--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ" পাঠান" ছবিত গেৰুৱা বিকিনি পিন্ধি উদ্দাম নৃত্য কৰা বলীউডৰ অভিননেত্ৰী দীপিকা পাডুকনৰ আজি জন্মদিন৷ প্ৰায় প্ৰতি খন ছবিৰ মুক্তিৰ পূৰ্বে বিতৰ্কৰ মধ্যমণি হৈ পৰা দীপিকাই আজি ৩৭ বছৰত ভৰি দিলে৷ পাঠানৰ গীতকলৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবেই দীপিকাই এইবেলি হয়তো বৰকৈ ৰাজহুৱা দৰ্শন দিয়া নাই৷  কেৱল ' বেচৰম ৰং'-য়েই  নহয়; প্ৰায় প্ৰতিখন চলচ্চিত্ৰৰ মুক্তিৰ আগতে, 'বাৰ্থডে গাৰ্ল' দীপিকা পাডুকন বিতৰ্কত লিপ্ত হৈছিল।


শেহতীয়াকৈ, দীপিকাই 'পাঠান' চলচ্চিত্ৰখনৰ 'বেচৰম ৰং' গানটোত অভিনয় কৰি বিতৰ্কত  সোমাই পৰিছে। বহুতে প্ৰশ্ন উত্থাপিত কৰিছে দীপিকাই পিন্ধা  'গেৰুৱা' বিকিনিকলৈ। গানটোত শ্বাহৰুখ খানৰ সৈতে তেওঁৰ ঘনিষ্ঠ ৰসায়ন সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হৈছে। অতীততো অভিনেত্ৰীগৰাকী তেওঁৰ বিভিন্ন চলচ্চিত্ৰ মুক্তিৰ আগতে কেইবাটাও বিতৰ্কৰ সৈতে জড়িত হৈ পৰিছিল।

'ৰাম লীলা'ত, দীপিকা আৰু ৰণবীৰ সিঙে ছবিখনত ৰাম নামটো উল্লেখ কৰাৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছিল। বহুতেছবি খনৰ নামটোৱে  হিন্দুসকলৰ ধৰ্মীয় অনুভূতিক আঘাত হনা বুলি অভিযোগ কৰিছিল৷


দীপিকাই 'দম মাৰো দম' ছবিখনত টাইটেল ট্ৰেকত নাচিছিল। শিৰোনামটো সেই গানটোৰ পৰাই  লোৱা  হৈছিল। বহুতে এইবুলি আসোচনা কৰিছিল যে দেৱ আনন্দে সেই গানটোৰ বাবেই হয়তো  কষ্ট পাইছিল। 

'ছপাক'ৰ মুক্তিৰ আগতে দীপিকাই দিল্লীৰ জেএনইউত ’কা’ বিৰোধী প্ৰতিবাদত যোগদান কৰিছিল। সেই সময়ত তেওঁৰ উপস্থিতিক প্ৰচাৰ ষ্টান্ট বুলি বহুতে মন্তব্য কৰিছিল৷ 


মুক্তিৰ আগতে দীপিকাৰ  'পদ্মাৱত' ছবিখনকলৈয়ো বহুতে  আপত্তি কৰিছিল। তেওঁলোকে কৈছিল যে চলচ্চিত্ৰখনে ইতিহাসৰ এটা ভুল ঘটনা প্ৰতিফলিত কৰিছে। সেয়ে পিছত ছবি খনৰ নাম পদ্মাৱতীৰ পৰা পদ্মাৱত কৰা হয়৷ 


দীপিকাই 'ঘুমাৰ' গানটোত কৰা যৌনগন্ধী নৃত্যৰ বাবেই তেওঁক কঁকাল ঢাকি নাচিবলৈও বহুতে কৈছিল৷  বিতৰ্কৰ মাজৰেই আগবাঢ়ি গৈছে দীপিকা৷ আজি তেওঁৰ জন্মদিন, অভিনেত্ৰীগৰাকীক হিয়া উজাৰি জনাও আহক জন্মদিনৰ শুভেচ্ছা৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু