--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহনীয়া কুকুৰক এগৰাকী মহিলাৰ ঘৰৰ সন্মুখত শৌচ কৰোৱাইছিল কুকুৰৰগৰাকীয়ে। এই ঘটনাৰ প্ৰতিবাদকাৰ বাবেই মহিলাগৰাকীৰ ওপৰত কুকুৰটোৰ গৰাকীয়ে পিটবুল প্ৰজাতিৰ অতি মাৰাত্মক কুকুৰটো মেলি দিয়ে। ফলত কুকুৰৰ কামোৰত  ৰিয়া দেৱী নামৰ মহিলাগৰাকী গুৰুতৰভাবে আহত হয়।  

তেওঁক চুবুৰীয়াৰ লোকজনৰ  পিটবুলটোৱে দেহৰ  পাঁচটা স্থানত  কামুৰিছে। অভিযুক্ত চুবুৰীয়া লোকজনৰ বিৰুদ্ধে   এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।  ঘটনাটো  উত্তৰ দিল্লীৰ স্বৰূপ নগৰত সংঘটিত হৈছে ।

জানিব পৰা মতে চুবুৰীয়াজনে মহিলাগৰাকীৰ  ঘৰৰ সন্মুখতে পোহনীয়া কুকুৰটোক শৌচ কৰোৱাইছিল। মহিলাগৰাকীয়ে তেওঁক তেনে  নকৰিবলৈ কেইবাবাৰো অনুৰোধ জনাইছিল। কিন্তু সেই কথা চুবুৰীয়া লোকজনে শুনা নাছিল। ফলত  মহিলাগৰাকীয়ে প্ৰতিবাদ কৰিছিল।  তৰ্ক আৰম্ভ হৈছিল। 

তেতিয়াই লোকজনে পিটবুলটো মুকলি কৰি দিয়ে।  ৰিয়াই  তেওঁৰ ঘৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি চুবুৰীয়া লোকজনৰ কাণ্ডৰ বিষয়ে জানিব পাৰিছিল।  তেওঁ দেখিলে যে চুবুৰীয়াজনে সেইদিনা পুৱাও তেওঁৰ ঘৰৰ সন্মুখত কুকুৰটোক শৌচ কৰোৱাইছিল।

এই দৃশ্য চোৱাৰ পিছত, ৰিয়াই ঘৰৰ পৰা কেইফুটমান আঁতৰত থকা চুবুৰীয়াৰ ঘৰলৈ গৈছিল আৰু  প্ৰতিবাদ কৰিছিল । ৰিয়াক পিটবুলে কামুৰি থকাৰ সময়ত  ওচৰৰ লোকসকলে আহি তেওঁক  উদ্ধাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ