--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘ডি ডব্লিউ’ত সাংবাদিকতা কৰি থকাৰ সময়তে হত্যাৰ বলি হোৱা বাংলাদেশৰ সাংবাদিক সাগৰ সৰোৱাৰ আৰু তেওঁৰ সাংবাদিক পত্নী মেহেৰুণ ৰুণীৰ ভয়ংকৰ হত্যাকাণ্ডৰ ৰহস্য আজিও ভেদ হোৱা নাই৷ এয়া এদিন-দুদিনৰ কথা নহয়৷ দহ বছৰ পূৰ্বৰ এই হত্যাকাণ্ডৰ ন্যায়ৰ অপেক্ষাত দিন কটাইছে সাংবাদিকগৰাকীৰ পৰিয়ালে৷ সাগৰ সৰোৱাৰৰ পৰিয়ালৰ সদস্য আৰু তেওঁৰ গুণমুগ্ধসকলে এতিয়াও ন্যায়ৰ বাবে ৰৈ আছে৷ বাংলাদেশী সাংবাদিক সাগৰ সৰোৱাৰ আৰু মেহেৰুণ ৰুণীৰ ভয়ংকৰ হত্যাকাণ্ডৰ দহ বছৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীসকলক বিচাৰি আছে৷ সমালোচকসকলে কৈছে যে, গোচৰটো সমাধান কৰিবলৈ কৰ্তৃপক্ষৰ ইচ্ছাৰ অভাৱৰ ইংগিত দেখা গৈছে৷ ‘ডি ডব্লিউ’ৰ এজন প্ৰাক্তন সাংবাদিক সৰোৱাৰক তেওঁৰ সাংবাদিক পত্নী মেহৰুণ ৰুণীৰ সৈতে ২০১২ চনৰ ১১ ফেব্ৰুৱাৰীত বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত থকা তেওঁলোকৰ এপাৰ্টমেণ্টৰ শোৱনি কোঠাত মৃত অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে কৈছিল যে সৰোৱাৰক বান্ধি ৰখা হৈছিল আৰু তেওঁ আৰু তেওঁৰ পত্নীক একাধিকবাৰ ছুৰীকাঘাত কৰা হৈছিল। সৰোৱাৰে নিজৰ দেশলৈ উভতি অহাৰ আগতে জাৰ্মানীৰ প্ৰাক্তন ৰাজধানী বনত তিনি বছৰ ডি ডব্লিউৰ বাংলা সেৱাৰ সৈতে ৰেডিঅ’ ঘোষক আৰু সম্পাদক হিচাপে কাম কৰিছিল। ডি ডব্লিউৰ সৈতে কাম কৰোঁতে, তেওঁ দক্ষিণ এছিয়াৰ দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলৰ কেইবাটাও সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল আৰু ৰাজনৈতিক, সামাজিক আৰু পাৰিপাৰ্শ্বিক বিষয়বোৰ সামৰি লৈছিল। বাংলাদেশক হতবাক কৰা এই হত্যাকাণ্ডটো সাংবাদিক দম্পতী ঢাকালৈ উভতি অহাৰ আঠ মাহ পাছতে সংঘটিত হৈছিল। তেওঁলোকৰ মৃত্যুৰ সময়ত, সৰোৱাৰে মাচৰঙ্গা টিভিৰ বাতৰি প্ৰধান হিচাপে কাম কৰিছিল, আনহাতে ৰুণী এটিএন বাংলা টিভি চেনেলৰ জ্যেষ্ঠ প্ৰতিবেদক আছিল। হত্যাৰ ঠিক পাছতে, সেই সময়ৰ গৃহমন্ত্ৰী চাহাৰা খাতুনে ৪৮ ঘণ্টাৰ ভিতৰত হত্যাকাৰীসকলক বিচাৰি উলিয়াব বুলি ঘোষণা কৰিছিল। সেই প্ৰতিশ্ৰুতিৰ ১০ বছৰ পাৰ হৈ গ’ল, আৰক্ষীয়ে এতিয়াও হত্যাকাৰীক চিনাক্ত কৰিব পৰা পৰা নাই। পেৰিছস্থিত অধিকাৰ সংগঠন ৰিপ’ৰ্টাৰ্ছ উইডাউট বৰ্ডাৰছ (আৰএছএফ)ৰ মুৰব্বী ডেনিয়েল বাষ্টাৰ্ডে বিশ্বাস কৰে যে মুছলমান সংখ্যাগৰিষ্ঠ দেশখনৰ চৰকাৰে গোচৰটো সমাধান কৰিবলৈ পৰ্যাপ্ত পৰিমাণে কাম কৰা নাই। তেওঁ লগতে কয়, হত্যাৰ আঁৰৰ উদ্দেশ্য আৰু উচ্চ পৰ্যায়ৰ দুৰ্নীতিৰ পৰা আৰম্ভ কৰি দুয়োজন সাংবাদিকৰ অনুসন্ধানমূলক কামৰ সৈতে হত্যাকাণ্ডৰ সম্পৰ্কক নুই কৰিব নোৱাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু