--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সচৰাচৰ জনপ্ৰিয় তাৰকাসকলৰ জীৱনকলৈ অনুৰাগীসকল সদা সচেতন হৈ থাকে৷  বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী পৰীমণি ভাৰতৰো কেইবাখনো ৰাজ্যত সমানেই জনপ্ৰিয়৷ পাঁচ নম্বৰ দৰা ৰাজৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছতে পৰীমণিৰ বিচনাত তেজৰ দাগ উদ্ধাৰ হোৱাৰ কথাই বহুতকে উদ্বিগ্ন কৰি তুলিছে৷ 

কাৰণ পৰীমণিক হয়তো কোনোবাই হত্যা কৰিব বিচাৰিছিল বা তেওঁক আক্ৰমণ কিন্তু অনুৰাগীৰ মাজত এনে কৌতূহলৰ উদ্ৰেক হোৱাৰ সময়তে পোহৰলৈ আহিছে পৰীমণিৰ বিচনাত উদ্ধাৰ হোৱা তেজৰ দাগৰ ৰহস্য৷ বছৰটোৰ আৰম্ভণিতে পৰীমণিয়ে  ছ’চিয়েল মিডিয়াত এটা চাঞ্চল্যকৰ পোষ্ট  কৰিছিল। পোষ্টটোৰ প্ৰধান বিষয় আছিল আছিল অভিনেত্ৰীগৰাকীৰ বিচনাত তেজৰ দাগ উদ্ধাৰ হোৱাৰ কথাটো।  অভিনেত্ৰীগৰাকীৰ ঘৰুৱা সহায়কে সেই বিষয়ে নতুন তথ্য দিছে।


বছৰটোৰ প্ৰথম দিনটোত অভিনেত্ৰীগৰাকীয়ে তাইৰ সামাজিক মাধ্যমত কেইবাখনো ফটো পোষ্ট কৰিছিল। বিচনাত বিয়পি পৰা তেজৰ দাগক লৈ সংবাদ মাধ্যমতো  চাঞ্চল্যৰ সৃষ্টি হৈছিল। অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছিল। ছবিখন পোষ্ট কৰাৰ কেইঘণ্টামান পিছত তেওঁ তেওঁৰ স্বামী শ্বৰীফুল ৰাজৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। পৰীমণিৰ বিচনাত পোৱা  তেজৰ দাগৰ বিষয়ে নতুন তথ্য পোহৰলৈ  আহিছে। পৰীমণি আৰু ৰাজৰ ঘৰুৱা সহায়কে প্ৰকাশ কৰা মতে সেয়া পৰীমণিৰ তেজ নাছিল, সেয়া আছিল ৰাজৰহে তেজ৷  


অভিনেত্ৰীগৰাকীৰ ঘৰুৱা  সহায়কে প্ৰকাশ কৰা মতে সিদিনা  হঠাতে দুৰ্ঘটনাবশতঃ কোঠাত থকা  একুৰিয়ামটো পকাত পৰি ভাঙি গৈছিল৷ কিন্তু  একুৰিয়ামটো কেনেকৈ  পৰিল? তেন্তে মাজনিশা ৰাজ আৰু পৰীমণিৰ মাজত কোনো কাজিয়া  হৈছিল নেকি?


সহায়কজনে এইদৰে কয়: "সেয়া  আন পাঁচজন স্বামী আৰু পত্নীৰ মাজত হোৱা কাজিয়াৰ দৰেই একে আছিল।" অভিনেত্ৰীগৰাকীৰ ঘৰুৱা  সহায়কে কয়, "বহুলোকে ভাবিছিল যে ৰাজে পৰীমণিকক হত্যা কৰিব বিচাৰিছিল আৰু ফলত তেওঁৰ  ৰক্তক্ষৰণ হৈছিল৷  কিন্তু কথাটো তেনে  নহয়। একুৰিয়ামটো তুলিবলৈ লওঁতে   ৰাজৰ হাত কাটিছিল আৰু তেজ ওলাইছিল৷ । সেই সময়ত ৰাজ-পৰীমণিৰ পুত্ৰ ৰাজ্যও তেওঁলোকৰ কাষতে আছিল৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু