--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ মাগুৰা-১ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ছাকিব আল হাছানে। বাংলাদেশৰ ক্ৰিকেট দলৰ অধিনায়ক আওমিয়ে লীগৰ নিৰ্বাচনত জয়লাভ কৰি সাংসদ হয়। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি নজমুল হাছান পাপোনেও জয়ী হয়।

কেপ্তেইন ছাকিব এতিয়া ৰাজনৈতিক নেতা। তেওঁ মাগুৰা-১ৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তাত ছাকিবে ১,৮৫,৩৮৮টা ভোট লাভ কৰে। তেওঁৰ বিৰুদ্ধে থিয় দিয়া অধিবক্তা কাজী ৰেজাউল হোছেইনে লাভ কৰে ৫,৯৯৪টা ভোট। অৰ্থাৎ প্ৰথমবাৰৰ বাবে ছাকিব সাংসদ হৈ বিপুল ব্যৱধানত জয়লাভ কৰে।

বাংলাদেশত সাংসদ হোৱা তৃতীয়জন ক্ৰিকেটাৰ ছাকিব। ইয়াৰ পূৰ্বে নাইমুৰ এহছান দুৰ্জয় আৰু মাছৰাফে মৰ্তাজা সাংসদ হৈছিল। ২০১৪ চনত প্ৰথমবাৰৰ বাবে জয়ী হৈছিল নাইমুৰে। পিছত ২০১৮ চনত তেওঁ নিৰ্বাচনত জয়ী হৈছিল। ২০১৮ চনত প্ৰথমবাৰৰ বাবে মৰ্টাজাই জয়লাভ কৰিছিল। এইবাৰো তেওঁ নিৰ্বাচনত থিয় দিলে।

কিন্তু ক্ৰিকেটৰ পৰা অৱসৰ লোৱা নাই ছাকিবে। তেওঁ ক্ৰিকেট আৰু ৰাজনীতি দুয়োটা একেলগে চম্ভালিব। ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বাংলাদেশ প্ৰিমিয়াৰ লীগ। ৰংপুৰ ৰাইডাৰ্ছৰ অধিনায়ক ছাকিব। সেই দলটোৰ বাবে তেওঁ খেলপথাৰত প্ৰৱেশ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ