--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ বিজ্ঞানীসকলে এতিয়ালৈকে আটাইতকৈ বৃহদাকাৰ ধুমকেতুৰ সম্ভেদ লাভ কৰিছে। এই ধুমকেতুটোৰ নাম দিয়া হৈছে C/2014 UN271 । ১৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ধুমকেতুটো পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ স্নাতক পেদ্ৰো বৰ্নেডিনেলী আৰু জ্যোতিৰ্বিজ্ঞানী গেৰী বাৰ্ণষ্টাইনে আৱিষ্কাৰ কৰিছে। সেয়েহে তেওঁলোকৰ নামেৰেই ধুমকেতুটোৰ নামকৰণ কৰা হৈছে। বৰ্ণেডিনেলী-বাৰ্ণষ্টাইন নামেৰে ধুমকেতুটোৰ নামকৰণ কৰা হৈছে। এই ধুমকেতুটোৱে সৌৰজগতত অতি দ্ৰুত গতিত ভ্ৰমণ কৰি থকা বুলিও সদৰী কৰিছে বিজ্ঞানীসকলে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি,বিজ্ঞানীসকলে এই ধুমকেতুটোৰ আকাৰ গণনা কৰিবলৈ চিলি স্থিত চেৰো-টোলোলো আন্তঃ-আমেৰিকানৰ পৰা এটা ডাৰ্ক এনাৰ্জীযুক্ত কেমেৰা ব্যৱহাৰ কৰা হৈছিল। পেৰিছ অবজাৰ্ভেটৰীৰ বিজ্ঞানী ডঃ ইমানুৱেল লেলাউছে প্ৰথমে এই ধুমকেতুটোৰ দৈৰ্ঘ্য ১০০ কিলোমিটাৰ হ'ব বুলি সদৰী কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ দৈৰ্ঘ্য ১৩৭ কিলোমিটাৰ বুলি নিৰ্ধাৰণ কৰা হয়। জানিবলৈ পোৱা মতে, এই ধুমকেতুটোৱে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বতকৈ ২০ গুণ অধিক দূৰত্ব অতিক্ৰম কৰিব। হাৰ্ভাৰ্ড এণ্ড স্মিথছোনিয়ানৰ চেণ্টাৰ অৱ এষ্ট্ৰোফিজিক্সৰ জ্যোতিৰ্বিজ্ঞানী পিটাৰ ভাৰ্ছে কয়, ‘বিগত বৰ্ষৰ জুন মাহত সৌৰজগতৰ আটাইতকৈ ওচৰত দেখা গৈছিল এই ধুমকেতুটো। এই ধুমকেতুটো অধ্যয়ন কৰিবলৈ প্ৰায় ২০ বছৰ সময় লাগিছে। এইটো আমাৰ বাবে অতি বিশেষ, কিয়নো ই ধূমকেতু অৰ্ট ক্লাউডৰ (ধুমকেতু আৰু ধূলিৰ এক বিশাল ডাৱৰ) পৰা আহিছে। য'ত বৰফৰ বিশাল ক্ষেত্ৰৰে আৱৰি আছে। পিটাৰৰ মতে, এই ধুমকেতুটোৰ পিছপালে এডাল অস্পষ্ট নেজ আছে। বিজ্ঞানীসকলৰ মতে, ধুমকেতুটো প্ৰথমবাৰৰ বাবে ২০১৪ চনতে আৱিষ্কাৰ কৰা হৈছিল। তাৰ পিছত ক্ৰমান্বয়ে ২০১৫,২০১৬,২০১৭ আৰু ২০১৮ চনত একেৰাহে দেখা গৈছিল। দূৰবীণেৰে চাওঁতেও ধুমকেতুটো এটা নীলা ৰঙৰ বিন্দুৰ দৰে লাগিছিল, যিটো পৃথিৱীৰ ফালে অহা দেখা গৈছিল। বিজ্ঞানীসকলে ইয়াৰ অধ্যয়নৰ বাবে মাইন’ৰ প্লেনেট চেণ্টাৰলৈ তেওঁলোকৰ প্ৰতিবেদন প্ৰেৰণ কৰিছিল। এই ধুমকেতুটো পৃথিৱীৰ ফালে অহা সৰু গ্ৰহ যে নহয় তাৰো পূৰ্বানুমান কৰিছিল বৈজ্ঞানিকসকলে। এই ধুমকেতু টো ২০৩১ চনৰ জানুৱাৰী মাহত সূৰ্যৰ আটাইতকৈ ওচৰ চাপিব আৰু সেই সময়ত ইয়াৰ দূৰত্ব পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্বৰ ১১ গুণ হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ