--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত প্ৰৱেশ কৰি অভিনেতা ছেইফ আলী খানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। অভিযুক্তৰ নাম বিজয় দাস, তেওঁ এখন ৰেষ্টুৰেণ্টত ওৱেটাৰ হিচাপে কৰ্মৰত। অভিযুক্ত বিজয়ে মুম্বাই আৰক্ষীৰ আগত নিজৰ অপৰাধ স্বীকাৰ কৰিছে। অপৰাধী শাখা আৰু আৰক্ষীৰ দলে অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।

তথ্য অনুসৰি থানে আৰক্ষী জ’ন ৬ ডিচিপি নৱনাথ ধাৱালে আৰু কাছাৰবাদৱলী আৰক্ষীৰ দলৰ যৌথ অভিযানৰ জৰিয়তে থানে (পশ্চিম) হিৰণানন্দনী এষ্টেটত টিচিএছ কল চেণ্টাৰৰ পিছফালে থকা মেট্ৰ’ নিৰ্মাণ স্থানৰ সমীপৰ শ্ৰম শিবিৰত অভিযুক্ত বিজয় দাসক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা গৈছে যে অভিযুক্তই জোপোহাৰ মাজত লুকাই আছিল। ইয়াৰ পূৰ্বে বিজয় দাসে মুম্বাইৰ এখন পাবত কাম কৰিছিল। আজি পুৱা তেওঁক আৰক্ষীৰ ৰিমাণ্ডৰ বাবে আদালতত হাজিৰ কৰা হ’ব।

সংবাদমেলত মুম্বাই জ’ন ৯ৰ ডিচিপি দিক্ষিত গেদামে কয় যে অভিযুক্তৰ নাম মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদ, যাৰ বয়স ৩০ বছৰ। আৰক্ষীৰ মতে, তেওঁ চুৰি আৰু ডকাইতিৰ উদ্দেশ্যেৰে অভিনেতাজনৰ ঘৰত প্ৰৱেশ কৰিছিল। বাংলাদেশৰ পৰা অহা বুলিও সন্দেহ কৰা হৈছে যদিও ছেইফৰ ঘৰত কিয় চুৰি কৰিছিল সেই কথাও উল্লেখ কৰা নাই আৰক্ষীয়ে।

দৰাচলতে তেওঁ কয় যে অভিযুক্তই ছমাহ পূৰ্বে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতলৈ আহিছিল আৰু নাম সলনি কৰি বিজয় দাস কৰিছিল। তেওঁ মুম্বাইৰ এটা হাউচকিপিং এজেন্সীত কাম কৰি আছিল। সেয়েহে আৰক্ষীয়ে তেওঁক বাংলাদেশী মূলৰ বুলি সন্দেহ প্ৰকাশ কৰি এই কথা নিশ্চিত কৰিবলৈ অধিক তদন্ত অব্যাহত ৰাখিছে। অভিযুক্তক আদালতত হাজিৰ কৰা হ’ব আৰু তেওঁৰ জিম্মা বিচৰা হ’ব।

অভিনেতা ছাইফ আলী খানৰ ওপৰত সংঘটিত হত্যাকাণ্ডৰ সৈতে জড়িত আকাশ কননাউজিয়া (৩১) নামৰ এজন লোককো ছত্তীশগড়ৰ দুৰ্গ ৰেল ষ্টেচনৰ পৰা আটক কৰি ৰখা হৈছে। তেওঁ শলিমাৰ জ্ঞানেশ্বৰী এক্সপ্ৰেছেৰে মুম্বাইৰ পৰা হাওৰালৈ গৈ আছিল। 

শনিবাৰে দুৰ্গ আৰ পি এফৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সিনহাই কয় যে,‘মুম্বাই আৰক্ষীয়ে দুৰ্গ আৰ পি এফলৈ এখন ফটো প্ৰেৰণ কৰিছিল, যাৰ ভিত্তিত সন্দেহজনক লোকজনক জেনেৰেল বগীৰ পৰা আটক কৰি ৰখা হৈছিল।’ কিন্তু দুৰ্গ আৰ পি এফৰ দাবী আৰু মুম্বাই আৰক্ষীৰ অস্বীকাৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। মুম্বাই আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই তেওঁক কেৱল সন্দেহজনক বুলি অভিহিত কৰিছে। গভীৰ নিশা দুৰ্গ পালেহি মুম্বাই আৰক্ষীৰ দল। সন্দেহজনক লোকজনক জেৰা কৰাৰ পিছত দেওবাৰে তেওঁক মুম্বাইলৈ অনা হ’ব পাৰে। শুকুৰবাৰে মুম্বাই আৰক্ষীয়েও এজন সন্দেহযুক্ত লোকক আটক কৰে।

আৰক্ষীয়ে আক্ৰমণত ব্যৱহৃত চোকা অস্ত্ৰৰ আনটো অংশও ছেইফৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। অপাৰেচনৰ অন্তত ছেইফৰ কান্ধৰ পৰা এটা ভঙা অংশ আঁতৰাই দিয়া হয়। আৰক্ষীয়ে এতিয়াও লিপিবদ্ধ কৰা নাই ছাইফৰ বক্তব্য।


ছেইফক আক্ৰমণ কৰাৰ পিছত অভিযুক্তই বান্দ্ৰা আৰক্ষী থানাৰ পৰা ২০০ মিটাৰ দূৰত্বত থকা লাকী হোটেল আৰু বান্দ্ৰা থানাৰ সন্মুখত প্ৰায় ৫ ঘণ্টা ধৰি ঘূৰি ফুৰিছিল। লগতে পোহৰলৈ আহে যে আৰক্ষীক এই বিষয়ে পলমকৈ অৱগত কৰা হয়। ইয়াৰ ফলত অভিযুক্তই বান্দ্ৰাৰ পৰা দাদৰলৈ পলায়নৰ সুযোগ লাভ কৰে। ক্ৰাইম ব্ৰাঞ্চৰ সৈতে জড়িত লোকসকলে এফআইআৰ আৰু চিচিটিভিৰ ফুটেজ পলমকৈ পোৱা বুলি জানিবলৈ দিয়ে।

শনিবাৰে ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে সদগুৰু শৰণ বিল্ডিঙত অৱস্থিত ছেইফ আলী খানৰ ঘৰ পৰিদৰ্শন কৰে। কাষৰ বাংলো পেটফিনা আৰু স্কোৱাৰ এভিনিউৰ কাষৰ অট্টালিকাটোও পৰিদৰ্শন কৰা হয়। ক্ৰাইম ব্ৰাঞ্চে কেনেকৈ আৰু ক’ৰ পৰা অভিযুক্ত ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰে সেই কথা জানিবলৈ চেষ্টা চলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ