--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কৰ্ণাটকৰ বাংগালুৰুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চহৰ খনত বাস কৰা এগৰাকী মহিলা চৰকাৰী  বিষয়াক  বাংগালুৰুত থকা তেওঁৰ নিজৰ  ঘৰতে দুৰ্বৃত্তই   ছুৰীকাঘাত কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে কৰ্ণাটকৰ খনি আৰু ভূ-বিজ্ঞান বিভাগৰ উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা  প্ৰতিমাক সুব্ৰমন্যপোৰাত থকা তেওঁৰ বাসগৃহতে ছুৰীকাঘাত কৰি হত্যা কৰা হয়। 

৪৫  বছৰীয়া প্ৰতিমাৰ ড্ৰাইভাৰে তেওঁক  ঘৰত নমাই থৈ যোৱাৰ পিছতে ঘটনাটো ঘটে। , মহিলাগৰাকীয়ে সেই ঘৰটোত  আঠ বছৰৰো অধিক সময় ধৰি বাস কৰি আছিল। খবৰ অনুসৰি নিশা প্ৰায় ৮:৩০ বজাত তেওঁক হত্যা কৰা হৈছিল। সেই সময়ত মহিলাগৰাকীৰ  স্বামী আৰু পুত্ৰ ঘৰৰ বাহিৰত  আছিল। 

প্ৰতিমাৰ ভাতৃয়ে  দেওবাৰে পুৱা মহিলাগৰাকীৰ  ঘৰলৈ গৈ মহিলাগৰাকীক মৃত অৱস্থাত পাইছিল। আগদিনা ৰাতি মহিলাগৰাকীক  তেওঁৰ ভাতৃয়ে  ফোন কৰিছিল, কিন্তু কোনো উত্তৰ পোৱা  নাছিল। মৃতদেহ দেখাৰ পিছতে মহিলাগৰাকীৰ ভাতৃয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰে।। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰু তদন্ত চলাই  আছে। মহিলাগৰাকীক কোনো পৰিচিত লোকেই হত্যা কৰা বুলি সন্দেহ কৰা হৈছে।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ