--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ সাম্প্ৰদায়িক  সংঘৰ্ষৰ  সময়ত বিলকিছ বানো দলবদ্ধ বলাৎকাৰৰ বলি হৈছিল।উক্ত  গোচৰত ১১ জন দোষীৰ মুক্তিৰ বিষয়টো সন্দৰ্ভত  চূড়ান্ত শুনানি ৭ আগষ্টত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ন্যায়াধীশ নাগাৰত্ন আৰু উজ্জল ভূঞাৰ বিচাৰপীঠে সোমবাৰে দোষীৰ মুক্তিক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানিৰ সময়ত এইকথা প্ৰকাশ কৰিছে। 

অধিবক্তা ইন্দিৰা জয় সিং আৰু বৃন্দা গ্ৰোভাৰ বিলকিছ আৰু আন আবেদনকাৰীসকলৰ হৈ আদালতত উপস্থিত আছিল।বছৰৰ পিছত বছৰ বাগৰি গৈছে। কিন্তু আজিও যেন ন্যায়  লাভ কৰা নাই বিলকিছ বানোই। আদালতে ১১ জন  ধৰ্ষণকাৰীক শাস্তি বিহিছিল যদিও ৰাজনৈতিক পাক চক্ৰত পৰি সেই আটাইকেইজন অপৰাধীয়েই এতিয়া মুকলি আকাশৰ তলত।  বিলকিছ বানোৱে ধৰ্ষণকাৰীসকলক মুকলি কৰি দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল।

উল্লেখ্য বিলকিছৰ  এঘাৰজন ধৰ্ষণকাৰীক বিগত বৰ্ষৰ  ১৫ আগষ্টত মুক্তি দিয়া হৈছিল। গুজৰাট চৰকাৰে উক্ত  ১১ জনৰ শাস্তি ৰেহাইৰ সপক্ষে শীৰ্ষ আদালতত যুক্তি দৰ্শাই কৈছিল যে তেওঁলোকে কাৰাগাৰত "ভাল" আচৰণ কৰিছিল। সেইবাবেই তেওঁলোকক মুক্তি দিব পাৰি। উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত গুজৰাট চৰকাৰৰ পৰামৰ্শদাতাই কৈছিল  যে ১১ জন দোষীয়ে ১৪ বছৰ কাৰাগাৰত কটাইছে। ইয়াৰ উপৰিও তেওঁলোকে কাৰাগাৰৰ ভিতৰত ভাল আচৰণ কৰিছে। গতিকে তেওঁলোকক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

পাঁচ মাহৰ গৰ্ভৱতী বিলকিছক ২০০২ চনত গুজৰাটত হোৱা সংঘৰ্ষৰ  সময়ত   ১১ জন পুৰুষে দলবদ্ধভাবে  ধৰ্ষণ কৰিছিল। তেওঁৰ কন্যাকে  ধৰি বিলকিছৰ পৰিয়ালৰ সাতজন সদস্যক ধৰ্ষণকাৰীৰ অনুগত লোকে   হত্যা  কৰিছিল।

গুজৰাট চৰকাৰৰ আবেদনৰ ভিত্তিত যোৱা বছৰৰ ১৫ আগষ্টত কাৰাগাৰত "ভাল আচৰণ" কৰাৰ ভিত্তিত দোষী সাব্যস্ত হোৱা বিলকিছৰ এঘাৰজন ধৰ্ষণকাৰীক মুক্তি দিয়া হৈছিল। ধৰ্ষণকাৰীসকলক মুক্তি দিয়াকলৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এইবাৰ আদালতৰ ৰায়ক প্ৰত্যহ্বান জনাই বিলকিছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ