--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাইৰাছে কোঙা কৰা বিশ্বত মানৱ জাতি সৰ্বশ্ৰান্ত। অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে প্ৰভাৱ পেলাই ভাইৰাছে সৃষ্টি কৰিছে মহাত্ৰাস। একেটা ভাইৰাছেই উৎপৰিৱৰ্তন ঘটি নতুন প্ৰকাৰৰ সৃষ্টি হৈ অৱধাৰিত গতি ল’ব ধৰিছে, তাৰ উদাহৰণ ক’ভিডত আক্ৰান্ত হোৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে। এনে সময়তে ভাইৰাছ সন্দৰ্ভত এক নতুন তথ্য উন্মোচিত হৈছে। মানৱ সভ্যতাই ঢুকি নোপোৱা যুগৰে পৰাই বিশ্বত অৱস্থিতি আছিল ভাইৰাছৰ ক’ভিডসদৃশ ভাইৰাছত সংক্ৰমিত হৈছিল সৃষ্টিৰ পাতনি কালৰ মহাকায় ডাইনোচৰ। ডাইনোচৰো আক্ৰান্ত হৈছিল শ্বাস-প্ৰশ্বাসজনিত ৰোগত। শেহতীয়া এক অধ্যয়নত প্ৰকাশ হৈছে এই তথ্য। তথ্য অনুসৰি ডাইনোচৰৰ বসতিৰ বহু আগৰে পৰাই বিশ্বত ভাইৰাছৰ অৱস্থিতি লাভ কৰিছে বিজ্ঞানীয়ে। পোন প্ৰথমে ভাইৰাছ সম্বন্ধে মানৱজাতিয়ে ১৮৯৬ চনত জ্ঞাত হৈছিল। ম’জেইক ৰোগৰ জীৱানুক পোন প্ৰথমে ভাইৰাছ আখ্যা দি চিনাক্ত কৰা হৈছিল। ভাইৰাছ হৈছে নিউক্লীয় প্ৰ’টিনৰ দ্বাৰা গঠিত অ-কোষী পৰজীৱী আনুবীক্ষণিক এটা বস্তু। কিন্তু ১৮৯৬ চনত মানৱ জাতিয়ে আৱিষ্কাৰ কৰা ভাইৰাছে আজিৰ পৰা প্ৰায় ১৪৫ নিযুত বছৰৰ আগেয়েই ডাইনোচৰৰ দেহত সংক্ৰমণ সৃষ্টি কৰি ৰোগৰ কাৰণ হৈ পৰিছিল। শেহতীয়াভাৱে অধ্যয়ণ কৰা এটা জীৱাষ্মৰ পৰা এই কথা গম পোৱা গৈছে যে, ডাইনোচৰৰ দেহতো ক’ভিড সদৃশ ৰোগৰ সৃষ্টিৰ কাৰক এই ভাইৰাছেই আছিল। উদ্ধাৰ হোৱা জীৱাষ্ম অধ্যয়নৰ পৰা তথ্য আহৰণ কৰা হৈছে যে ডাইনোচৰটো জ্বৰ আৰু কাহত গুৰুতৰভাৱে অসুস্থ হৈছিল। জীৱাষ্ম অধ্যয়ন কৰা ডাইনোচৰটো অসুখত ভুগি থকা বুলি বিজ্ঞানীসকলে সন্দেহ কৰিছে। ইয়াৰ ইয়াৰ নাকৰ পৰা শ্লেষ্মা বা কফ ওলাই আহিছিল। জুৰাচিক তৃণভোজীটো জ্বৰ আৰু কাহত ভুগিছিল যি ইয়াৰ দীঘল পেশীবহুল ডিঙিটো জোকাৰি গৈছিল। ৰোগটো আনকি মাৰাত্মকও হ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। এই ৰোগে ডাইনোচৰৰ স্বাস্থ্যক ইমানেই গুৰুতৰভাৱে প্ৰভাৱিত কৰিছিল যে ই ইয়াৰ জীৱাশ্মযুক্ত হাড়ত ইয়াৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। জীৱবিজ্ঞানীসকল পতিয়ন গৈছে যে এই আঁচহুৱা অৱশিষ্টবোৰ এতিয়া ডাইনোচৰৰ শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ প্ৰথম প্ৰমাণ। ডাইনোচৰটো কিয় অসুস্থ আছিল এই কথা জীৱাষ্ম অধ্যয়ন কৰি থকা বিজ্ঞানীসকলৰ বাবে তাৎক্ষণিকভাৱে স্পষ্ট নাছিল। ২০১৮ চনত মণ্টানাৰ গ্ৰেট প্লেইনচ ডাইনোচাৰ সংগ্ৰহালয়ৰ জীৱবিজ্ঞানী কেৰী উড্ৰাফে এই ডিপ্লোডোকাছসদৃশ তৃণভোজী প্ৰাণীটো গৱেষণা কৰি থাকোতে কিবা অদ্ভুত লক্ষ্য কৰিছিল। ডাইনোচৰৰ ডিঙিৰ হাড়ৰ ফোঁপোলাবোৰত প্ৰায় ব্ৰকলিৰ দৰে দেখা তৰল আছিল। অৱশেষত জীৱবিজ্ঞানীসকল পতিয়ন গৈছে যে ডাইনোচৰটো ক’ভিডসদৃশ ৰোগৰ বাবেই শ্বাস-প্ৰশাসজনিত ৰোগত আক্ৰান্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি