখ্যাৰ ১৭ শতাংশ লোকে বাস কৰে।

অৰ্থাৎ কংগ্ৰেছে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দেশৰ জনসংখ্যাৰ ৩০.৫  শতাংশ অঞ্চলত শাসন কৰি আহিছে।অন্যান্য ৰাজনৈতিক দলসমূহে নখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিজৰ ক্ষমতা বজাই ৰাখিছে এই ৰাজ্য কেইখন   হৈছে পশ্চিমবংগ, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ওড়িশা,মিজোৰাম, দিল্লী, পঞ্জাৱ। সেয়ে বিৰোধী ঐক্য এতিয়া বিজেপিৰ বাবে চিন্তাৰ কাৰক হৈ পৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ