--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ সাম্প্ৰদায়িক  সংঘৰ্ষৰ  সময়ত বিলকিছ বানো দলবদ্ধ বলাৎকাৰৰ বলি হৈছিল।উক্ত  গোচৰত ১১ জন দোষীৰ মুক্তিৰ বিষয়টো সন্দৰ্ভত  চূড়ান্ত শুনানি ৭ আগষ্টত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ন্যায়াধীশ নাগাৰত্ন আৰু উজ্জল ভূঞাৰ বিচাৰপীঠে সোমবাৰে দোষীৰ মুক্তিক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানিৰ সময়ত এইকথা প্ৰকাশ কৰিছে। 

অধিবক্তা ইন্দিৰা জয় সিং আৰু বৃন্দা গ্ৰোভাৰ বিলকিছ আৰু আন আবেদনকাৰীসকলৰ হৈ আদালতত উপস্থিত আছিল।বছৰৰ পিছত বছৰ বাগৰি গৈছে। কিন্তু আজিও যেন ন্যায়  লাভ কৰা নাই বিলকিছ বানোই। আদালতে ১১ জন  ধৰ্ষণকাৰীক শাস্তি বিহিছিল যদিও ৰাজনৈতিক পাক চক্ৰত পৰি সেই আটাইকেইজন অপৰাধীয়েই এতিয়া মুকলি আকাশৰ তলত।  বিলকিছ বানোৱে ধৰ্ষণকাৰীসকলক মুকলি কৰি দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল।

উল্লেখ্য বিলকিছৰ  এঘাৰজন ধৰ্ষণকাৰীক বিগত বৰ্ষৰ  ১৫ আগষ্টত মুক্তি দিয়া হৈছিল। গুজৰাট চৰকাৰে উক্ত  ১১ জনৰ শাস্তি ৰেহাইৰ সপক্ষে শীৰ্ষ আদালতত যুক্তি দৰ্শাই কৈছিল যে তেওঁলোকে কাৰাগাৰত "ভাল" আচৰণ কৰিছিল। সেইবাবেই তেওঁলোকক মুক্তি দিব পাৰি। উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত গুজৰাট চৰকাৰৰ পৰামৰ্শদাতাই কৈছিল  যে ১১ জন দোষীয়ে ১৪ বছৰ কাৰাগাৰত কটাইছে। ইয়াৰ উপৰিও তেওঁলোকে কাৰাগাৰৰ ভিতৰত ভাল আচৰণ কৰিছে। গতিকে তেওঁলোকক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

পাঁচ মাহৰ গৰ্ভৱতী বিলকিছক ২০০২ চনত গুজৰাটত হোৱা সংঘৰ্ষৰ  সময়ত   ১১ জন পুৰুষে দলবদ্ধভাবে  ধৰ্ষণ কৰিছিল। তেওঁৰ কন্যাকে  ধৰি বিলকিছৰ পৰিয়ালৰ সাতজন সদস্যক ধৰ্ষণকাৰীৰ অনুগত লোকে   হত্যা  কৰিছিল।

গুজৰাট চৰকাৰৰ আবেদনৰ ভিত্তিত যোৱা বছৰৰ ১৫ আগষ্টত কাৰাগাৰত "ভাল আচৰণ" কৰাৰ ভিত্তিত দোষী সাব্যস্ত হোৱা বিলকিছৰ এঘাৰজন ধৰ্ষণকাৰীক মুক্তি দিয়া হৈছিল। ধৰ্ষণকাৰীসকলক মুক্তি দিয়াকলৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এইবাৰ আদালতৰ ৰায়ক প্ৰত্যহ্বান জনাই বিলকিছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ