--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সচৰাচৰ জনপ্ৰিয় তাৰকাসকলৰ জীৱনকলৈ অনুৰাগীসকল সদা সচেতন হৈ থাকে৷  বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী পৰীমণি ভাৰতৰো কেইবাখনো ৰাজ্যত সমানেই জনপ্ৰিয়৷ পাঁচ নম্বৰ দৰা ৰাজৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছতে পৰীমণিৰ বিচনাত তেজৰ দাগ উদ্ধাৰ হোৱাৰ কথাই বহুতকে উদ্বিগ্ন কৰি তুলিছে৷ 

কাৰণ পৰীমণিক হয়তো কোনোবাই হত্যা কৰিব বিচাৰিছিল বা তেওঁক আক্ৰমণ কিন্তু অনুৰাগীৰ মাজত এনে কৌতূহলৰ উদ্ৰেক হোৱাৰ সময়তে পোহৰলৈ আহিছে পৰীমণিৰ বিচনাত উদ্ধাৰ হোৱা তেজৰ দাগৰ ৰহস্য৷ বছৰটোৰ আৰম্ভণিতে পৰীমণিয়ে  ছ’চিয়েল মিডিয়াত এটা চাঞ্চল্যকৰ পোষ্ট  কৰিছিল। পোষ্টটোৰ প্ৰধান বিষয় আছিল আছিল অভিনেত্ৰীগৰাকীৰ বিচনাত তেজৰ দাগ উদ্ধাৰ হোৱাৰ কথাটো।  অভিনেত্ৰীগৰাকীৰ ঘৰুৱা সহায়কে সেই বিষয়ে নতুন তথ্য দিছে।


বছৰটোৰ প্ৰথম দিনটোত অভিনেত্ৰীগৰাকীয়ে তাইৰ সামাজিক মাধ্যমত কেইবাখনো ফটো পোষ্ট কৰিছিল। বিচনাত বিয়পি পৰা তেজৰ দাগক লৈ সংবাদ মাধ্যমতো  চাঞ্চল্যৰ সৃষ্টি হৈছিল। অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছিল। ছবিখন পোষ্ট কৰাৰ কেইঘণ্টামান পিছত তেওঁ তেওঁৰ স্বামী শ্বৰীফুল ৰাজৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। পৰীমণিৰ বিচনাত পোৱা  তেজৰ দাগৰ বিষয়ে নতুন তথ্য পোহৰলৈ  আহিছে। পৰীমণি আৰু ৰাজৰ ঘৰুৱা সহায়কে প্ৰকাশ কৰা মতে সেয়া পৰীমণিৰ তেজ নাছিল, সেয়া আছিল ৰাজৰহে তেজ৷  


অভিনেত্ৰীগৰাকীৰ ঘৰুৱা  সহায়কে প্ৰকাশ কৰা মতে সিদিনা  হঠাতে দুৰ্ঘটনাবশতঃ কোঠাত থকা  একুৰিয়ামটো পকাত পৰি ভাঙি গৈছিল৷ কিন্তু  একুৰিয়ামটো কেনেকৈ  পৰিল? তেন্তে মাজনিশা ৰাজ আৰু পৰীমণিৰ মাজত কোনো কাজিয়া  হৈছিল নেকি?


সহায়কজনে এইদৰে কয়: "সেয়া  আন পাঁচজন স্বামী আৰু পত্নীৰ মাজত হোৱা কাজিয়াৰ দৰেই একে আছিল।" অভিনেত্ৰীগৰাকীৰ ঘৰুৱা  সহায়কে কয়, "বহুলোকে ভাবিছিল যে ৰাজে পৰীমণিকক হত্যা কৰিব বিচাৰিছিল আৰু ফলত তেওঁৰ  ৰক্তক্ষৰণ হৈছিল৷  কিন্তু কথাটো তেনে  নহয়। একুৰিয়ামটো তুলিবলৈ লওঁতে   ৰাজৰ হাত কাটিছিল আৰু তেজ ওলাইছিল৷ । সেই সময়ত ৰাজ-পৰীমণিৰ পুত্ৰ ৰাজ্যও তেওঁলোকৰ কাষতে আছিল৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক