--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনাই নিজৰ আসনত জয়লাভ কৰিছে। বাংলাদেশী সংবাদ মাধ্যম "প্ৰথম আলো" প্ৰকাশ কৰিলে এই খবৰ।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনাই ঢাকা প্ৰশাসনিক সংমণ্ডলৰ অন্তৰ্গত গোপালগঞ্জ জিলাৰ গোপালগঞ্জ-৩ আসনৰ বাবে প্ৰাৰ্থী হিচাপে থিয় দিছিল। এই গোপালগঞ্জ হাছিনাৰ জন্মস্থান। ১৯৯১ চনৰ পৰা হাচিনাই এই কেন্দ্ৰত নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে। প্ৰতিবাৰেই তেওঁ জয়ী হৈছিল। কিন্তু এইবাৰ লাভ কৰা ভোটে যোৱা ছবাৰৰ অভিলেখ ভংগ কৰে।

গোপালগঞ্জ-৩ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৯০ হাজাৰ ৩০০ জন। ইয়াৰে হাছিনাই লাভ কৰে ২ লাখ ৪৯ হাজাৰ ৯৬২টা ভোট। তেওঁৰ ‘নিকটতম’ প্ৰতিদ্বন্দ্বী এন পি পিৰ শ্বেখ আবুল কালামে লাভ কৰে ৪৬০টা ভোট। আন এজন প্ৰাৰ্থী মহাবুৰ মোল্লাই এই কেন্দ্ৰত ৪২৫টা ভোট লাভ কৰি তৃতীয় স্থানত আছে। তেওঁ জাকেৰৰ দলৰ প্ৰাৰ্থী।

দেওবাৰে বাংলাদেশৰ দ্বাদশ ৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। পুৱা ৮ বজাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। সন্ধিয়া ৪ বজাত শেষ হয়। মুঠ ৩০০খন আসনত ভোটগ্ৰহণ হ’ব লাগিছিল। কিন্তু এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে বাতিল কৰা হয় নাওগাঁও-২ কেন্দ্ৰৰ ভোটগ্ৰহণ। ফলত দেওবাৰে ২৯৯টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হয়। ভোটদান শেষ হোৱাৰ পিছত সন্ধিয়াৰ পৰা গণনা প্ৰক্ৰিয়া আৰম্ভ হয়।

নিশা প্ৰায় ৮:৩০ বজাত হাছিনাৰ জয়ৰ খবৰ ব্যক্তিগতভাৱে বাংলাদেশৰ সংবাদ মাধ্যম "প্ৰথম আলো"ই প্ৰকাশ কৰে। দেখা যায় যে হাছিনাই নিজৰ চেণ্টাৰত বিপুল ব্যৱধানত জয়লাভ কৰিছে। তেওঁৰ আৰু দ্বিতীয় সৰ্বাধিক ভোট পোৱা প্ৰাৰ্থীৰ মাজত পাৰ্থক্য ২ লাখ ৪৯ হাজাৰ ৫০২।

বাংলাদেশৰ দ্বাদশ ৰাষ্ট্ৰীয় সংসদ নিৰ্বাচনত ২৮টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৯৬৯। মুঠ ভোটাৰৰ সংখ্যা ১১ কোটি ৯৬ লাখ ৮৯ হাজাৰ ২৮৯ জন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ