--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনাই নিজৰ আসনত জয়লাভ কৰিছে। বাংলাদেশী সংবাদ মাধ্যম "প্ৰথম আলো" প্ৰকাশ কৰিলে এই খবৰ।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনাই ঢাকা প্ৰশাসনিক সংমণ্ডলৰ অন্তৰ্গত গোপালগঞ্জ জিলাৰ গোপালগঞ্জ-৩ আসনৰ বাবে প্ৰাৰ্থী হিচাপে থিয় দিছিল। এই গোপালগঞ্জ হাছিনাৰ জন্মস্থান। ১৯৯১ চনৰ পৰা হাচিনাই এই কেন্দ্ৰত নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে। প্ৰতিবাৰেই তেওঁ জয়ী হৈছিল। কিন্তু এইবাৰ লাভ কৰা ভোটে যোৱা ছবাৰৰ অভিলেখ ভংগ কৰে।

গোপালগঞ্জ-৩ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৯০ হাজাৰ ৩০০ জন। ইয়াৰে হাছিনাই লাভ কৰে ২ লাখ ৪৯ হাজাৰ ৯৬২টা ভোট। তেওঁৰ ‘নিকটতম’ প্ৰতিদ্বন্দ্বী এন পি পিৰ শ্বেখ আবুল কালামে লাভ কৰে ৪৬০টা ভোট। আন এজন প্ৰাৰ্থী মহাবুৰ মোল্লাই এই কেন্দ্ৰত ৪২৫টা ভোট লাভ কৰি তৃতীয় স্থানত আছে। তেওঁ জাকেৰৰ দলৰ প্ৰাৰ্থী।

দেওবাৰে বাংলাদেশৰ দ্বাদশ ৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। পুৱা ৮ বজাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। সন্ধিয়া ৪ বজাত শেষ হয়। মুঠ ৩০০খন আসনত ভোটগ্ৰহণ হ’ব লাগিছিল। কিন্তু এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে বাতিল কৰা হয় নাওগাঁও-২ কেন্দ্ৰৰ ভোটগ্ৰহণ। ফলত দেওবাৰে ২৯৯টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হয়। ভোটদান শেষ হোৱাৰ পিছত সন্ধিয়াৰ পৰা গণনা প্ৰক্ৰিয়া আৰম্ভ হয়।

নিশা প্ৰায় ৮:৩০ বজাত হাছিনাৰ জয়ৰ খবৰ ব্যক্তিগতভাৱে বাংলাদেশৰ সংবাদ মাধ্যম "প্ৰথম আলো"ই প্ৰকাশ কৰে। দেখা যায় যে হাছিনাই নিজৰ চেণ্টাৰত বিপুল ব্যৱধানত জয়লাভ কৰিছে। তেওঁৰ আৰু দ্বিতীয় সৰ্বাধিক ভোট পোৱা প্ৰাৰ্থীৰ মাজত পাৰ্থক্য ২ লাখ ৪৯ হাজাৰ ৫০২।

বাংলাদেশৰ দ্বাদশ ৰাষ্ট্ৰীয় সংসদ নিৰ্বাচনত ২৮টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৯৬৯। মুঠ ভোটাৰৰ সংখ্যা ১১ কোটি ৯৬ লাখ ৮৯ হাজাৰ ২৮৯ জন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ