--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ" পাঠান" ছবিত গেৰুৱা বিকিনি পিন্ধি উদ্দাম নৃত্য কৰা বলীউডৰ অভিননেত্ৰী দীপিকা পাডুকনৰ আজি জন্মদিন৷ প্ৰায় প্ৰতি খন ছবিৰ মুক্তিৰ পূৰ্বে বিতৰ্কৰ মধ্যমণি হৈ পৰা দীপিকাই আজি ৩৭ বছৰত ভৰি দিলে৷ পাঠানৰ গীতকলৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবেই দীপিকাই এইবেলি হয়তো বৰকৈ ৰাজহুৱা দৰ্শন দিয়া নাই৷  কেৱল ' বেচৰম ৰং'-য়েই  নহয়; প্ৰায় প্ৰতিখন চলচ্চিত্ৰৰ মুক্তিৰ আগতে, 'বাৰ্থডে গাৰ্ল' দীপিকা পাডুকন বিতৰ্কত লিপ্ত হৈছিল।


শেহতীয়াকৈ, দীপিকাই 'পাঠান' চলচ্চিত্ৰখনৰ 'বেচৰম ৰং' গানটোত অভিনয় কৰি বিতৰ্কত  সোমাই পৰিছে। বহুতে প্ৰশ্ন উত্থাপিত কৰিছে দীপিকাই পিন্ধা  'গেৰুৱা' বিকিনিকলৈ। গানটোত শ্বাহৰুখ খানৰ সৈতে তেওঁৰ ঘনিষ্ঠ ৰসায়ন সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হৈছে। অতীততো অভিনেত্ৰীগৰাকী তেওঁৰ বিভিন্ন চলচ্চিত্ৰ মুক্তিৰ আগতে কেইবাটাও বিতৰ্কৰ সৈতে জড়িত হৈ পৰিছিল।

'ৰাম লীলা'ত, দীপিকা আৰু ৰণবীৰ সিঙে ছবিখনত ৰাম নামটো উল্লেখ কৰাৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছিল। বহুতেছবি খনৰ নামটোৱে  হিন্দুসকলৰ ধৰ্মীয় অনুভূতিক আঘাত হনা বুলি অভিযোগ কৰিছিল৷


দীপিকাই 'দম মাৰো দম' ছবিখনত টাইটেল ট্ৰেকত নাচিছিল। শিৰোনামটো সেই গানটোৰ পৰাই  লোৱা  হৈছিল। বহুতে এইবুলি আসোচনা কৰিছিল যে দেৱ আনন্দে সেই গানটোৰ বাবেই হয়তো  কষ্ট পাইছিল। 

'ছপাক'ৰ মুক্তিৰ আগতে দীপিকাই দিল্লীৰ জেএনইউত ’কা’ বিৰোধী প্ৰতিবাদত যোগদান কৰিছিল। সেই সময়ত তেওঁৰ উপস্থিতিক প্ৰচাৰ ষ্টান্ট বুলি বহুতে মন্তব্য কৰিছিল৷ 


মুক্তিৰ আগতে দীপিকাৰ  'পদ্মাৱত' ছবিখনকলৈয়ো বহুতে  আপত্তি কৰিছিল। তেওঁলোকে কৈছিল যে চলচ্চিত্ৰখনে ইতিহাসৰ এটা ভুল ঘটনা প্ৰতিফলিত কৰিছে। সেয়ে পিছত ছবি খনৰ নাম পদ্মাৱতীৰ পৰা পদ্মাৱত কৰা হয়৷ 


দীপিকাই 'ঘুমাৰ' গানটোত কৰা যৌনগন্ধী নৃত্যৰ বাবেই তেওঁক কঁকাল ঢাকি নাচিবলৈও বহুতে কৈছিল৷  বিতৰ্কৰ মাজৰেই আগবাঢ়ি গৈছে দীপিকা৷ আজি তেওঁৰ জন্মদিন, অভিনেত্ৰীগৰাকীক হিয়া উজাৰি জনাও আহক জন্মদিনৰ শুভেচ্ছা৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক