--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শক্তিশালী সাগৰীয় ঘূৰ্ণীবতাহ মোচাই এতিয়া  বাংলাদেশৰ ফালে আগবাঢ়িছে। বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে দেশ খনত  তীব্ৰ বতাহ আৰু  বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে। বহু  লোকে  দ্বীপ আৰু উপকূলীয় অঞ্চলৰ পৰা দুৰ্যোগৰ আশংকা কৰি আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ৰহিংগীয়া শিবিৰসমূহো ধুমুহাত ধ্বংস হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷বতৰ বিজ্ঞান বিভাগৰ মতে মোচাই ক্ৰমান্বয়ে বাংলাদেশৰ ফালে আগবাঢ়ি ছে। ঘূৰ্ণীবতাহৰ কেন্দ্ৰত বতাহৰ গতি বৃদ্ধি পাইছে। কেন্দ্ৰৰ ৬৪ কিলোমিটাৰ ভিতৰত সৰ্বাধিক বতাহৰ গতি বেগ ৯০ কিলোমিটাৰ প্ৰতি ঘণ্টাত হোৱা বুলি জানিব পৰা গৈছে৷  এই গতিবেগ ঘণ্টাত  ১১৫ কিলোমিটাৰ লৈ বৃদ্ধি পাব পাৰে।

 শুকুৰবাৰে বতৰ কাৰ্যালয়ৰ এক বিজ্ঞপ্তি অনুসৰি ছেইণ্ট মাৰ্টিন দ্বীপত মোচাই সংহাৰৰ সৃষ্টি কৰিব পাৰে৷    ছেইণ্ট মাৰ্টিনৰ বাসিন্দাসকলে শুক্ৰবাৰে পুৱা দ্বীপটো এৰিবলৈ আৰম্ভ কৰিছিল। বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা দ্বীপটোৰ ৫০০ তকৈও অধিক বাসিন্দাই ছেইণ্ট মাৰ্টিনৰ বিভিন্ন আৱাসিক হোটেলত আশ্ৰয় লৈছে।

ছেইণ্ট মাৰ্টিন ইউনিয়নৰ পেনেলৰ অধ্যক্ষ আব্দুৰ ৰহমানে কয়, "ঘূৰ্ণী বতাহ সতৰ্কতা সংকেত জাৰি কৰাৰ পিছৰে পৰা ইউনিয়ন পৰিষদে  এতিয়ালৈকে ৫০০ ৰো অধিক লোকক সুৰক্ষিত আশ্ৰয়ৰ বাবে কক্সবজাৰৰ টেকনাফলৈ নিয়াৰ ব্যৱস্থা কৰিছে। বাংলাদেশৰ উপজিলা প্ৰশাসনৰ মতে, স্থানীয় লোকসকলৰ বাবে ৮৭ টা ৰাজহুৱা আৰু ব্যক্তিগত আশ্ৰয় শিবিৰকে ধৰি ১০০ তকৈও অধিক হোটেল আৰু বাংলো সাজু কৰি ৰখা হৈছে। বিজিবি, আৰক্ষী, উপকূলৰক্ষী বাহিনী, অগ্নি নিৰ্বাপক সেৱা, চিকিৎসকৰ দল আৰু স্বেচ্ছাসেৱকসকলক ছেইণ্ট মাৰ্টিনচ, শ্বাহপাৰি দ্বীপত উদ্ধাৰ অভিযানৰ বাবে সাজু হ'বলৈ কোৱা হৈছে।

 জিলাখনৰ সকলো চৰকাৰী বিষয়াৰ ছুটি বাতিল কৰা হৈছে। জিলাখনৰ নখন উপজিলাত প্ৰায় ৪৪৬ টা ঘূৰ্ণীবতাহ আশ্ৰয়স্থল সাজু কৰি ৰখা হৈছে। য'ত ২ লাখ ৩৫ হাজাৰ ৯৭৫ জন লোকে আশ্ৰয় ল'ব পাৰিব।  ৰেড ক্ৰিচেণ্ট, অগ্নি নিৰ্বাপক সেৱা আৰু ব্যক্তিগত উন্নয়ন সংস্থাৰ শ শ স্বেচ্ছাসেৱকক সাজু হ'বলৈ নিৰ্দেশ দিয়া হৈছে।

বাংলাদেশৰ কক্সবজাৰৰ টেকনাফ আৰু উখিয়াশিবিৰত য'ত ১.২ নিযুত ৰোহিংগীয়া লোকে বাস কৰে৷ সেই এলেকাতে বিপদাশংকা সৰ্বাধিক বুলি জানিব পৰা গৈছে। কাৰণ ৰহিংগীয়া বসতি অঞ্চলসমূহ মুখ্যতঃ পাহাৰত আছে। আৰু সেই পাহাৰবোৰৰ মাটিত বালিৰ পৰিমাণ বেছি। ফলস্বৰূপে, ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হোৱাৰ আশংকা কৰা হৈছে৷



উল্লেখ্য দুৰন্ত গতিৰে স্থলভূমিলৈ আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ 'মোচা' । পশ্চিমত 'মোচা'ই আঘাত হনাৰ পূৰ্ণ সম্ভাৱনা আছে।  'মোচা'ৰ সম্ভাৱ্য ধ্বংসলীলাৰ বিষয়ে এতিয়া  যথেষ্ট অনুমান, আলোচনা আদি চলি আছে। 

অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে   'মোচা'ৰ প্ৰভাৱ আন কেইবাখনো ৰাজ্যত পৰিব।   এই ঘূৰ্ণীবতাহৰ প্ৰভাৱত অন্ধ্ৰ প্ৰদেশ, কেৰালা আৰু তামিলনাডুত ধাৰাসাৰ বৰষুণ হ'ব।

বতৰ বিজ্ঞান বিভাগৰ মতে পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান, লাডাখ, কাশ্মীৰ, ছিকিম, মহাৰাষ্ট্ৰ, অৰুণাচল প্ৰদেশ, মেঘালয়, অসম আৰু তেলেংগানাত প্ৰতি ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগেৰে বোৱা বতাহৰ সৈতে বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। এই ৰাজ্যসমূহৰ বাবে সেয়ে  সতৰ্কবাণী জাৰি কৰা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস