--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘ডি ডব্লিউ’ত সাংবাদিকতা কৰি থকাৰ সময়তে হত্যাৰ বলি হোৱা বাংলাদেশৰ সাংবাদিক সাগৰ সৰোৱাৰ আৰু তেওঁৰ সাংবাদিক পত্নী মেহেৰুণ ৰুণীৰ ভয়ংকৰ হত্যাকাণ্ডৰ ৰহস্য আজিও ভেদ হোৱা নাই৷ এয়া এদিন-দুদিনৰ কথা নহয়৷ দহ বছৰ পূৰ্বৰ এই হত্যাকাণ্ডৰ ন্যায়ৰ অপেক্ষাত দিন কটাইছে সাংবাদিকগৰাকীৰ পৰিয়ালে৷ সাগৰ সৰোৱাৰৰ পৰিয়ালৰ সদস্য আৰু তেওঁৰ গুণমুগ্ধসকলে এতিয়াও ন্যায়ৰ বাবে ৰৈ আছে৷ বাংলাদেশী সাংবাদিক সাগৰ সৰোৱাৰ আৰু মেহেৰুণ ৰুণীৰ ভয়ংকৰ হত্যাকাণ্ডৰ দহ বছৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীসকলক বিচাৰি আছে৷ সমালোচকসকলে কৈছে যে, গোচৰটো সমাধান কৰিবলৈ কৰ্তৃপক্ষৰ ইচ্ছাৰ অভাৱৰ ইংগিত দেখা গৈছে৷ ‘ডি ডব্লিউ’ৰ এজন প্ৰাক্তন সাংবাদিক সৰোৱাৰক তেওঁৰ সাংবাদিক পত্নী মেহৰুণ ৰুণীৰ সৈতে ২০১২ চনৰ ১১ ফেব্ৰুৱাৰীত বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত থকা তেওঁলোকৰ এপাৰ্টমেণ্টৰ শোৱনি কোঠাত মৃত অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে কৈছিল যে সৰোৱাৰক বান্ধি ৰখা হৈছিল আৰু তেওঁ আৰু তেওঁৰ পত্নীক একাধিকবাৰ ছুৰীকাঘাত কৰা হৈছিল। সৰোৱাৰে নিজৰ দেশলৈ উভতি অহাৰ আগতে জাৰ্মানীৰ প্ৰাক্তন ৰাজধানী বনত তিনি বছৰ ডি ডব্লিউৰ বাংলা সেৱাৰ সৈতে ৰেডিঅ’ ঘোষক আৰু সম্পাদক হিচাপে কাম কৰিছিল। ডি ডব্লিউৰ সৈতে কাম কৰোঁতে, তেওঁ দক্ষিণ এছিয়াৰ দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলৰ কেইবাটাও সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল আৰু ৰাজনৈতিক, সামাজিক আৰু পাৰিপাৰ্শ্বিক বিষয়বোৰ সামৰি লৈছিল। বাংলাদেশক হতবাক কৰা এই হত্যাকাণ্ডটো সাংবাদিক দম্পতী ঢাকালৈ উভতি অহাৰ আঠ মাহ পাছতে সংঘটিত হৈছিল। তেওঁলোকৰ মৃত্যুৰ সময়ত, সৰোৱাৰে মাচৰঙ্গা টিভিৰ বাতৰি প্ৰধান হিচাপে কাম কৰিছিল, আনহাতে ৰুণী এটিএন বাংলা টিভি চেনেলৰ জ্যেষ্ঠ প্ৰতিবেদক আছিল। হত্যাৰ ঠিক পাছতে, সেই সময়ৰ গৃহমন্ত্ৰী চাহাৰা খাতুনে ৪৮ ঘণ্টাৰ ভিতৰত হত্যাকাৰীসকলক বিচাৰি উলিয়াব বুলি ঘোষণা কৰিছিল। সেই প্ৰতিশ্ৰুতিৰ ১০ বছৰ পাৰ হৈ গ’ল, আৰক্ষীয়ে এতিয়াও হত্যাকাৰীক চিনাক্ত কৰিব পৰা পৰা নাই। পেৰিছস্থিত অধিকাৰ সংগঠন ৰিপ’ৰ্টাৰ্ছ উইডাউট বৰ্ডাৰছ (আৰএছএফ)ৰ মুৰব্বী ডেনিয়েল বাষ্টাৰ্ডে বিশ্বাস কৰে যে মুছলমান সংখ্যাগৰিষ্ঠ দেশখনৰ চৰকাৰে গোচৰটো সমাধান কৰিবলৈ পৰ্যাপ্ত পৰিমাণে কাম কৰা নাই। তেওঁ লগতে কয়, হত্যাৰ আঁৰৰ উদ্দেশ্য আৰু উচ্চ পৰ্যায়ৰ দুৰ্নীতিৰ পৰা আৰম্ভ কৰি দুয়োজন সাংবাদিকৰ অনুসন্ধানমূলক কামৰ সৈতে হত্যাকাণ্ডৰ সম্পৰ্কক নুই কৰিব নোৱাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ