--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ বিজ্ঞানীসকলে এতিয়ালৈকে আটাইতকৈ বৃহদাকাৰ ধুমকেতুৰ সম্ভেদ লাভ কৰিছে। এই ধুমকেতুটোৰ নাম দিয়া হৈছে C/2014 UN271 । ১৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ধুমকেতুটো পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ স্নাতক পেদ্ৰো বৰ্নেডিনেলী আৰু জ্যোতিৰ্বিজ্ঞানী গেৰী বাৰ্ণষ্টাইনে আৱিষ্কাৰ কৰিছে। সেয়েহে তেওঁলোকৰ নামেৰেই ধুমকেতুটোৰ নামকৰণ কৰা হৈছে। বৰ্ণেডিনেলী-বাৰ্ণষ্টাইন নামেৰে ধুমকেতুটোৰ নামকৰণ কৰা হৈছে। এই ধুমকেতুটোৱে সৌৰজগতত অতি দ্ৰুত গতিত ভ্ৰমণ কৰি থকা বুলিও সদৰী কৰিছে বিজ্ঞানীসকলে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি,বিজ্ঞানীসকলে এই ধুমকেতুটোৰ আকাৰ গণনা কৰিবলৈ চিলি স্থিত চেৰো-টোলোলো আন্তঃ-আমেৰিকানৰ পৰা এটা ডাৰ্ক এনাৰ্জীযুক্ত কেমেৰা ব্যৱহাৰ কৰা হৈছিল। পেৰিছ অবজাৰ্ভেটৰীৰ বিজ্ঞানী ডঃ ইমানুৱেল লেলাউছে প্ৰথমে এই ধুমকেতুটোৰ দৈৰ্ঘ্য ১০০ কিলোমিটাৰ হ'ব বুলি সদৰী কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ দৈৰ্ঘ্য ১৩৭ কিলোমিটাৰ বুলি নিৰ্ধাৰণ কৰা হয়। জানিবলৈ পোৱা মতে, এই ধুমকেতুটোৱে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বতকৈ ২০ গুণ অধিক দূৰত্ব অতিক্ৰম কৰিব। হাৰ্ভাৰ্ড এণ্ড স্মিথছোনিয়ানৰ চেণ্টাৰ অৱ এষ্ট্ৰোফিজিক্সৰ জ্যোতিৰ্বিজ্ঞানী পিটাৰ ভাৰ্ছে কয়, ‘বিগত বৰ্ষৰ জুন মাহত সৌৰজগতৰ আটাইতকৈ ওচৰত দেখা গৈছিল এই ধুমকেতুটো। এই ধুমকেতুটো অধ্যয়ন কৰিবলৈ প্ৰায় ২০ বছৰ সময় লাগিছে। এইটো আমাৰ বাবে অতি বিশেষ, কিয়নো ই ধূমকেতু অৰ্ট ক্লাউডৰ (ধুমকেতু আৰু ধূলিৰ এক বিশাল ডাৱৰ) পৰা আহিছে। য'ত বৰফৰ বিশাল ক্ষেত্ৰৰে আৱৰি আছে। পিটাৰৰ মতে, এই ধুমকেতুটোৰ পিছপালে এডাল অস্পষ্ট নেজ আছে। বিজ্ঞানীসকলৰ মতে, ধুমকেতুটো প্ৰথমবাৰৰ বাবে ২০১৪ চনতে আৱিষ্কাৰ কৰা হৈছিল। তাৰ পিছত ক্ৰমান্বয়ে ২০১৫,২০১৬,২০১৭ আৰু ২০১৮ চনত একেৰাহে দেখা গৈছিল। দূৰবীণেৰে চাওঁতেও ধুমকেতুটো এটা নীলা ৰঙৰ বিন্দুৰ দৰে লাগিছিল, যিটো পৃথিৱীৰ ফালে অহা দেখা গৈছিল। বিজ্ঞানীসকলে ইয়াৰ অধ্যয়নৰ বাবে মাইন’ৰ প্লেনেট চেণ্টাৰলৈ তেওঁলোকৰ প্ৰতিবেদন প্ৰেৰণ কৰিছিল। এই ধুমকেতুটো পৃথিৱীৰ ফালে অহা সৰু গ্ৰহ যে নহয় তাৰো পূৰ্বানুমান কৰিছিল বৈজ্ঞানিকসকলে। এই ধুমকেতু টো ২০৩১ চনৰ জানুৱাৰী মাহত সূৰ্যৰ আটাইতকৈ ওচৰ চাপিব আৰু সেই সময়ত ইয়াৰ দূৰত্ব পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্বৰ ১১ গুণ হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু