--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাইৰাছে কোঙা কৰা বিশ্বত মানৱ জাতি সৰ্বশ্ৰান্ত। অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে প্ৰভাৱ পেলাই ভাইৰাছে সৃষ্টি কৰিছে মহাত্ৰাস। একেটা ভাইৰাছেই উৎপৰিৱৰ্তন ঘটি নতুন প্ৰকাৰৰ সৃষ্টি হৈ অৱধাৰিত গতি ল’ব ধৰিছে, তাৰ উদাহৰণ ক’ভিডত আক্ৰান্ত হোৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে। এনে সময়তে ভাইৰাছ সন্দৰ্ভত এক নতুন তথ্য উন্মোচিত হৈছে। মানৱ সভ্যতাই ঢুকি নোপোৱা যুগৰে পৰাই বিশ্বত অৱস্থিতি আছিল ভাইৰাছৰ। ক’ভিডসদৃশ ভাইৰাছত সংক্ৰমিত হৈছিল সৃষ্টিৰ পাতনি কালৰ মহাকায় ডাইনোচৰ। ডাইনোচৰো আক্ৰান্ত হৈছিল শ্বাস-প্ৰশ্বাসজনিত ৰোগত। শেহতীয়া এক অধ্যয়নত প্ৰকাশ হৈছে এই তথ্য। তথ্য অনুসৰি ডাইনোচৰৰ বসতিৰ বহু আগৰে পৰাই বিশ্বত ভাইৰাছৰ অৱস্থিতি লাভ কৰিছে বিজ্ঞানীয়ে। পোন প্ৰথমে ভাইৰাছ সম্বন্ধে মানৱজাতিয়ে ১৮৯৬ চনত জ্ঞাত হৈছিল। ম’জেইক ৰোগৰ জীৱানুক পোন প্ৰথমে ভাইৰাছ আখ্যা দি চিনাক্ত কৰা হৈছিল। ভাইৰাছ হৈছে নিউক্লীয় প্ৰ’টিনৰ দ্বাৰা গঠিত অ-কোষী পৰজীৱী আনুবীক্ষণিক এটা বস্তু। কিন্তু ১৮৯৬ চনত মানৱ জাতিয়ে আৱিষ্কাৰ কৰা ভাইৰাছে আজিৰ পৰা প্ৰায় ১৪৫ নিযুত বছৰৰ আগেয়েই ডাইনোচৰৰ দেহত সংক্ৰমণ সৃষ্টি কৰি ৰোগৰ কাৰণ হৈ পৰিছিল। শেহতীয়াভাৱে অধ্যয়ণ কৰা এটা জীৱাষ্মৰ পৰা এই কথা গম পোৱা গৈছে যে, ডাইনোচৰৰ দেহতো ক’ভিড সদৃশ ৰোগৰ সৃষ্টিৰ কাৰক এই ভাইৰাছেই আছিল। উদ্ধাৰ হোৱা জীৱাষ্ম অধ্যয়নৰ পৰা তথ্য আহৰণ কৰা হৈছে যে ডাইনোচৰটো জ্বৰ আৰু কাহত গুৰুতৰভাৱে অসুস্থ হৈছিল। জীৱাষ্ম অধ্যয়ন কৰা ডাইনোচৰটো অসুখত ভুগি থকা বুলি বিজ্ঞানীসকলে সন্দেহ কৰিছে। ইয়াৰ ইয়াৰ নাকৰ পৰা শ্লেষ্মা বা কফ ওলাই আহিছিল। জুৰাচিক তৃণভোজীটো জ্বৰ আৰু কাহত ভুগিছিল যি ইয়াৰ দীঘল পেশীবহুল ডিঙিটো জোকাৰি গৈছিল। ৰোগটো আনকি মাৰাত্মকও হ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। এই ৰোগে ডাইনোচৰৰ স্বাস্থ্যক ইমানেই গুৰুতৰভাৱে প্ৰভাৱিত কৰিছিল যে ই ইয়াৰ জীৱাশ্মযুক্ত হাড়ত ইয়াৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। জীৱবিজ্ঞানীসকল পতিয়ন গৈছে যে এই আঁচহুৱা অৱশিষ্টবোৰ এতিয়া ডাইনোচৰৰ শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ প্ৰথম প্ৰমাণ। ডাইনোচৰটো কিয় অসুস্থ আছিল এই কথা জীৱাষ্ম অধ্যয়ন কৰি থকা বিজ্ঞানীসকলৰ বাবে তাৎক্ষণিকভাৱে স্পষ্ট নাছিল। ২০১৮ চনত মণ্টানাৰ গ্ৰেট প্লেইনচ ডাইনোচাৰ সংগ্ৰহালয়ৰ জীৱবিজ্ঞানী কেৰী উড্ৰাফে এই ডিপ্লোডোকাছসদৃশ তৃণভোজী প্ৰাণীটো গৱেষণা কৰি থাকোতে কিবা অদ্ভুত লক্ষ্য কৰিছিল। ডাইনোচৰৰ ডিঙিৰ হাড়ৰ ফোঁপোলাবোৰত প্ৰায় ব্ৰকলিৰ দৰে দেখা তৰল আছিল। অৱশেষত জীৱবিজ্ঞানীসকল পতিয়ন গৈছে যে ডাইনোচৰটো ক’ভিডসদৃশ ৰোগৰ বাবেই শ্বাস-প্ৰশাসজনিত ৰোগত আক্ৰান্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু