--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহনীয়া কুকুৰক এগৰাকী মহিলাৰ ঘৰৰ সন্মুখত শৌচ কৰোৱাইছিল কুকুৰৰগৰাকীয়ে। এই ঘটনাৰ প্ৰতিবাদকাৰ বাবেই মহিলাগৰাকীৰ ওপৰত কুকুৰটোৰ গৰাকীয়ে পিটবুল প্ৰজাতিৰ অতি মাৰাত্মক কুকুৰটো মেলি দিয়ে। ফলত কুকুৰৰ কামোৰত  ৰিয়া দেৱী নামৰ মহিলাগৰাকী গুৰুতৰভাবে আহত হয়।  

তেওঁক চুবুৰীয়াৰ লোকজনৰ  পিটবুলটোৱে দেহৰ  পাঁচটা স্থানত  কামুৰিছে। অভিযুক্ত চুবুৰীয়া লোকজনৰ বিৰুদ্ধে   এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।  ঘটনাটো  উত্তৰ দিল্লীৰ স্বৰূপ নগৰত সংঘটিত হৈছে ।

জানিব পৰা মতে চুবুৰীয়াজনে মহিলাগৰাকীৰ  ঘৰৰ সন্মুখতে পোহনীয়া কুকুৰটোক শৌচ কৰোৱাইছিল। মহিলাগৰাকীয়ে তেওঁক তেনে  নকৰিবলৈ কেইবাবাৰো অনুৰোধ জনাইছিল। কিন্তু সেই কথা চুবুৰীয়া লোকজনে শুনা নাছিল। ফলত  মহিলাগৰাকীয়ে প্ৰতিবাদ কৰিছিল।  তৰ্ক আৰম্ভ হৈছিল। 

তেতিয়াই লোকজনে পিটবুলটো মুকলি কৰি দিয়ে।  ৰিয়াই  তেওঁৰ ঘৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি চুবুৰীয়া লোকজনৰ কাণ্ডৰ বিষয়ে জানিব পাৰিছিল।  তেওঁ দেখিলে যে চুবুৰীয়াজনে সেইদিনা পুৱাও তেওঁৰ ঘৰৰ সন্মুখত কুকুৰটোক শৌচ কৰোৱাইছিল।

এই দৃশ্য চোৱাৰ পিছত, ৰিয়াই ঘৰৰ পৰা কেইফুটমান আঁতৰত থকা চুবুৰীয়াৰ ঘৰলৈ গৈছিল আৰু  প্ৰতিবাদ কৰিছিল । ৰিয়াক পিটবুলে কামুৰি থকাৰ সময়ত  ওচৰৰ লোকসকলে আহি তেওঁক  উদ্ধাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু